স্থিতপ্ৰজ্ঞ
অমূল্য চেতিয়া
দোপালপিটা বৰষুণে তোমাক
তিয়াই যাব নোৱাৰে
ৰঙীন ছাতিটোৰ কি প্ৰয়োজন!
মৰুভূমিৰ প্ৰচণ্ড উত্তাপে তোমাক
দহি তৃষ্ণাতুৰ কৰিব নোৱাৰে
মৰীচিকাৰ সন্ধান কিয় প্ৰয়োজন!
ভোকে কাবু কৰি তোমাক
পদচ্যুত কৰিব নোৱাৰে
পেটত বন্ধা গামোচাৰ কিয় প্ৰয়োজন!