সৌন্দৰ্য্য,আনন্দ, আধ্যাত্মিকৰ সমন্বয়- হোলী বা দৌল উৎসৱ – মানসী মিশ্ৰ

সৌন্দৰ্য্য,আনন্দ, আধ্যাত্মিকৰ সমন্বয়- হোলী বা দৌল উৎসৱ

মানসী মিশ্ৰ

শুকান বতাহজাকে

পাতবোৰ উৰুৱাই নিয়ে

ৰাংঢালি চৰাইবোৰে গছৰ ডালত পৰি

জুনুকাৰ জুনজুননিত

সাৰ পায় কুঁহিপাতে

ৰাতিপুৱাই আলিবাটত খোজ দিওঁতে শুকান সৰাপাতৰ খচমচ শব্দই মনটোক জোকাৰি থৈ গ’ল ফাগুন আহিছে বুলি। জকে মকাই ফুলি থকা শিমলুবোৰেও ইঙ্গিত দিছে ফাগুন আহিছে। সঁচাকৈয়ে এয়া ফাগুনৰ বতৰ। চঞ্চলা ফাগুনে কাৰোবাৰ আচল উৰুৱাই লৈ যায়, কাৰোবাৰ গাত মৰমেৰে সানি দিয়ে ধূলিৰ প্ৰলেপ। সকলোতে এতিয়া ফাগুনৰ উন্মনা বতৰ। ফাগুন আহিছে জীৱন বনৰ ডালে ডালে কোঁহ মেলি ফাগুন আহিছে। ফাগুনৰ এই মন উতলা কৰা মাদকতাময় পৰিৱেশৰ মাজতে আবিৰৰ ৰঙা, নীলা, বেঙুনীয়া ৰঙবোৰে প্ৰতিগৰাকী হৃদয়বান মানুহৰ মনত ক’ব নোৱাৰাকৈয়ে জগাই তোলে এক অবুজ শিহৰণ। ফাকুঁৱা তথা দৌলউৎসৱৰ আগমনে আবিৰৰ ৰঙবোৰৰ দৰেই প্ৰতিজন মানুহৰ হৃদয় ৰঙীন কৰি তুলিছে। ফাঁকুৱা উৎসৱ যৌৱনৰ উৎস, ৰঙ আৰু আনন্দৰ উৎসৱ। পলাশ শিমলুৰ তেজ ৰঙা ৰঙ, তলসৰা শুকান পাতৰ শব্দ, ফাঁকুগুৰিৰ ৰঙবোৰে বসন্ত অহাৰ আগজাননী দিয়ে। এই ফাঁকুৱাৰ সময়তে মতলীয়া হয় প্ৰকৃতি, কিহৰ সন্ধানত কাক বিচাৰি হাঁহাকাৰ কৰি উঠে এনেকুৱা সময়তে। থুপি থুপি প্ৰকৃতিৰ ৰূপ আৰু আবিৰৰ ৰঙৰ মাধুৰ্য্যই আকাশে বতাহে ছটিয়াই দিয়ে এই সময়তে। এই ফল্গু উৎসৱৰ সময়ত প্ৰকৃতি অপৰূপ ৰূপ সুষমাৰে জাতিষ্কাৰ হৈ উঠে। ফাঁকু গুৰি হাতত লৈ তগৰ ফুল, ৰবাব টেঙাৰ গছৰ তলেৰে পাৰ হৈ যাওঁতে এইবোৰৰো যে ইমান সুগন্ধি থাকে তেতিয়াহে উপলব্ধি কৰিব পাৰি।

