সুধাকন্ঠৰ গীতত শৰৎ কালৰ চিত্ৰায়ণ – দৰ্শনা দত্ত 

সুধাকন্ঠৰ গীতত শৰৎ কালৰ চিত্ৰায়ণ

দৰ্শনা দত্ত
দেৰগাঁও,গোলাঘাট 

অসমৰ সাংস্কৃতিক জগতৰ অনন্য শিল্পী সুধাকণ্ঠ ড° ভূপেন হাজৰিকা আছিল একাধাৰে কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, সাহিত্যক তথা সমাজ আৰু প্ৰকৃতিৰ অনুপম চিত্ৰকৰ— যিজনে শব্দ আৰু সুৰেৰে প্ৰকৃতিৰ মনোৰম দৃশ্য, দেশমাতৃ তথা মানৱতাবাদৰ চিত্ৰ অংকন কৰিছিল। সুধাকণ্ঠৰ সৃষ্টিশীল সত্তাই অসমৰ লোক-সংস্কৃতি আৰু প্ৰকৃতিৰ নান্দনিকতাক বিশ্বদৰবাৰত এক সুকীয়া মৰ্যাদা প্ৰদান কৰিলে। অসমৰ বুকুলৈ অহা প্ৰতিটো ঋতুৰে আছে এক সুকীয়া মাদকতা। তাৰ ভিতৰত শৰৎ ঋতু অন্যতম। অসমীয়া সংগীতত শৰৎ ঋতুৰ বিতোপন ৰূপটোক গভীৰ আৰু হৃদয়স্পৰ্শীভাৱে তুলি ধৰিছে ড° ভূপেন হাজৰিকাই। তেওঁৰ গীতত শৰতৰ প্ৰতিটো চিৰপৰিচিত উপাদানেই যেন একো একোটা সজীৱ চৰিত্ৰ হৈ আত্মপ্ৰকাশ কৰিছে। শিল্পীগৰাকীৰ গীতৰ মাজেৰে প্ৰাণ পাই উঠিছে নদীৰ পাৰৰ শুভ্ৰ-শুকুলা কঁহুৱা বনৰ নাচোন। ঠিক সেইদৰে,নিয়ৰসিক্ত শুভ্ৰ শেৱালি ফুলৰ সুবাস আৰু সিঁচৰিত ৰূপটো তেওঁৰ গীতত হৈ পৰিছে স্নিগ্ধতা আৰু আন্তৰিকতাৰ এক সুন্দৰ নিদৰ্শন। শৰতৰ আগমনীত প্ৰকৃতিৰ বুকুলৈ নামি অহা পাতল কুঁৱলীৰ ওৰণি আৰু দুবৰিৰ পাতত মুকুতা মণিৰ দৰে জিলিকি উঠা নিয়ৰৰ টোপালবোৰে সুধাকণ্ঠৰ কণ্ঠ আৰু সুৰৰ পৰশত এক অপূৰ্ব মাত্ৰা লাভ কৰিছে, যিয়ে মানুহৰ মনৰ গভীৰ অনুভূতিক জগাই তোলে। তেখেতৰ কালজয়ী গীতসমূহৰ মাজত শৰতৰ যি চিত্ৰায়ণ, সেইয়া প্ৰকৃতিৰ লগত মানৱীয় অনুভূতিৰ সংযোগ আৰু প্ৰেমৰ এক সজীৱ প্ৰতিফলন।
সুধাকণ্ঠৰ সৃষ্টি-মানসত শৰৎ ঋতুৰ এক মনোৰম ৰূপ প্ৰতিভাত হোৱা এটি জনপ্ৰিয় গীত হ’ল— “শাৰদী ৰাণী তোমাৰ হেনো নাম” গীতটি। এই গীতটিত শিল্পীৰ কাব্যিক কল্পনাই শৰৎ ঋতুক এগৰাকী সদ্যস্নাতা, লাৱণ্যময়ী ৰূপহী কন্যা তথা এক চিৰন্তন সপোনৰূপে প্ৰতিফলিত কৰিছে। নিশাৰ অন্ধকাৰৰ সমাপ্তিত পুৱা ধৰালৈ নামি অহা শৰতৰ স্নিগ্ধ ৰূপটোক তেখেতে এক নিবিড় আপোনত্বৰে এনেদৰে সজাই তুলিছে—
“শাৰদী ৰাণী তোমাৰ হেনো নাম,
তুমি মোৰ নিচেই আপোন।
সদ্যস্নাতা ৰূপহী মোৰ
পুৱতি নিশাৰ সপোন…।”
