সুখ
বাহাৰুল ইছলাম, শিক্ষক
সুখৰ বাবে বিয়াকুল মানুহ
বিচাৰে সৱে সুখ,
সুখ বিচাৰি ফুৰোঁতে হেনো
পায় অনেক দুখ।
আপোন স্বাৰ্থত অন্ধহৈ
হিংসাত লিপ্ত হয়,
পৰৰ অনিষ্ট কৰোঁতে সাধন
নকৰে কদাপি ভয়।
হিয়াৰ মলি ধুই নললে
কোনো নহয় আপোন,
লুক-ঢাক কৰি ৰখা যিমানেই
সৱতে আছে দাপোন।
হয়তো নোপোৱা সুখ সুখৰ সাগৰতোঁ
সেয়া যে হৃদয়ৰ খেলা,
পঁজাতো থাকে হয়তো অনেক সুখ
বেছিপৰ নাই বেলা।
পৰৰ দুখত দুখী হ’লে
অন্তৰ হয় বহল,
নিকা হৃদয়ে কৰে উপলব্ধি
ধৰাখনেই আপোন মহল।
হিংসাৰ মালাধাৰি উভালি পেলালে
বিষাদ লোপ পায়,
সততাত থাকিলে ঢাপে ঢাপে
যায় আগুৱাই যায়।
পৰৰ ক্ৰুটি ফুৰোঁতে বিচাৰি
অযথা সময় যায়,
আপোন ভালেই জগত ভাল
কাৰনো মনত নাই?
ধৈর্য-সহ্য অনেক তিতা
কিন্তু আছে গুণ,
শান্তিকামী হৈ মিলিজুলি থাকিলে
সৱতে কৰে ৰুণজুন।
লভিলোঁ জনম আমি সৱে
মেদিনীৰ বুকুত,
ঐক্যবদ্ধ হৈ পিন্ধোঁ আমি
মানৱতাৰ মুকুট।
সদা হ’বা তুষ্ট থাকিবা সুস্থ
যি আছে তাকে লৈ,
তেহে চাবা চৌপাশে যাব বৈ
নিভাঁজ সুখৰ নৈ।