সোঁৱৰণীৰ সুৰ
শিৱানী সোণোৱাল,
বাটঘৰীয়া , ধেমাজি
অনুভুতিবোৰ সামৰি থবৰ মন আছিল
মোৰ পুৰণি আলমিৰাটোত;
অনাবিল সুখ আৰু হাঁহিবোৰো
তাতেই পৰি আছে কোনোবা কোণত,
বিধ্বংসী মূৰ্হুতবোৰো ৰৈ গৈছে
সোঁৱৰণীৰ টোপোলাটো গধুৰ কৰি
যেনেদৰে ৰৈ গৈছে
আপোনাৰ বিশ্বাসঘাটকতাত
ৰক্তাক্ত হোৱা সপোনবোৰ,
আৰু সেই কাইটীয়া সোঁৱৰণীৰ সুৰবোৰ…
(নে বেসুৰবোৰ)…!