শিল্পীগৰাকীৰ শব্দ-সুৰত শৰতৰ প্ৰতিটো প্ৰাকৃতিক উপাদান শাৰদী ৰাণীৰ আভূষণ হৈ পৰিছে। নিয়ৰ আৰু কুঁৱলীৰ ওৰণিৰে আবৃতা শাৰদী ৰাণীৰ নান্দনিক ৰূপটোৱে প্ৰকৃতিৰ বুকুত এক অপূৰ্ব শিহৰণ তোলে। শৰতৰ শুভ্ৰ নীলা আকাশ আৰু পাতল কুঁৱলীৰ আচ্ছাদনক শিল্পীয়ে সূক্ষ্মভাৱে ৰাণীৰ ওৰণি আৰু ৰিহাৰ সৈতে তুলনা কৰিছে। আনহাতে, শান্ত নিস্তব্ধ বিলখন হৈ পৰিছে সেই মনোৰম সুন্দৰীৰ মুখচ্ছবি প্ৰতিফলিত কৰা এখনি শুৱনি দাপোণ—
“শুভ্ৰ নীলা ওৰণিখনি,
কুঁৱলী সূতাৰে বোৱা
পাতল ৰিহাখনি,
থৰ লগা বিলখনি
 থৰ লগা বিলখনি
তোমাৰ শুৱনি দাপোণ…”
গীতটোৰ অন্তৰালত থকা প্ৰাকৃতিক চিত্ৰকল্পসমূহ— যেনে- মেঘৰ গতিশীলতা, নিয়ৰসিক্ত সেউজী দলিছা, সোণালী ৰ’দৰ পোহৰ আৰু সুদূৰ প্ৰৱাসী শৰালি জাকৰ কলৰৱ— এই সকলোবোৰেই যেন সেই শাৰদী ৰাণীৰ আগমনক আদৰাৰ একো একোটা মাংগলিক প্ৰস্তুতি। শেৱালি ফুলৰ দৰে কোমল হাঁহিটিৰ মাজত শিল্পীয়ে প্ৰকৃতিৰ এক নতুন ঋতুৰ বাৰ্তা বিলাই দিছে—
“কপাহ মেঘৰ অহা-যোৱা,
সেউজী ঘাঁহৰ হিমানী,
সোণালী ৰ’দ,শৰালিৰে জাক,
তুমিয়েই আনিলা কিজানি।
শেৱালি কোমল হাঁহিটি মাৰি,
কৰাহি সাজোন কাচোন…।”
এইদৰে, সুধাকণ্ঠই সমগ্ৰ গীতটিত শৰৎ কালৰ যি অন্তৰংগ চিত্ৰ অংকন কৰিলে, সি অসমীয়া সাহিত্য-সংস্কৃতিত শৰতৰ চিৰন্তন ৰূপটোক এটি অপৰূপ মৰ্যাদা প্ৰদান কৰিলে।
সুধাকণ্ঠৰ সুৰত শৰৎ কালক কেন্দ্ৰ কৰি নিগৰা আন এটি জনপ্ৰিয় গীত হ’ল— “শৰতৰ শেৱালিৰ নতুন নিয়ৰে”। গীতটোত সুধাকণ্ঠৰ উচ্চপৰ্যায়ৰ সাহিত্যিক ভাষা আৰু অতুলনীয় সুৰৰ যাদু ফুটি উঠিছে। গীতটিত শিল্পীগৰাকীয়ে শৰত কালৰ উপাদানসমূহৰ অন্তৰালত এক গভীৰ সামাজিক আৰু বৈপ্লৱিক চেতনাৰ উন্মেষ ঘটাইছে। গীতটিত ধৰিত্ৰীৰ বুকুলৈ এক নতুন পোহৰ আৰু মুক্তিৰ বাৰ্তা কঢ়িয়াই অনাৰ উমান পোৱা যায়—
“শৰতৰ শেৱালিৰ নতুন নিয়ৰে,
 শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে
শুকুলা ডাৱৰৰ পতাকা উৰুৱাই,
মুকুতিৰ গীত গাই শৰালিজাকে।”
গীতটিত শৰত কালৰ শেৱালি পাহিত জিলিকি উঠা ‘নতুন নিয়ৰে’ মানৱ মনলৈ কঢ়িয়াই অনা এক নতুন আশা,নতুন চেতনা আৰু পবিত্ৰতাৰ স্নিগ্ধ ছবি অংকন কৰিছে। শৰতৰ আকাশত উৰি ফুৰা শুকুলা ডাৱৰ জাকক তেওঁ শান্তি আৰু স্বাধীনতাৰ পতাকা হিচাপে কল্পনা কৰিছে। ঠিক তেনেদৰে, সুদূৰ দিগন্তৰ পৰা স্বাধীনভাৱে উৰি অহা শৰালি জাকৰ কোলাহল তেওঁৰ বাবে হৈ পৰিছে ‘মুকুতিৰ গীত’। ইয়াত শিল্পীৰ বিশ্বমানৱতাবাদী মনস্তত্ত্বৰ এক সুন্দৰ প্ৰতিফলন ঘটিছে, য’ত প্ৰকৃতিৰ প্ৰতিটো স্পন্দনে মানুহক সংকীৰ্ণতাৰ পৰা মুক্ত হোৱাৰ প্ৰেৰণা যোগায়। শৰতৰ এই নিৰ্মল শান্ত পৰিৱেশে মানুহৰ মনৰ কলুষতা ধুই নিকা কৰাৰ এক অন্তৰ্নিহিত আহ্বান কঢ়িয়াই আনে। সুধাকণ্ঠই শৰতৰ আকাশৰ স্বচ্ছতা আৰু উদাৰতাৰ আলমত মানৱ সমাজলৈ এক গভীৰ আশা আৰু আহ্বান জনাই এনেদৰে ব্যক্ত কৰিছে —
