স্বাগতম নৱবৰ্ষ
এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা
চাওঁতে চাওঁতে পুৰণি বৰ্ষই
মেলানি মাগিলে,
নৱবৰ্ষই সেউজীয়া পৃথিৱীলৈ
ভুমুকি মাৰিলে।
বিদায়ী বৰ্ষত কি পালোঁ, কি হেৰুৱালোঁ
পোৱা-নোপোৱা সেইখিনিৰ বাবে
দুখ বা বেজাৰ পাব নালাগে।
মানুহ আশাবাদী ন দিনৰ ন প্ৰভাতলৈ,
এই ন প্ৰভাতে ন বতৰা দিব
সিঁচিব নতুন আশাৰ কঠিয়া
সেউজীয়া পৃথিৱী সজীৱ হ’ব।
নৱবৰ্ষত বনভোজৰ জোৱাৰ
কিন্তু বনভোজ বুলিলে কি যে এক
ভয়লগা উচ্ছৃংখল দৃশ্য
‘ডিজে’ৰ কি যে আৰ্তনাদ!
তাতে আকৌ ভূতৰ ওপৰত দানহ
নিচা জাতীয় দ্ৰব্যৰ পয়োভৰ
এক অসহনীয় পৰিৱেশৰ সৃষ্টি
নিদিয়ে কোনেও তালৈ দৃষ্টি।
নৱবৰ্ষত গ্ৰীটিংছৰ কি যে পয়োভৰ
ধুনীয়া গ্ৰীটিংছ দিবলৈ হেতা-ওপৰা
ডিজিটেল যুগত সকলো ডিজিটেল হয়
নৱপ্ৰজন্মই গ্ৰীটিংছ চিনিয়ে নেপায়।
তথাপি আমি আদৰিব লাগিব নৱবৰ্ষক
ন উলাহেৰে পৃথিৱীখন সেউজীয়া হওক
সেউজীয়া শান্তিৰ প্ৰতীক
সকলোতে প্ৰেমেৰে উপচি পৰক।
বেমাৰ-আজাৰ,হিংসা-দ্বেষ মুক্ত
এক নতুন পৃথিৱীৰ আগমন হওক
এই নৱবৰ্ষত উপচি পৰক
মন ভাললগা খবৰে
আপোনাৰ ভালে আমাৰ ভাল।
নৱবৰ্ষত হিয়াভৰা শুভ কামনাই
সকলোৰে জীৱনলৈ আনক কঢ়িয়াই
সুখ, শান্তি আৰু সমৃদ্ধিৰ বতৰা
প্ৰতিটো দিন হওক হাঁহিৰ ৰহঘৰা।