ফাগুনৰ বুকুতে লুকাই থাকে সৃষ্টিৰ প্ৰতিশ্ৰুতি আৰু আছে জীৱন আৰু প্ৰকৃতি কিমান অন্তৰতা তাৰ উপলব্ধি। ৰ’দ জিলমিল আকাশৰ তলেদি ফাঁকুগুৰি হাতত লৈ ছটিয়াই ছটিয়াই উপলব্ধি কৰিব পাৰি জীৱন আৰু সৃষ্টিৰ সুন্দৰতা। ৰঙ আৰু আনন্দৰ উৎসৱ ফাঁকুৱাৰ লগত আধ্যাত্মিক ভাবটোও নিহিত হৈ পৰিছে। কেৱল অসমতেই নহয়, ভাৰতৰ চুকে কোণেও এক সাৰ্বজনীন আনন্দৰ উৎসৱৰূপে সমাদৃত হৈ আহিছে ‘হোলী’ বা ‘ফাঁকুৱা’ উৎসৱ। অসমৰ সত্ৰনগৰী বৰপেটাত এই ফাঁকুৱা উৎসৱৰ এক সুকীয়া, মৰ্য্যাদা, ঐতিহ্য,গৰিমা আৰু স্বকীয় আকৰ্ষণ আছে। এই আকৰ্ষণৰ মূলতেই আছে উৎসৱটোৰ লগত সাঙোৰ খাই থকা পৰম্পৰাগত ঐতিহ্যৰ চাপ, আনুষংগিক সাংস্কৃতিক উপাদানৰ বৈভৱ। এহাতে গুৰুগম্ভীৰ ৰূপত পালিত হোৱা ধৰ্মীয় উৎসৱসমূহৰ ভিতৰত দৌলউৎসৱ এক সাৰ্বজনীন উৎসৱ। এই পবিত্ৰ উৎসৱৰ সময়ত মানুহে আবিৰৰ বোল সানি সানি হোলী গীতৰ তালে তালে মিলি যায় আনন্দলোকৰ সতে। মহামিলনৰ পীঠস্থান বৰপেটাৰ দৌলউৎসৱ অসমৰ ইতিহাসৰ এক চিৰাচৰিত ৰূপ। বসন্তৰ প্ৰথম পৰশতেই ফাগুনৰ আঁচলত ধৰি উৰি উৰি অহা এই দৌলউৎসৱ সমগ্ৰ বৰপেটাৰ বাবে গৌৰৱময় পৰম্পৰা। এই দৌলৎসৱ অসমৰেই হৈ থকা,অসমৰ চাৰিসীমাতেই আবদ্ধ নহয় এই উৎসৱ। বৰপেটাৰ দৌল উৎসৱ এক সৰ্বভাৰতীয় পৰ্য্যায়ৰ উৎসৱ ৰূপে স্বীকৃতি লাভ কৰিছে।

শ্ৰীমন্তশংকৰদেৱে তেওঁৰ সমগ্ৰ ঐশ্বৰিক শক্তিৰে প্ৰতিষ্ঠা কৰা অন্যান্য পীঠস্থান সমূহতো দৌল উৎসৱৰ একেই সমাহাৰ, একেই আনন্দ। বৰপেটাৰ দৌলউৎসৱ আয়োজনৰ মাদকতাই সুকীয়া। ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰাও হেজাৰ হেজাৰ ভক্ত প্ৰাণ লোকৰ আগমন ঘটে। বৰ্তমান সময়ত বৰপেটাৰ দৌলৎসৱক কেন্দ্ৰবিন্দু হিচাপে লৈ বিদেশী পৰ্য্যটকৰো আগমন ঘটিবলৈ লৈছে। আতচবাজীৰ পোহৰত সমগ্ৰ বৰপেটা চহৰত এক নান্দনিক পৰিৱেশৰ সৃষ্টি হয়। আকাশে বতাহে হোলীৰ ৰঙেৰে উদ্ভাষিত হৈ উঠে বৰপেটা চহৰ। ইয়াৰোপৰি দৌলৎসৱৰ লগত প্ৰাণস্পৰ্শী… হোলী গীতবোৰৰ এক অংগাংগী সম্পৰ্ক আছে। এই গীতসমূহে আকাশবতাহ মুখৰিত কৰি তোলে। হোলী গীতৰ সুৰৰ মূৰ্চ্ছনাই প্ৰতিজন লোকৰ হৃদয়ৰ কোঁহে কোঁহে স্পৰ্শ কৰি যায়। এইসমূহ অসমীয়া লোক সাহিত্য আৰু সংস্কৃতিৰ অন্যতম আধাৰ। ইয়াত নিহিত হৈ থকা আধ্যাত্মিক ভাৱৰ গভীৰতা ইমান বেছি যে হোলীগীত দৌলৎসৱৰ আনন্দ, আধ্যাত্মিকতা, সৌন্দৰ্য্যত এক সুকীয়া মাত্ৰা প্ৰদান কৰে।

আজি ৰঙে ৰঙে একাকাৰ

আহা ভাই খেলো হোলী

মিলি সবে প্ৰাণে প্ৰাণ

আজি ৰঙে ৰঙে একাকাৰ

বৰপেটা বৰধামে/চৌদিশে

ফাঁকু উৰে

আবিৰ চন্দন বন্দনাত আজি

ৰঙে ৰঙে একাকাৰ

এই হোলী বা ফাঁকুৱা এক ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ উৎসৱ। আমাৰ ৰাষ্ট্ৰখনৰ প্ৰায় সকলো প্ৰান্তৰ লোকে ‘হোলী’ বা আনন্দ উৎসৱত মিলিত হয়। ঠিক একেদৰেই আমাৰ ৰাজ্যখনত বৰপেটাৰ উপৰিও উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰ, বৰদোৱা থান, মাজুলী, সৰভোগৰ গৰখীয়া গোসাই থান আদিত উলহ মালহেৰে হোলী উদযাপন কৰা হয়। বৰদোৱা থানৰ দুখন ঐতিহ্যপূৰ্ণ সত্ৰ শ্ৰী শ্ৰী নৰোৱা সত্ৰ আৰু শ্ৰীশ্ৰী শলগুৰি সত্ৰত ফাগুনৰ পূৰ্ণিমা তিথিত উলহমালহেৰে ৰঙৰ উৎসৱ পালন কৰে। ফাঁকুৱাৰ সময়ত এই স্থান সমূহ পৰিণত হয় মহামিলনৰ তীৰ্থত। সমগ্ৰ ৰাজ্যৰ কিশোৰ কিশোৰী, ডেকা গাভৰুৰ পৰা কণ কণ শিশু সকলো সমবেত হয় এই মহামিলনৰ সমন্বয়স্থলীত। প্ৰতিবছৰে ফাগুনৰ দৌলপূৰ্ণিমাত উদযাপিত এই ফাকুৱা উছৱ আনন্দ উছৱ,ৰঙৰ উছৱ। দুদিনৰ পৰা চাৰি/পাঁচদিনীয়া কাৰ্যসূচীৰে আযোজিত উৎসৱে মানুহক যে কেৱল আনন্দই দিয়ে এনে নহয়। আধ্যাত্মিকভাবৰো সৃষ্টি হয় আৰু লগতে ভিন্নজনগোষ্ঠীৰ মানুহৰ মাজত সমন্বয় সাধনতো সহায় কৰে। শিশুৰ পৰা যুৱক, বৃদ্ধ সকলো পৰ্য্যায়ৰ লোকে এই আনন্দৰ উৎসৱত মতলীয়া হয় সেইবাবে উছৱৰ দিন কেইটা যাতে কোনো হানি বিঘিনি নোহোৱাকৈ শান্তি পূৰ্ণভাৱে পাৰ হয় সেই ক্ষেত্ৰত সকলোৰে দ্বায়িত্ব থাকে। হোলী বা ফাঁকুৱা আনন্দৰ উৎসৱ, ভাতৃত্বৰ উৎসৱ। গতিকে আনন্দ কৰাৰ নামত কোনো কোনোৱে বিজতৰীয়া সংস্কৃতিৰ পোহাৰ মেলি এই উৎসৱৰ গৰিমাত আঘাট নহয় তাৰ প্ৰতি সমাজ খনত বাস কৰা জ্যেষ্ঠ, কনিষ্ঠসকলো লোকেই লক্ষ্য ৰাখিব লাগে। ফাঁকুৱা নানাৰঙী আবিৰৰ হে উছৱ। কিন্তু আজি কালি বহুতেই আনন্দত আত্মহাৰা হৈয়েই নে বিকৃত ৰুচিৰ বশৱৰ্ত্তী হৈ নানা সস্তুীয়া ৰং য’ত অপকাৰী দ্ৰব্য মিহলি থাকে, আলকটৰা, ব্লিচিং পাউদাৰ আদিও মানুহৰ গাত সানি দিয়া দেখা যায়। ইয়াৰ যোগেদি উছৱৰ নিৰ্ভীক আনন্দ ম্লান হোৱাৰ লগতে মানুহৰ অসংস্কৃতিৱান মনটোৰ পৰিচয় পোৱা যায়। বহুতেই আকৌ অত্যাধিক সুৰাসেৱন কৰি মানুহৰ ঘৰত ফাঁকু দিবলৈ আহি অথবা ৰাজহুৱা স্থানতো নানা উদভাঙালি কৰা ঘটনা বিভিন্ন ঠাইত ঘটি থাকে। ইয়াৰ ফলত তৎক্ষণাত মানুহৰ মাজত কাজিয়া পেচাল, মাৰপিটৰ সৃষ্টি হয় আৰু বহু সময়ত অনেক দুৰ্ঘটনাও সংঘটিত হয় হোলীৰ এই কেইটা দিনত। সেইবাবে আমি প্ৰতিজন ব্যক্তিয়ে ধৈৰ্য্য আৰু সংযমেৰে হোলী উছৱৰ আনন্দত বিলীন হবলৈ চেষ্টা কৰিব লাগে যাতে এই উছৱৰ ঐতিহ্য , গৰিমা সম্পূৰ্ণ অটুট ৰাখিব পৰা যায়।

