সুদূৰ লণ্ডনত অনুষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৬ সংখ্যক জন্মজয়ন্তী উদযাপন 

সুদূৰ লণ্ডনত অনুষ্ঠিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৬ সংখ্যক জন্মজয়ন্তী উদযাপন 
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-অসমীয়া জাতীয় জীৱনৰ  মহানায়ক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহুমুখী প্ৰতিভাক জগতবাসীৰ সন্মুখত দাঙি ধৰাৰ প্ৰয়াসেৰে সাত সিগৰ তেৰ নদীৰ সিপাৰত থকি সুদূৰ লণ্ডনৰ কিংছ লেংলিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৬ সংখ্যক জন্ম জয়ন্তী উদযাপন কৰা হয় ।অসম সাহিত্য সভাৰ ব্ৰিটেইন শাখাৰ উদ্যোগত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ এক অনুষ্ঠানত সভাপতিত্ব কৰে  গীতা বৰুৱাই। সকলোকে আদৰণি জনাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বহুমুখী প্ৰতিভা আৰু বিভিন্ন জাতি-ধৰ্মক একত্ৰিত কৰি এক ভগৱানক বিশ্বাস কৰিবলৈ, একশৰণ  নামধৰ্ম পালন কৰিবলৈ তেওঁৰ সামৰ্থ্যৰ বিষয়ে চমুকৈ ভাষণ দিয়ে। ইয়াৰ পাছতে অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্যকান্ত হাজৰিকাৰ দ্বাৰা প্ৰেৰিত এক লিখিত ভাষণ পাঠ কৰা হয়। উপ-সভাপতি নীৰলা বৰুৱাই তেওঁৰ ভাষণত গুৰুজনাৰ সমাজ-ধৰ্ম সংস্কাৰ,  শিক্ষা, দাৰ্শনিক আৰু শৈক্ষিক দিশসমূহৰ বিষয়ে উল্লেখ কৰে। সম্পাদক  জাহ্নবী গগৈয়ে শংকৰ জয়ন্তী উদযাপনৰ মাজৰ সম্পৰ্ক আৰু ১৯৯৮ চনত সংস্থাটো প্ৰথম প্ৰতিষ্ঠা হোৱাৰ সময়ত অসম সাহিত্য সভা ইউ কে অধ্যায়ৰ বেনাৰত কেনেদৰে অনা হৈছিল সেই বিষয়ে বক্তব্য আগবঢ়ায়। প্ৰবাসী অসমীয়া সকলে তথা  ব্ৰিটেইনত ডাঙৰ-দীঘল হোৱা দ্বিতীয় আৰু তৃতীয় প্ৰজন্মৰ শিশুসকলে নিজৰ শিপাৰ বিষয়ে যাতে এটা ধাৰণা ল’ব পাৰে আৰু পিতৃ-মাতৃ আৰু ককা-আইতাৰ চহকী সংস্কৃতি জানিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি গুৰুজনাক পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে এই আয়োজন কৰা বুলি উল্লেখ কৰে। ব্ৰিটেইনৰ অসমীয়া সাংস্কৃতিক পঞ্জিকাত এই অনুষ্ঠানসমূহ জীয়াই ৰখাৰ সন্দৰ্ভত অনাগত দিনতো প্ৰচেষ্টা কৰিব বুলি কয়। শিল্পী তথা লেখিকা প্ৰাক্তন সভাপতি মঞ্জিৰা চৌধুৰীয়ে নাম প্ৰসংগৰ নেতৃত্ব দিয়াৰ লগতে গুৰুজনাৰ বহুমুখী অৱদান সন্দৰ্ভত আলোকপাত আৰু নতুন প্ৰজন্মৰ বাবে অনুবাদৰ জৰিয়তে পৰিচয় কৰাৰ পোষকতা কৰে। নাম প্ৰসংগত   নাগৰা আৰু খোলত ঋষি চৌধুৰী আৰু ভোৰতাল ড° তৰুণ কুমাৰ চৌধুৰী, ভানুশ্ৰী মেধি খাঞ্জৰীয়ে পাতি তালত সহযোগ কৰে। আনহাতে সন্ধিয়ালৈ এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়, য’ত গুৰুজনাৰ বিভিন্ন সৃষ্টি ৰাজি প্ৰদৰ্শন কৰা  হয়। সাংস্কৃতিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে আন্তৰ্জাতিক খ্যাতি সম্পন্ন পদ্মশ্ৰী ইন্দিৰা পি পি বৰা, আৰু তেওঁৰ কন্যা ডাঃ মেনকা পি পি বৰা উপস্থিত থাকে। পদ্মশ্ৰী ইন্দিৰা পি পি বৰাই সুখী, সুস্থ আৰু দীৰ্ঘায়ু জীৱন যাপনৰ ক্ষেত্ৰত শাস্ত্ৰীয় নৃত্যৰ মূল্যৰ ওপৰত চমু ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে দৰ্শকক আনন্দিত কৰি সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰে। তেওঁৰ কন্যা ড০ মেনকা পি পি বৰাইও  নৃত্য পৰিবেশন কৰাৰ লগতে এক  নৃত্য কৰ্মশালাও অনুষ্ঠিত কৰে । ভবানী কাকতিৰ নেতৃত্বত গুৰুজনাৰ বিষয়ে এটা ক’ৰাছ, বৰগীত আৰু সত্ৰীয়া নৃত্য পৰিবেশনৰ কৰা লগতে চন্দমায়া শৰ্মা আৰু ৯ বছৰীয়া উৰ্ভী শৰ্মাই বৰগীত পৰিবেশন কৰি পৰিবেশ মুখৰিত কৰে। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰী উন্মোনা দাসে  ক্ষত্ৰিয় নৃত্য পৰিৱেশন কৰে। সাংস্কৃতিক অনুষ্ঠানৰ পৰিচালনা কৰে সাংস্কৃতিক সম্পাদক  ভবানী কাকতি আৰু গীতুত পালা বৰদলৈয়ে। অনুষ্ঠানৰ শেষত সম্পাদিকা  জাহ্নবী গগৈয়ে শলাগৰ শৰাই আগবঢ়াই।