স্বাধীনতা আন্দোলনত জ্যোতি প্ৰসাদ আগৰৱালাদেৱৰ ভূমিকা – প্ৰাণ প্ৰতিমা বড়া

স্বাধীনতা আন্দোলনত জ্যোতি প্ৰসাদ আগৰৱালাদেৱৰ ভূমিকা
 প্ৰাণ প্ৰতিমা বড়া
গুৱাহাটী
বহুমুখী প্ৰতিভাৰসম্পন্ন সুন্দৰৰ পূজাৰী জ্যোতি প্ৰসাদ আগৰৱালাৰ দেৱে তেখেতৰ সৃষ্টিৰাজি জৰিয়তে ,তেখেতৰ কৰ্মৰাজিৰ জৰিয়তে বহুতো ত্যাগ কৰি গৈছে। জ্যোতি প্ৰসাদে জাৰ্মানী,ফ্ৰান্স,তুৰ্কী,ইৰাণ,ইৰাক আদি বিদেশ ভ্ৰমণ কৰি দেশৰ জীৱন,সংস্কৃতি সভ্যতাৰ বহুখিনি কথা জানি বুজি লৈ ১৯৩০ চনৰ শেষৰ ভাগত ঘৰমুৱা যাত্ৰা আৰম্ভ কৰি ১৯৩১ চনৰ আগভাগত তেওঁ অসম পালেহি। সেইসময়ত তেজপুৰত দেশভক্ত তৰুণৰাম ফুকনৰ সভাপতিত্বত অসম ছাত্ৰ সন্মিলন চলি আছিল। জ্যোতিপ্ৰসাদো এই সন্মিলনত যোগদান কৰে। দেশজুৰি চলা আইন অমান্য আন্দোলনে জ্যোতিপ্ৰসাদকো অস্থিৰ কৰি তুলিছিল। তেজপুৰৰ সংগ্ৰামী জনতাই তেওঁক তেজপুৰ শাখা কংগ্ৰেছ সেৱাদলৰ সম্পাদকৰ আসন দিলে। জ্যোতিপ্ৰসাদৰ নেতৃত্বত অসমৰ কংগ্ৰেছ দলৰ শীৰ্ষ নেতাসকলে এক বিশাল শোভাযাত্ৰা আয়োজন কৰি তেজপুৰৰ পুলিচ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ পৰিকল্পনা কৰিলে। তেজপুৰত অসম ছাত্ৰ সন্মিলনৰ লগত জড়িত থকাৰ সময়ত তেওঁ বহুতো দেশপ্ৰেমমূলক গীত ৰচনা কৰিলে ।তেওঁৰ গীতত সুৰ দিছিল বিষ্ণুপ্ৰসাদ ৰাভা আৰু কমলা প্ৰসাদ আগৰৱালাই ।সেইসময়ত ৰচনা কৰা গীতসমূহৰ ভিতৰত আছিল—–
“ কোন কোন আহিছ আইক পূজিবলৈ
আইৰ পূজাৰ বেলি হ’ল!
সাজু হ’বৰে হ’ল ডেকা ল’ৰা!