“…মানুহৰ মনবোৰো আকাশৰ দৰেই স্বচ্ছ হ’ব যেতিয়া এই পৃথিৱীতে,
মানুহে মানুহক আপোন কৰিব সিদিনা শৰতে সঁচা ৰূপ পাব…।”
অৰ্থাৎ, প্ৰকৃতিৰ শৰৎ তেতিয়াহে সঁচাকৈ সজীৱ হৈ উঠিব, যেতিয়া মানুহৰ মনৰ পৰা হিংসা-বিদ্বেষ আঁতৰি আকাশৰ দৰেই এক নিৰ্মল আৰু উদাৰ পৰিৱেশৰ সৃষ্টি হ’ব।
সুধাকণ্ঠৰ শাৰদীয় সংগীতৰ যাত্ৰাত শৰতৰ আটাইতকয়ে চঞ্চল আৰু সংবেদনশীল ৰূপটো প্ৰকাশ পাইছে “কঁহুৱা বন মোৰ অশান্ত মন” গীতটিত —
“কহুঁৱা বন মোৰ অশান্ত মন,
আলফুল হাতেৰে লোৱা সাৱটি।
এটি এটি ক্ষণ যেন মুকুতাৰে ধন
এনেয়ে হেৰুৱালে নাহে উভটি…।”
গীতটিত সুধাকণ্ঠই কঁহুৱা বনক অশান্ত মনৰ বাহ্যিক প্ৰকাশ হিচাপে ব্যৱহাৰ কৰিছে। বতাহত হালি-জালি থকা কঁহুৱাৰ দৰেই মানুহৰ মনো চঞ্চল আৰু বাউলি। মনৰ এই ব্যাকুলতাক কোনো কঠিন বা ৰূঢ় ব্যৱহাৰেৰে নহয়, অতি মৰমেৰে, “আলফুল হাতেৰে” সাৱটি ল’বলৈ আহ্বান জনাইছে। আনহাতে তেওঁ সোঁৱৰাই দিছে যে আমাৰ জীৱনৰ সুন্দৰ ক্ষণবোৰ অতি ক্ষণস্থায়ী। সেয়ে জীৱনৰ প্ৰতিটো ক্ষণক তেওঁ বহুমূলীয়া ‘মুকুতাৰ ধন’ৰ সৈতে তুলনা কৰিছে।
গীতটিত শৰতৰ এই প্ৰকৃতিৰ আলমত সময়ৰ গতিশীলতা আৰু ক্ষণস্থায়িত্বৰ কথা সুন্দৰকৈ প্ৰতিফলিত হৈছে। নীলা আকাশৰ খহি পৰা তৰা আৰু ঘিটমিট এন্ধাৰ নিশাৰ বৰ্ণনাৰে তেওঁ জীৱনৰ গভীৰতাক স্পৰ্শ কৰিছে। কঁহুৱা বনৰ দৰে চঞ্চল হৈ থকা বলীয়া মনটোক তেখেতে এক গভীৰ আশাবাদী দৰ্শন দি গীতৰ শেষত গাইছে যে, শৰতৰ এই অশান্ত নিশাৰ অন্ত পৰি কাইলৈ পুৱা এক নতুন আশাৰ সূৰুজে ধৰা পোহৰাই দিব —
“অ’ বলিয়া মন কিয় উচাটন?
কালিৰ সূৰুযে আনি দিব পুৱাটি।”
এনেদৰেই সুধাকণ্ঠৰ সৃষ্টিশীল চেতনাৰ বিশাল চিত্ৰপটত শৰৎ কাল হৈ পৰিছে মানৱীয় আৱেগ আৰু সাংস্কৃতিক চেতনাৰ এক চিৰন্তন তথা স্পন্দনশীল উৎস। তেওঁৰ গীতৰ অমৰ সুৰ, সাৱলীল শব্দৰ প্ৰয়োগ আৰু অপূৰ্ব কাব্যিক ব্যঞ্জনাৰ পৰশত কঁহুৱাৰ চঞ্চলতা,শেৱালিৰ স্নিগ্ধতা, নিয়ৰ-কুঁৱলীৰ কোমল স্পৰ্শ আৰু আকাশৰ উদাৰতা আদিয়ে অতুলনীয় ৰূপ লাভ কৰিছে। কালজয়ী শিল্পীজনৰ এই অমৰ সৃষ্টিৰাজিয়ে অসমৰ বুকুত চিৰকাললৈ এক অনাবিল, সজীৱ আৰু আধ্যাত্মিক শাৰদীয় অনুভৱ চিৰ-প্ৰৱাহমান কৰি ৰাখিব।
error: Content is protected !!