স্তবক – নৱযানী বৰুৱা শইকীয়া

PC - B&C Camera

   স্তবক 

নৱযানী বৰুৱা শইকীয়া, ডিগবৈ

এৰো বুলিও এৰিব নোৱাৰা যিবোৰ ব্যাথ্যা
পলকতে এৰি যায়
হাতৰ মুঠি খোল খাই
ৰাখিবৰ সদিচ্চা নিমিষতে হেৰায়।
সপোন দেখুৱাই আদবাটতে সাৰপাই
চকু মেলি চাই
চোলাৰ জেপত হাত ভৰাই
সপোন সপোন বোলোতেই
পকেট শুকায়।।
মৰীচিকা বুলি ভবা খিনি পানীয়েই আছিল
দূৰৰ পৰাই জিলিকণি চাই
চকুক বিশ্বাসৰ মাজত উপঙাই
নিতিতাকৈ আছে বুলি খপজপাই
ঘূৰি চাই দেখে
মৰীচিকা সদৃশ পানীত ডুব যায়।।