স্বপ্নভিলাষী নৱবৰ্ষ  – বুলমণি বৰি 

স্বপ্নভিলাষী নৱবৰ্ষ 

বুলমণি বৰি 

নৱ বৰ্ষৰ ন প্ৰভাতে
কঢ়িয়াই আনক সঞ্জীৱনী সুধা
কলিজাত সাৰে থাকক
এখন প্ৰেমৰ চহৰ
প্ৰেম আৰু বিশ্বাসৰ ভেটিত
বাস্তৱায়িত হওক সাঁচতীয়া সপোন
দিনাংকবোৰে ঢালি দিয়ক
অমৃত সুধা
ডায়েৰিৰ পাতত লিপিবদ্ধ নহওক
আপোনজনৰ আঘাত
বুকুৰ চন্দুকত সাঁচিব লগা নহওঁক
অকথিত কাহিনী
সময়ৰ গতিত আগুৱাই গৈছে
জীৱনৰ খোজ
বতাহৰ দিশত
জীৱন চাকিৰ জ্যোতি
কুকুৰা ডাকত ৰাতিপুওৱাৰ যন্ত্ৰণা
আভিজাত্যৰ অলংকাৰ
 ঘড়ীৰ টং টং শব্দত
ৰাতিপুওৱাৰ বিলাসীতা
এই সকলোবোৰ
একেই সাধুকথা
ৰহস্যময় সময়ৰ বুকুত
জীৱনে আত্মসমৰ্পন কৰিব
নোৱাৰে কোনেও ধৰি ৰাখিব
সময় সীমাতকৈ বেছি
জীৱন জীয়াৰ হাবিয়াস
সেয়ে
প্ৰেম প্ৰীতি শ্ৰদ্ধা ভক্তি উদাৰতাৰে
জীৱন নদীৰ সোঁতত মেলি দিয়ক
জীৱনৰ পানচৈ।