সোণাপুৰত দুৰ্ঘটনাগ্রস্ত গেছ পৰিবাহী বাহন

সোণাপুৰত দুৰ্ঘটনাগ্রস্ত গেছ পৰিবাহী বাহন

ৰঙিলী বাৰ্ত্তাসেৱা-  এটা দুৰ্ঘটনাৰ পিছতে সোণাপুৰত এতিয়া আতংকময় পৰিৱেশে বিৰাজ কৰিছে। এখন এলপিজি পৰিবাহী টেংকাৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নিৰ্গত হৈ আছে গেছ। প্ৰায় আঢ়ৈ ঘণ্টা ধৰি টেংকাৰখনৰ পৰা গেছ নিৰ্গত হৈ থকাৰ ফলত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত। ONGCৰ বিশেষজ্ঞৰ দলে নিৰ্গত হৈ থকা গেছ বন্ধ কৰাৰ চেষ্টা চলাইছে। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীও উপস্থিত হৈছে। এই ঘটনাৰ ফলত এতিয়া যিকোনো মুহূৰ্ততে ভয়ংকৰ বিপদ সংঘটিত হোৱাৰ আশংকা কৰা হৈছে।একক পথযুক্ত কৰি দিয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথছোৱা। দুৰ্ঘটনাস্থলীত উপস্থিত এম্বুলেন্স।