স্বাধীনতা দিৱস নে উৎসৱ ?
শৈলেন কুমাৰ
মিৰ্জা ( কামৰূপ )
এটা সময় আছিল যেতিয়া স্বাধীনতা দিৱসৰ দিনটোত আমাৰ দেহমন দেশভক্তিৰে ভৰি পৰিছিল ৷ সেইসময়ত স্কুল আৰু অন্য প্ৰশাসনিক কাৰ্য্যালয় সমূহত জাতীয় পতাকা উত্তোলনকে আদি কৰি বিভিন্ন দেশভক্তি মূলক কাৰ্য্যসুচী উদযাপন কৰা হৈছিল ৷ তেতিয়া স্বাধীনতা দিৱসৰ দিনটোৰ এক সুকীয়া মাদকতা আছিল ৷ এতিয়া স্বাধীনতা দিৱসৰ দিনটো উৎসৱত ৰূপান্তৰিত হ’ল ৷ স্বাধীনতাৰ মৰ্ম নজনা বহুতে ১৫ আগষ্টৰ দিনা হাতেহাতে পতাকা লৈ “ ভাৰত মাতা কী জয় ” বুলি শ্লোগান দিয়ে ৷ কিছুমানে আকৌ ১৫ আগষ্ট ১৯৪৭ চনত ভাৰত দেশ স্বাধীন হৈছিল সেয়াও নেজানে ৷ বহুতৰে মতে স্বাধীনতা দিৱস বন্ধৰ দিন ঘূৰিফুৰি ফূৰ্তি কৰি আনন্দত মতলীয়া হ’ব লাগে ৷ জনমানসত বৰ্তমান সময়ত স্বাধীনতা দিৱসৰ এয়াই প্ৰকৃত ছবি ৷ কেতিয়াবা এনে অনুভৱ হয় আমি স্বাধীন নে পৰাধীন ? কাৰণ স্বাধীন দেশত স্বাধীনতা দিৱসৰ অৰ্থ অনৰ্থক ৷ আজি যদি স্বাধীনতা সংগ্ৰামী সকলে দেশৰ এনে দুৰৱস্থা দেখিলে হৈ তেতিয়া হ’লে নিশ্চিতভাৱে দেশৰ বাবে প্ৰাণ আহুতি দিয়াটো অৰ্থহীন বুলি ভাবিলে হৈ ৷ যুৱপ্ৰজন্ম এতিয়া পৰাধীনতাৰ নিচাহত আসক্ত, আমাক এনেদৰে জীয়াই ৰখা হৈছে য’ত উশাহনিশাহ পৰ্যন্ত শোষণকাৰীহঁতৰ হাতৰ মুঠিত ৷ সিহঁতে যিটো আদৰ্শ দেখুৱাইছে আমি সেইফালেই দৌৰিছোঁ কিন্তু আমি নিজকে স্বাধীন বুলি মিছা আশ্বাস লৈ জীয়াই থকাৰ অভিনয় কৰাত ব্যস্ত ৷ আমি এলেহুৱা তাৰবাবে আমি পৰাধীন,আমি লুভীয়া,আমাৰ দেহমন কামুকতাৰে লিপ্ত,আমি যধামূৰ্খ তাৰবাবে আমি শোষিত ৷ স্বাধীন দেশত পৰাধীনতাৰ স্বচ্ছ ৷ যেতিয়ালৈকে আমি নিজে নিজক মুক্ত আৰু স্বাধীন কৰিব নোৱাৰোঁ তেতিয়ালৈকে স্বাধীনতা দিৱস নহয় উৎসৱ হৈয়েই থাকিব ৷ নিজস্ব বান্ধোন বোৰ চিনাক্ত কৰি বান্ধোন মুক্ত হৈ জীৱন কটোৱা মানে স্বাধীনতাৰ বাস্তৱিক মৰ্ম ৷ ভগৎ সিং,কনকলতা,কুশল কোঁৱৰ আদি বোৰে জানিছিল পৰাধীনতা আমাৰ বাস্তৱিক সত্ত্বা নহয় বৰঞ্চ স্বাধীনতা আৰু মুক্তি আমাৰ কাম্য যাৰবাবে দেশৰ বাবে স্বাধীনতা আৰু মুক্তিৰ অৰ্থে নিজস্ব প্ৰাণ আহুতি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল ৷ তেওঁলোক প্ৰকৃত দেশভক্ত আৰু আমি অন্ধভক্ত ৷ দেশভক্তিয়ে সংগ্ৰাম বিচাৰে আৰু অন্ধভক্তিত সমৰ্পিত হৈ শৰণাপন্ন হোৱা যায় ৷ স্বাধীনতা দিৱস হৈছে দেশমাতৃৰ বাবে দেশভক্তিৰ বাবে প্ৰাণ আহুতি দিয়া স্বাধীনতা সংগ্ৰামীসকলক স্মৰণ কৰাৰ দিন ৷ আহক আমি সকলোৱে এইবেলি স্বাধীনতা দিৱসৰ দিনটো ঘূৰিফুৰি মনোৰঞ্জন নকৰি স্বাধীনতা সংগ্ৰামী বীৰসকলৰ বীৰত্বৰ গাথা স্মৰণ কৰোঁ ৷