সাজু হ’বৰে হ’ল’’৷
আইন অমান্য আন্দোলনত গুৰি ধৰি শোভা যাত্ৰাৰ আয়োজনত জ্যোতিপ্ৰসাদে আগ-ভাগ ল’লে ৷ইংৰাজ চৰকাৰে তেওঁ বিপদজনক ব্যক্তি বুলি ধৰি লৈ ১৯৩২ চনত পুলিচে তেওঁক গ্ৰেপ্তাৰ কৰে। ৰাষ্ট্ৰবিৰোধ কামত লিপ্ত থকা বুলি অপৰাধী সজাই তেওঁক পোন্ধৰ মাহৰ বাবে কাৰাদণ্ড বিহিলে।
জ্যোতিপ্ৰসাদক তেজপুৰ কাৰাগাৰত অলপ দিন ৰাখি শিলচৰ কাৰাগাৰলৈ পঠিয়াই দিলে। তাতে ঋতুজনিক ৰোগত আক্ৰান্তহৈ জ্যোতিপ্ৰসাদ দুৰ্বলহৈ পৰিল ৷জ্যোতিপ্ৰসাদে নিঃস্বাৰ্থ দেশপ্ৰেমৰ বাবে নিজৰ মনোবল হেৰুৱাই নেপেলাইছিল। তেওঁৰ অন্তৰৰপৰা দেশপ্ৰেমমূলক গীতৰ সোঁত বলিছিল। তেওঁৰ অন্তৰৰপৰা নিগৰি আহিছিল—–
“শক্তি পুত্ৰ মই
ভক্তি বুকুত লৈ
মুক্তি প্ৰয়াসী তই
অৰ্জন মই,গাণ্ডীবী মই
ময়েই ধনঞ্জয়- মৃত্যু কৰিছো জয়
ময়ে অসমৰ
ময়ে ভাৰতৰ
  ময়ে ডেকা ল’ৰা ল’ৰা অগ্নিময়’’৷
 ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনে গোটেই ভাৰততে গা কৰি উঠিছিল। জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত গোটেই ভাৰততে এই আন্দোলনে গা কৰি উঠিছিল ।’কৰেংগে ইয়া মৰেংগে’ বাণী অন্তৰত লৈ আন্দোলনকাৰীসকল আন্দোলনত জপিয়াই পৰিছিল ।এই আন্দোলনতে কনকলতা,মুকুন্দ কাকতি,ভোগেশ্বৰী ফুকণনী আদিয়ে শ্বহীদ হৈছিল। সেইসময়তে জ্যোতিপ্ৰসাদে ’অসম শান্তি বাহিনী’ নামেৰে এটা সংগঠন গঢ়ি তুলিবলৈ আগভাগ লয়। তেওঁ অসমৰ ইমুৰৰ পৰা সিমুৰলৈ ঘূৰি ফুৰি বিপ্লৱী গীত গাই ডেকা চামৰ মাজত ’মৃত্যু বাহিনী’ গঠন কৰি সৎ সাহসেৰে আগবাঢ়ি ইংৰাজসকলক খেদিবলৈ অপ্ৰাণ চেষ্টা কৰিছিল। ডেকাসকলক আগুৱাই আনিবলৈ তেওঁ এনেদৰে গাই শুনাইছিল—–
‘সাজু হ ,সাজু হ নৱ জোৱান
  সাজু হ, সাজু হ , নৱ জোৱান
আৰু তেওঁ গাইছিল–
‘বিশ্ব বিজয়ী নৱ জোৱান
  বিশ্ব বিজয় নৱ জোৱান
  শক্তিশালী ভাৰতৰ,
  ওলাই আহা ওলাই আহা
  সন্তান তুমি বিপ্লৱৰ৷৷’’
সেই সময়তে জ্যোতিপ্ৰসাদে ‘লভিতা’ নামৰ এখন সামাজিক নাট ৰচনা কৰে। দেশপ্ৰমী বিপ্লৱী জ্যোতিপ্ৰসাদক আটক কৰিবলৈ চৰকাৰৰ পুলিচ মিলিটেৰী উঠিপৰি লাগিল। জ্যোতিয়ে আত্মগোপন কৰিবলৈ কলিকতালৈ গুছি গ’ল ।আত্মগোপন কৰি থকাৰ সময়তো চিঠি পত্ৰৰ আদান – প্ৰদানেৰে তেওঁ বিপ্লৱী ডেকাসকলক পৰিচালনা কৰিছিল।
১৯৪৩ চনত মহাত্মা গান্ধীৰ নিৰ্দেশক্ৰমে অজ্ঞাতবাসৰ পৰা ওলাই আহি তেওঁ তেজপুৰ আদালতত আত্মসমৰ্পণ কৰে ,ব্ৰিটিছ চৰকাৰে জ্যোতিপ্ৰসাদৰ বিৰুদ্ধে কোনো সাক্ষী নোপোৱাত আদালতে তেওঁক বিনাচৰ্তে মুক্তি দিয়ে ৷এনেদৰেই এইজনা মহান শিল্পীয়ে তেওঁৰ সৃষ্টিৰাজিৰ ,কৰ্মৰাজিৰ জৰিয়তে স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল।