‘সুৰবাহিনী’ৰ তৃতীয় প্ৰীতিমিলন সমাৰোহ

‘সুৰবাহিনী’ৰ তৃতীয় প্ৰীতিমিলন সমাৰোহ

গণবাৰ্তা,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্ব সঙ্গীতৰ বিশাল মঞ্চ হ’ল অতি উন্নত প্ৰযুক্তি সম্পন্ন ‘ষ্টাৰমেকাৰ’ এপ। এই ষ্টাৰমেকাৰ জগততেই বিগত ১ আগষ্ট’২০২১ ৰ দিনা সুগায়িকা তথা অভিনেত্ৰী ৰুবী ভৰদ্বাজে কেইগৰাকীমান শিল্পীপ্ৰাণ ব্যক্তিৰ সহযোগত ‘সুৰবাহিনী’ নামেৰে এটি পৰিয়াল গঠন কৰে। অধিনায়িকা গৰাকীৰ নেৰানেপেৰা প্ৰচেষ্টাত বৰ্তমান ই বৃহৎ পৰিয়াললৈ ৰুপান্তৰিত হৈছে। যোৱা ২৫ জানুৱাৰীৰ দিনা পৰিয়ালৰ তৃতীয় প্ৰীতিমিলন সমাৰোহৰ আয়োজন কৰা হয় গনেশগুৰিৰ ডি কৰ্টিয়াৰ্ড হোটেলৰ সন্মিলনী কক্ষত। সৰস্বতী বন্দনা বন্তি প্ৰজ্বলনৰে অনুস্থানটিৰ শুভাৰম্ভ কৰা হয়। নিমন্ত্ৰিত কণ্ঠশিল্পীত্ৰয় শ্ৰদ্ধাৰ জে পি দাস, দ্বীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্য্যৰ অংশগ্ৰহণ আৰু তেওঁলোকৰ জনপ্ৰিয় গীত সমূহৰ পৰিবেশনে এই অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। আনহাতে নিমন্ত্ৰিত প্ৰখ্যাত ঢোলবাদক দেবেশ্বৰ শইকীয়াৰ বিহু ঢোলৰ চেৱে সকলোৰে দেহমন ৰঙিয়াল কৰে। আমাৰ পৰিয়ালৰ ডিগবৈ লক্ষীমপুৰৰ পৰা ধুবুৰীলৈ ভিন্ন প্ৰান্তত সিচঁৰিত হৈ থকা উপস্থিত শিল্পী সদস্য সকলৰ প্ৰত্যেকেই গীত মাত পৰিৱেশন, নৃত্য প্ৰদৰ্শন কৰি দিৱসটো সজীৱ সফল স্মৰণীয় কৰি তোলে। এইদৰে দিনযোৰা কাৰ্য্যসূচীৰে বিমল আনন্দ উপভোগেৰে সমাৰোহৰ সামৰণি হয়।