এইদৰেই খেয়ালী প্ৰকৃতিৰ বুকুত প্ৰতিবছৰে অহা ফাঁকুৱা বা হোলীয়ে যাতে কেৱল আনন্দ আৰু ভাতৃত্বৰ ভাব বিলাই দিব পাৰে, সেই দিশটোৰ প্ৰতি আমি সকলোৱে সচেষ্ট আৰু সচেতন হ’ব লাগে। অসূয়া অশান্তি বিশৃঙ্খলতা আদিয়ে বহুত মানুহৰ পৰিয়াললৈ, ব্যক্তিগত জীৱনলৈ অন্ধকাৰ নমাই আনে । সেয়েহে প্ৰতিটো উৎসৱ আনন্দৰ মুহুৰ্তত সমাজত ঘটিব পৰা নেতিবাচক দিশসমূহ এৰাই চলিলেহে উৎসৱৰ মূহুৰ্তবোৰ সুন্দৰতাৰে ভৰি পৰে। ৰাজ্যখনত সকলো সত্ৰতে উলহ মালহেৰে পালন কৰা হোলী উৎসৱত আধ্যাত্মিকভাবৰ লগতে সত্ৰৰ সুকীয়া ঐতিহ্য, পৰম্পৰা নিহিত হৈ আছে। বৰপেটাত অনুষ্ঠিত হোলী উৎসৱে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত স্বীকৃতি লাভ কৰিছে আৰু বছৰ বছৰ ধৰি সম্প্ৰীতিৰ বাহক হিচাপে কাম কৰি আছে। আশা কৰিব পাৰি বৰপেটাৰ দৌলৎসৱে অসমীয়ালোক সাহিত্য আৰু সংস্কৃতিৰ অনন্য উপাদান হিচাপে স্বীকৃতি লাভ কৰিব।