সোৱণশিৰি নদীৰ চানং কলনিৰ পৰা লুইত খাৱলু ঘাটলৈ মথাউৰিৰ শুভ উদ্বোধন জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাৰ
বিকাশ শইকীয়া , মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ লুইত খাবলু অঞ্চলত সোঁৱণশিৰি নদীৰ পাৰত নতুনকৈ নিৰ্মাণ কৰিব লগা প্ৰায় ১৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰিৰ নিৰ্মাণৰ শুভাৰম্ভ কৰি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিযুষ হাজৰিকাই স্থানীয় ৰাইজক উদ্দেশ্যি ৰখা বক্তব্যত বিগত লোকসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই লোহিত খাৱলুত সোঁৱণশিৰি নদীৰ পাৰত ২৪ কোটি টকাৰ ব্যয়েৰে ১৭ কিল’মিটাৰ দৈৰ্ঘ্যৰ মথাউৰি নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিকতাৰ বাবেই মাজুলীৰ ৰাস্তা-পথৰ দ্ৰুত উন্নয়ন সম্ভৱপৰ হৈছে বুলি মন্তব্য আগবঢ়ায় বৰ্তমানৰ ৰাজ্য চৰকাৰখনে প্ৰতিশ্ৰুতি প্ৰদান কৰি আখৰে আখৰে প্ৰতিশ্ৰুতি পালন কৰাৰ কথা উল্লেখ কৰে।
বিগত বাৰিষাত মাজুলীৰ জুগুণিধাৰীত ব্ৰহ্মপুত্ৰৰ মথাউৰি বিচ্ছিন্ন হোৱাৰ সময়ত জলসম্পদ বিভাগে দিনে ৰাতিয়ে কাম কৰি মথাউৰি মেৰামতি কৰা বুলি মন্তব্য কৰি মন্ত্ৰী গৰাকীয়ে কয় ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনৰ আন্তৰিকতা থকাৰ বাবেহে মাজুলীত চিঙাৰ মাথো ২০/২২ টা দিনৰ ভিতৰতে বিভাগে ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ মেৰামতি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে। প্ৰথমবাৰ মাজুলীলৈ আহোতে কমলাবাৰী ঘাটৰ পৰা কমলাবাৰী চাৰিআলি পাওঁতে ৪০ মিনিট লাগিছিল কিন্তু এতিয়া ৫ মিনিটৰ ভিতৰতে কমলাবাৰী ঘাটৰ পৰা কমলাবাৰী চাৰিআলি পাই। নিৰ্মাণৰ শুভাৰম্ভ কৰা এই মথাউৰিৰ দ্বাৰা নদীদ্বীপ জিলাখনৰ এক বৃহৎ অঞ্চল আগন্তুক দিনত বানপানীৰ পৰা মুক্ত হ’ব পাৰিব বুলি সকলোৱে আশা ব্যক্ত কৰে। অনুষ্ঠানত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা , স্থানীয় বিধায়ক ভূৱন গাম , জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক , জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাসৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।