স্বাধীনতা দিৱস
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
স্বাধীনতা হ’ল জন্মস্বত্ব অধিকাৰ কিন্তু সকলো দেশৰ সেই অধিকাৰ নাছিল ।আমাৰ ভাৰতবৰ্ষ ১৯৪৭চনত ১৫আগষ্টত স্বাধীনতা পাই ,২০০বছৰ ইংৰাজ শাসনৰ পৰা মুক্তি লাভ কৰিছিল । ২৬ জানুৱাৰী গণতন্ত্ৰ দিৱস হিচাপে পালন কৰা হয়। আমাৰ সংবিধানৰ প্ৰস্তুত কৰা ডক্তৰ ভীম ৰাও আম্বেদকাৰ। যাক সংবিধান খনৰ পিতৃ আখ্যা দিয়া হয়। সকলো বিষয়ৰ ধনাত্মক আৰু ঋণাত্মক দিশ থাকে। কিন্তু তাৰ লগে লগে এটি দুখৰ খবৰো ৰৈ আছিল। আমাৰ ভাৰত বৰ্ষ দুটা ভাগত বিভক্ত হৈছিল। হিন্দু/মুছলিম আমাক ধৰ্মৰ নামত বিভক্ত কৰি যোৱা ইংৰাজৰ কূটনীতি অভিসন্ধি সফল হৈছিল। যাৰ কাৰণে এতিয়াও আমাৰ দেশ দুখনৰ মাজত শত্ৰুতা ভাব দেখা যায়। তথাপিও দেশৰ স্বাধীনতা আমাৰ চিৰকাম্য,একতাৰ মাজেৰে আগুৱাই যাব লাগিব ।
ইতিহাস চালে আমাৰ ভাৰত বৰ্ষত মুছলিম,হিন্দু , সকলোৱে ৰাজত্ব কৰিছিল। সেই সময়ত এখন দেশে আনৰ এখন দেশক আক্ৰমণ কৰিছিল। লগতে এখনে আনখন দেশক সহায়ো কৰিছিল।
ইংৰাজ সকলে প্ৰথমে ভাৰত বৰ্ষত বেহা বেপাৰৰ কাৰণে খোপনি পুতিছিল ।পিছত আমাৰ দেশৰ সমাজ ব্যৱস্থা সকলো নিৰীক্ষণ কৰি কৌশলেৰে শাসন ভাৰ নিজৰ হাতলৈ নিয়ে।ইষ্ট ইণ্ডিয়া কোম্পানী নামেৰে তেওঁলোকে শাসন ভাৰ চলাই ইংলেণ্ডৰ ৰাণী এলিজা বেথে।তাৰ লগে লগে এখন এখন কৈ ভাৰত বৰ্ষৰ প্ৰায় ৰাজ্য কোম্পানীৰ অধীন হয়।
কিন্তু “ঝান্সী ৰাণী লক্ষ্মীবাই” ইয়াৰ বিৰোধিতা কৰে।তেওঁৰ নেতৃত্বত ১৮৫৭চনত প্ৰথম চিপাহী বিদ্ৰোহ আৰম্ভ হয় ।এয়াই ভাৰতৰ প্ৰথম এগৰাকী নাৰী যিয়ে ইংৰাজৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল ।নিজৰ ভূমি সুৰক্ষাৰ স্বাধীনতাৰ বাবে প্ৰথমটো খোজ আগবঢ়াইছিল।
“মঙ্গল পাণ্ডে,ভকত সিং “ইত্যাদি অনেক দেশপ্ৰেমিকে, স্বাধীনতাৰ কাৰণে যুজি নিজৰ প্ৰাণ হাঁহি মুখে ত্যাগ কৰিছিল। স্বদেশক মুক্ত কৰাৰ কাৰণে অনেক বীৰৰ গাঁঠা ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ ।
অহিংসাৰ পূজাৰী মহাত্মা গান্ধীৰ অহিংসা আন্দোলন। অসহযোগ,দাণ্ডি যাত্ৰা ইত্যাদি দেশ খন ইংৰাজৰ হাতৰ পৰা মুক্ত কৰাৰ কাৰণে আন্দোলন চলাই । আমাৰ অসমৰ লোক সকলেও এই আন্দোলনত ভাগ লয়।”কনকলতা /ভোগেশ্বৰ ফুকননি /কুশল কোঁৱৰ “ইত্যাদি অনেক আই অসমীৰ সন্তানে দেশৰ বাবে শ্বহীদ হয় ।
“স্বাধীনতা ” শব্দটোত লুকাই থাকে এখন দেশ সুখ সমৃদ্ধি সম্প্ৰীতিৰ আভাষ পোৱা যায়। জনগণৰ জাতীয় সংহতি সুদৃঢ়,দৰিদ্ৰতাৰ মুক্তি ,শিক্ষিত উন্নয়নশীল ৰাষ্ট্ৰ এখন গঢ়ি তুলিবলৈ প্ৰয়াস কৰা । স্বাধীনতা বুলি ক’লে এখন দেশৰ দেশৰ কুটীৰ শিল্পবোৰৰ প্ৰগতি,অস্পৃশ্যতা দূৰী কৰণ, মাদক দ্ৰব্যৰ নিবাৰণ এশ এবুৰী সমস্যাৰ সমাধান। প্ৰগতিশীল চিন্তাধাৰা আগবঢ়াই নিবলৈ চেষ্টা কৰা, তেতিয়া স্বাধীনতাৰ প্ৰকৃত অৰ্থত লাভ কৰিব ।