সুৰজিৎ একাডেমীত বিশ্ব পুতলা নাচ আৰু মূকাভিনয় দিৱস উদযাপন

সুৰজিৎ একাডেমীত বিশ্ব পুতলা নাচ আৰু মূকাভিনয় দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম অভিযান্ত্ৰিক মহাবিদ্যালয় চৌহদত থকা সুৰজিৎ একাডেমীত ২১ মাৰ্চত বিশ্ব পুতলা নাচ দিৱস পালন কৰা হয়। লগতে ২২ মাৰ্চৰ বিশ্ব মূকাভিনয় দিৱস ও ২১ মাৰ্চত একেলগে উদযাপন কৰা হয়। এইবাৰৰ বিশ্ব পুতলা নাচ দিৱসৰ মূল বিষয় আছিল “ৰ’বট, কৃত্ৰিম বুদ্ধিমত্তা আৰু পুতলাৰ সপোন”।অনুষ্ঠানত ওস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপ্ত তথা সুৰজিৎ একাডেমীৰ অধ্যক্ষা বিনীতা দেৱীয়ে পুতলা শিল্পত কৃত্ৰিম বুদ্ধিমত্তাৰ ভূমিকা বিষয়ে বক্তব্য প্ৰদান কৰে। অসমৰ পুতলা নাচৰ অগ্ৰগণ্য শিল্পী অৱনী শৰ্মাক সম্বৰ্ধনা জনোৱা হয়। তেওঁ যিয়ে ভাৰতৰ লগতে স্পেইনত পুতলা নাচৰ অভিজ্ঞতা দৰ্শকৰ লগত ভাগ-বতৰা কৰে।সাংস্কৃতিক সন্ধিয়াত গুৰু হলি ৰাম বৰা বায়নৰ পৰিচালনাত সত্ৰীয়া নৃত্য পৰিৱেশিত হয়, য’ত লনী কাকতি, আৰিয়া জিব্ৰাণ, হৃতিকা কলিতা, মনশ্ৰী দাস, বৈভৱী দাস শিল্পীয়ে অংশগ্ৰহণ কৰে। দেৱপ্ৰতীম গোস্বামীৰ পৰিচালনাত মূকাভিনয় “দা চাইৰেন বেল” । মূকাভিনয় পৰিৱেশন কৰে কৃষ্টি ৰাজবংশী, হাৰ্দিক শৰ্মা, অংশুমান দাস, কৌষ্টভ চৌধুৰী। ধ্ৰুৱ জ্যোতি কলিতাৰ পৰিচালনাত পুতলা নাট “দুই বন্ধু” আৰু প্ৰণৱ জ্যোতি ৰাভাৰ পৰিচালনাত “প্ৰকৃতি কি শিখ” মঞ্চস্থ হয়। পুতলা নাটত গ্লভ পুতলাৰ জৰিয়তে পৰিৱেশিত হয়।পুতলা নাট সমূহত কৃষ্টি ৰাজবংশী, পলক কৈৰী, হাৰ্দিক শৰ্মা, কৌস্তভ চৌধুৰী, অংগৰাগ মহন্ত, অংশুমান দাস, তৃষ্ণা কলিতা, প্ৰণৱ জ্যোতি ৰাভা, আৰিয়া জিব্ৰাণ, আদ্ৰিকা চৌধুৰী, কৰিশ্মিতা তালুকদাৰে পুতলা সঞ্চালন কৰে। সংগীত পৰিচালনা কৰে হাৰ্দিক শৰ্মাই। আলোকত থাকে ধ্ৰুৱ জ্যোতি কলিতা। সাংস্কৃতিক সন্ধিয়াৰ প্ৰতিটো কাৰ্যক্ৰমে দৰ্শকক মোহিত কৰিছিল। অনুষ্ঠানত বিদ্যালয়- মহাবিদ্যালয়- বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী, শিক্ষাবিদ, শিল্পী আৰু কলা-কুশলীৰ উপস্থিতি আছিল লক্ষ্যণীয়। কাৰ্যসূচী আঁত ধৰে ধ্ৰুৱ জ্যোতি কলিতা আৰু দীপা মহন্তই, আৰু শলগৰ শৰাই আগবঢ়াই কৰিশ্মিতা তালুকদাৰে। এই সফল আয়োজনৰ জৰিয়তে বিশ্ব পুতলা নাচ দিৱস আৰু মূকাভিনয় দিৱসৰ বিশেষত্ব দৰ্শকৰ মাজত সজীৱ হৈ উঠে।