সোণাপুৰত ‘আল্লা হু আকবৰ’ ধ্বনি দি আৰক্ষীক আক্ৰমণ

সোণাপুৰত ‘আল্লা হু আকবৰ’ ধ্বনি দি আৰক্ষীক আক্ৰমণ

ৰঙিলী বাৰ্ত্তাসেৱা-  শান্তিপূর্ণভাৱে চলি থকা সোণাপুৰৰ কচুতলীৰ আৰক্ষী-প্ৰশাসনৰ উচ্ছেদৰ চতুর্থ দিনা বৃহস্পতিবাৰে হঠাতে ভয়ংকৰভাৱে হিংসাত্মক হৈ পৰিছিল। আৰক্ষী-প্ৰশাসনৰ শান্তিপূর্ণ উচ্ছেদ অভিযানক অবৈধ দখলকাৰীয়ে সুপৰিকল্পিতভাৱে হিংসাত্মক ৰূপ দি আৰক্ষীক  সশস্ত্ৰ আক্ৰমণ কৰে। ক্ৰমশঃ পোহৰলৈ আহিছে অবৈধ দখলকাৰীৰ আচম্বিত আক্ৰমণৰ আঁৰৰ কথা। এক সূত্ৰই প্ৰকাশ কৰা মতে, বুধবাৰে নিশাই উচ্ছেদ অভিযানত জড়িত আক্রমণৰ ব্লুপ্রিন্ট ৰচনা হৈছিল। অভিযানকাৰী আৰক্ষীক শ’লঠেকত পেলাই ৰাজ্য চৰকাৰক বিব্রত কৰাৰ বাবেই এই ব্লুপ্রিন্ট ৰচনা কৰা হৈছিল। প্ৰকাশ পোৱা মতে এক অজ্ঞাত স্থানত হোৱা গোপন বৈঠকৰ সিদ্ধান্তমৰ্মেই কচুতলীৰ বেদখলকাৰীৰ একাংশ মাতব্বৰলৈ নিশাই আৰক্ষীক আক্ৰমণৰ বাৰ্তা প্ৰেৰণ কৰা হৈছিল। আনকি এই আক্ৰমণৰ বাবে নগদ ধন সংগ্ৰহ কৰাৰো ব্যৱস্থা কৰা হৈছিল। এই ব্লুপ্রিন্টমর্মেই পিছদিনা অর্থাৎ বৃহস্পতিবাৰে সন্দেহযুক্ত বাংলাদেশী বেদখলকাৰীয়ে উচ্ছেদ চলাবলৈ যোৱা আৰক্ষীক যাঠী-জোং, লাঠী, শিলগুটিৰে আক্ৰমণ কৰে। উল্লেখ্য যে উচ্ছেদ অভিযান চলোৱা আৰক্ষীক আল্লা হু আকবৰ ধ্বনি দি তিনি ফালৰ পৰা হাজাৰ হাজাৰ বেদখলকাৰীয়ে আক্রমণ কৰে। আক্ৰমণকাৰীসকলৰ আক্রমণ ইমানেই সংঘবদ্ধ আৰু পৰিকল্পিত আছিল যে আৰক্ষীয়ে তৰ্কিব পৰাৰ আগতেই সেই আক্ৰমণত আৰক্ষীৰ শীৰ্ষ বিষয়াসহ কেইবাজনো আৰক্ষী আহত হয়। উল্লেখ্য যে এক নং কচুতলী আৰু সোণাপুৰ পথাৰত একাংশ লোকে চৰকাৰী ভূমি, সংৰক্ষিত চৰণীয়া পথাৰ আৰু জনজাতীয় আবেষ্টনীৰ ভূমিত একাংশ সন্দেহজনক লোকে বেদখল কৰি বসবাস কৰি আছিল। এই বিষয়টোৱে অঞ্চলটোৰ সচেতন লোকসকলক চিন্তিত কৰিছিল। আৰু ইয়াৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছিল। তাৰ পিছতে বিগত চাৰি দিন ধৰি অঞ্চলটোত উচ্ছেদ কার্য চলায় জিলা প্রশাসনে। উচ্ছেদিত সময়ত কোনো অপ্রীতিকৰ ঘটনা হোৱা নাছিল। ১৪৮ বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰা হয়। উচ্ছেদিতসকলক সেই স্থান খালী কৰি দিবলৈ কোৱা হৈছিল। কিন্তু উচ্ছেদিতসকলে সেই ঠাই ত্যাগ নকৰি তাতেই বাহৰ পাতি আছিল। এই বিষয়টোৱে চিন্তিত কৰিছিল প্রশাসনক। সেয়েহে  চক্ৰ বিষয়াৰ লগতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটি দল কচুতলীত উপস্থিত হয়। কিন্তু তৃতীয় পক্ষৰ উচটনিত উচ্ছেদিতই আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি জোং, লাঠীৰে আক্ৰমণ কৰে প্ৰশাসনৰ লোকক। একপ্ৰকাৰ যুদ্ধংদেহী পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত। আৰক্ষীয়ে মাইকযোগে পৰিৱেশ বিনষ্ট নকৰিবলৈ কয় যদিও উত্তেজিত হৈ পৰে উচ্ছেদিতসকল। পৰিস্থিতি অতি ভয়ংকৰ হৈ পৰাত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া হয়। আৰক্ষীয়ে জনোৱা অনুসৰি  ২৪জন আৰক্ষী আহত আৰু ১৩জন উচ্ছেদকাৰী আহত হৈছিল যদিও ইয়াৰে দুজনৰ মৃত্যু হয়।