সেৱা দলক শক্তিশালী কৰিবলৈ অংগীকাৰ
কংগ্ৰেছেহে দেশৰ সংবিধান-পতাকা সুৰক্ষিত কৰিব
ৰাজীৱ ভৱনত গান্ধীবাদী হেমভাই, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা, বিমলা প্ৰসাদ চলিহাৰ আত্মীয়ক সম্বৰ্ধনা
ৰঙিলী বাৰ্ত্তাসেৱা- গণতন্ত্ৰৰ সুৰক্ষা আৰু দেশৰ সংবিধানৰ মৰ্যাদা আৰু ত্ৰিৰংগা পতাকা নীলিম আকাশত উৰি থকাৰ বাবে কংগ্ৰেছ দলে নিৰৱচ্ছিন্নভাৱে কাম কৰাৰ সময়৷ কংগ্ৰেছে অন্যায় আৰু অবিচাৰৰ বিৰুদ্ধে যুঁজ দিয়াটো অসমৰ ৰাইজে বিচাৰিছে৷ আজি ৰাজীৱ ভৱনলৈ আহি মই তাৰ সুগন্ধি লাভ কৰিছো৷ এই মন্তব্য বিশিষ্ট গান্ধীবাদী নেতা হেম ভাইৰ৷ ৰাজীৱ ভৱনত দেশৰ ৭৬ সংখ্যক গণতন্ত্ৰ দিৱস উপলক্ষে পতাকা উন্মোচনৰ পিছত বৈষ্ণৱ পণ্ডিত হেমভাইয়ে ৰাজীৱ ভৱনত সম্বৰ্ধনা গ্ৰহণ কৰি কংগ্ৰেছেহে অন্যায়-অবিচাৰৰ বিৰুদ্ধে যুঁজ দি সুশাসন আনিব পাৰিব বুলি উল্লেখ কৰে৷ স্বাধীনতা সংগ্ৰামী ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কন্যা সত্যশ্ৰী দাসে সম্বৰ্ধনা গ্ৰহণ কৰি কৰি কয় যে কংগ্ৰেছৰ প্ৰতি মানুহৰ আস্থা, বিশ্বাস আছে৷ মহাত্মা গান্ধীয়ে অহিংসাৰ বাণী লৈ কংগ্ৰেছক শক্তিশালী কৰিছিল, সেই কংগ্ৰেছেহে দেশৰ সংবিধান আৰু পতাকা সুৰক্ষিত কৰিব পাৰিব৷ দীঘলীয়া ভাষণত গান্ধীবাদী নেতা হেমভাইয়ে বিনোভা ভাৱেৰ সৈতে কৰা কামৰ, সৰ্বোদয় আন্দোলনৰ স্মৃতি ৰোমন্থন কৰাৰ লগতে গান্ধীৰ আদৰ্শ আৰু নীতি মানুহৰ মাজলৈ নিবলৈ আৰু ডেকা শক্তিক এনেদৰে দেখি মন আন্দোলিত হোৱা বুলি কয়৷ ইয়াৰ পূৰ্বে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই জাতীয় পতাকা উন্মোচন কৰে৷ জনগণৰ সন্মুখত আহি পৰা প্ৰত্যাহ্বানসমূহ সাহসেৰে যুঁজ দিবলৈ, দেশৰ সংবিধান, গণতন্ত্ৰক শক্তিশালী কৰাৰ স্বাৰ্থত আজিৰে পৰা অধিক সুদৃঢ়ভাৱে কাম কৰি যাবলৈ সকলো কংগ্ৰেছ কৰ্মীক কাম কৰি যাবলৈ আহ্বান জনায়৷ অনুষ্ঠানত প্ৰাক্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ বোৱাৰী প্ৰিয়ম চলিহাকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰদেশ কংগ্ৰেছৰ সেৱা দলে সুশৃংখলিতভাৱে আয়োজন কৰা গণতান্ত্ৰিক দিৱসৰ কাৰ্যসূচীত কেইবাশ লোকে অংশগ্ৰহণ কৰে আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতাসকলৰ লগতে কংগ্ৰেছ দলৰ সকলো শাখাৰ মুৰব্বীসকল উপস্থিত থাকে৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন ৰাজ্যিক সভাপতি ৰিপুণ বৰা, প্ৰাক্তন সাংসদ কিৰিপ চলিহা, প্ৰাক্তন সাংসদ বলিন কুলী, বিধায়িকা নন্দিতা দাস, লাহৰীঘাটৰ বিধায়ক আছিফ মহম্মদ নাজৰ, কংগ্ৰেছৰ উপ-সভাপতি নৃপেন ঠাকুৰীয়া, ৰূপা দেউৰী, ৰামান্না বৰুৱা, গুণকান্ত গগৈ, শৈলেন সোণোৱালকে ধৰি কংগ্ৰেছৰ সকলো নেতা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে৷ কাৰ্যসূচী পৰিচালনা কৰে প্ৰদেশ কংগ্ৰেছৰ সাংগঠনিক সম্পাদক বিপুল গগৈয়ে৷ সম্বৰ্ধনাৰ শেষত ৰাজীৱ ভৱনত কংগ্ৰেছৰ সেৱা দলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা উপস্থিত থাকি সেৱা দলৰ নেতা-কৰ্মীক সেৱাৰ মনোভাৱেৰে, নিষ্ঠাসহকাৰে কাম কৰি যাবলৈ আহ্বান জনায়৷ ২০২৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলক পুনৰ শাসনলৈ আনিবলৈ কি কি কাম কৰি লাগিব সেই কথাৰ পৰামৰ্শ দিয়ে৷ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সেৱা দলৰ নেতা-কৰ্মীৰ দায়িত্ব আৰু কৰ্তব্য অহা ১২ মাহত অধিক বাঢ়িল বুলি কৈ সমগ্ৰ ৰাজ্যত সেৱা দলক অধিক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে।