সুখী হোৱাৰ কিটিপ
বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও
২০ মাৰ্চৰ দিনটো প্ৰতি বছৰে বিশ্ব সুখ দিৱস বা আন্তৰ্জাতিক সুখ দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। সকলো সুখেৰে থাকক। কিন্তু এই সুখনো কি? সুখ দিৱস কিয় পালন কৰিব লগা হ’ল? সুখৰ কিবা বৈজ্ঞানিক সংজ্ঞা আছে নেকি? আদি এশ এবুৰি প্ৰশ্নই আমাৰ মনত দোলা দিয়ে।
অসমীয়া কাব্য জগতৰ অন্যতম ‘ভাঙনি কোঁৱৰ ‘ আনন্দচন্দ্ৰ আগৰৱালাৰ “সুখ” নামৰ কবিতাটিত কবি গৰাকীয়ে সুখৰ ধাৰণা,প্ৰকৃতি আৰু লক্ষণৰ ওপৰত সুগভীৰ আত্মস্থ হৈ অনুভব প্ৰতিফলিত কৰিছে।
অকল নিজৰ নিমিত্তে নহয়
আমাৰ জীৱন ভাই,
পৰৰ কাৰণে খাটিব পাৰিলে
সংসাৰ সুখৰ ঠাই।
আকৌ কৈছে –
মানুহৰ সেৱা মানুহৰ পূজা
পৱিত্ৰ ব্ৰত লোৱা।
কবি গৰাকীয়ে আনৰ বাবে কিবা কৰিব পাৰিলে,আনৰ মুখত হাঁহি বিৰিঙাব পাৰিলে, মানৱসেৱা কৰি সুখ পাব পাৰি বুলি কৈছে।
সুখ নিৰ্ভৰ কৰে সন্তুষ্টিৰ ওপৰত। মানুহৰ জীৱনৰ মূল উদ্দেশ্য হৈছে সুখত থকা। এই সুখ বিচাৰি বিচাৰি মানুহে হাবাথুৰি খায়।প্ৰতিজন মানুহৰে সুখ-সমৃদ্ধি নিশ্চিত কৰাৰ বাবেই ভূটানে জাতিসংঘক এটা দিন সুখ দিৱস হিচাপে পালনৰ আহ্বান জনায়। সেই আহ্বান মৰ্মে ২০১২ চনৰ জুলাই মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ এক অধিবেশনত বছৰৰ এটা দিনত সুখ দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে।২০১৩ চনৰ পৰা প্ৰতি বছৰে ২০ মাৰ্চ তাৰিখে বিশ্ব সুখ দিৱস পালন কৰি অহা হৈছে। এই দিৱসটিৰ প্ৰতিষ্ঠাতা হৈছে অৰ্থনীতিবিদ জন এলিয়েন। এই সুখ দিৱসত মুঠ ১৪৯ খন দেশৰ নিৰ্দিষ্ট কেইটামান দিশ অধ্যয়ন কৰি দেশসমূহৰ ভিতৰত সুখী দেশৰ স্থান নিৰূপণ কৰা হয়। সেই দিশ সমুহ হৈছে -১) জনমূৰি মুঠ ঘৰুৱা উৎপাদন
২) সামাজিক সমৰ্থন
৩) প্ৰত্যাশিত স্বাস্থ্যৱান জীৱন
৪) জীৱনৰ নিৰ্ণয়সমুহ কৰাৰ স্বাধীনতা
৫) মহানুভৱতা (generosity)
৬) দূৰ্নীতিৰ প্ৰতি থকা ধাৰণা, অভাৱ বা বিশ্বাস
ৰাষ্ট্ৰসংঘই উল্লেখিত কাৰকৰ ওপৰত নিৰ্ভৰ কৰিয়েই দেশসমূহৰ সূচাংক ঘোষণা কৰে।দেখা যায় সুখী দেশৰ তালিকাত বিশ্বৰ ভিতৰতে একেলেথাৰিয়ে সৰ্বপ্ৰথম স্থান দখল কৰি আহিছে ফিনলেণ্ডে। তাৰ পিছত ক্ৰমে ডেনমাৰ্ক, চুইজাৰলেণ্ড, আইলেণ্ড, নৰৱে আদি।অতি পৰিতাপৰ কথা যে সুখী দেশৰ তালিকাত ভাৰতৰ স্থান ২০১৯ চনৰ তথ্য মতে ১৪০, ২০২০চনৰ তথ্য মতে ১৪৪ আৰু ২০২৩ চনত প্ৰকাশিত তালিকাত ১২৬ নম্বৰত আছে। দেখা গ’ল ভাৰতীয় মানুহ সকল তুলনামূলকভাৱে কম সুখী।
ৰাষ্ট্ৰসংঘই সুখক সাৰ্বজনীন কৰাৰ উদ্দেশ্যে প্ৰতি বছৰে একোটা বিশেষ বিষয়বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আন্তৰ্জাতিক সুখ দিৱস পালন কৰিবলৈ আহ্বান জনায়। এই বছৰ অৰ্থাৎ ২০২৪ চনৰ বিশ্ব সুখ দিৱসৰ বিষয়বস্তুটো হৈছে ‘Happiness Together ‘ ,লগে-ভাগে সুখী হওঁক। অৰ্থাৎ আনৰ সুখ দুখ, অনুভূতিৰ লগত জড়িত হ’লে হে সুখ দীৰ্ঘস্থায়ী হ’ব আৰু এক বৃহৎ পৰিসৰত মহৎ কাৰ্যৰ অংশীদাৰ হ’ব পাৰি। সেয়ে কবি আনন্দ চন্দ্ৰ আগৰৱালাই কৈ গৈছে যে পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়। প্ৰখ্যাত সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঞিয়ে তেওঁৰ “মই যেতিয়া ক্লান্ত হওঁ “গ্ৰন্থত মৰ্টিমাৰ এড্ লাৰৰ সুখৰ সৰল সংজ্ঞাটোতে সন্তুষ্ট হৈ থাকিবলৈ বোধহয় বেছি ভাল পাম ʼবুলি উল্লেখ কৰিছে। এড্ লাৰৰ মতে সুখৰ বাহ্যিক বা শাৰীৰিক উপাদানবোৰ হ’ল ধন-সম্পত্তি, স্বাস্থ্য আৰু শাৰীৰিক আনন্দ। সামাজিক উপাদানবোৰ হ’ল সন্মান,প্ৰেম, বন্ধুত্ব, নাগৰিক শান্তি আৰু ন্যায়-বিচাৰ। বৌদ্ধিক উপাদানবোৰ হ’ল জ্ঞান, প্ৰজ্ঞা আৰু বোধশক্তি। এই প্ৰত্যেকটো উপাদানৰ লগত মানুহৰ একো একোটা বাস্তৱ প্ৰয়োজনৰ সম্পৰ্ক আছে। এই আটাইবোৰ উপাদান লগ লাগিহে এজন মানুহৰ আটাইবোৰ প্ৰয়োজন পূৰ্ণ কৰিব পাৰে, আৰু তেওঁৰ স্বভাৱক চৰম উৎকৰ্ষ দান কৰিব পাৰে। সেই কাৰণে মানুহে এই উপাদানবোৰক কেৱল লক্ষ্য হিচাপে গণ্য নকৰে; সেইবোৰ আচলতে মানুহ সুখী হোৱাৰ একোটা উপায়।” সেই গ্ৰন্থত বৰগোহাঞিয়ে ষ্টেনফʼৰ্ড বিশ্ববিদ্যালয়ৰ মনোবিজ্ঞানী এজনে তেওঁৰ গৱেষক-ছাত্ৰী এগৰাকীক কৈছিল যে” তেওঁ এজন প্ৰকৃত সুখী মানুহক লগ পাইছিল।যিজনে ইহুদি নিধন যজ্ঞত পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছিল যদিও তেওঁ সুখ-শান্তি হেৰুওৱা নাছিল।তাৰ কাৰণ ব্যাখ্যা কৰি কৈছিল জীৱনৰ তুচ্ছ কথাবোৰৰ বিষয়ে চিন্তা কৰি থাকি অসুখী হোৱাটো এটা অনুচিত আৰু অশালীন কথা।মানুহে আনন্দ বিচৰা উচিত জীৱনৰ মাজত আৰু মানৱিক সম্পৰ্কৰ মাজত।”এই বছৰৰ সুখ দিৱসৰ বিষয়বস্তুৰ অন্তৰ্নিহিত কথাটোও ইয়াতেই ফুটি উঠিছে।
ৰাষ্ট্ৰই সুখক মৌলিক অধিকাৰ হিচাপে গণ্য কৰিছে। এই অধিকাৰ সেইসকলৰো আছে যিসকল অন্য ধৰণে সক্ষম বা বিশেষভাৱে সক্ষম। সেই সকলো প্ৰাণৱন্ত আৰু মৌলিক শক্তিৰ অধিকাৰী। তেওঁলোকক বা তেওঁলোকৰ পৰিয়ালক সুখী কৰি ৰখাৰ দায়িত্ব কম বেছি পৰিমাণে আন ব্যক্তি সকলৰ ওপৰতো নপৰা নহয়। প্ৰতি বছৰে ৩ ডিচেম্বৰত ‘ আন্তৰ্জাতিক অক্ষম-ব্যক্তিৰ দিৱস ‘ পালন কৰা হয়। কেৱল এই দিৱস পালন কৰিলেই তেওঁলোক সুখী হৈ নপৰে।দিব্যাংগ সকলৰ বাবে বাধামুক্ত পৰিৱেশ গঢ়ি তোলাটো অতি প্ৰয়োজনীয় কথা। তেওঁলোকক সমাজৰ আৱৰ্জনা বুলি নাভাবি মানৱ অধিকাৰ আৰু সামাজিক সহ -অৱস্হানৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভা খিনি বিকশাই তুলিব পাৰিলেহে প্ৰকৃত সুখ প্ৰদান কৰা হ’ব।
বিশেষভাৱে সক্ষম ব্যক্তি সকলে সকলো প্ৰতিকূল অৱস্থাক নেওচি বাস্তৱ পৰিস্থিতিৰ মুখামুখি হৈ জীৱন -যাত্ৰাত আগবাঢ়ি যাবলৈ চেষ্টা কৰে আৰু বহুকেইজন ব্যক্তিয়ে নিজ প্ৰতিভাৰ পৰিচয় দি বিশ্ব বিখ্যাত হৈ পৰিছে। উদাহৰণস্বৰূপে হেলেন. এ. কেলাৰ নামৰ এগৰাকী মাৰ্কিন লেখক আৰু প্ৰৱক্তা যিগৰাকী আছিল বিশ্ব বিখ্যাত আৰু অনুপ্ৰেৰণাদায়ক দৃষ্টি শক্তিৰ প্ৰতিবন্ধী ব্যক্তি। মাত্ৰ ১৮ মাহতে দৃষ্টি শক্তি হেৰুৱাইছিল যদিও পৰিয়ালৰ সহযোগিতা, নিজৰ সাহস আৰু সংকল্পৰ বাবে তেওঁ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ বহু কেইখন গ্ৰন্থ ৰচনা কৰিছিল।লাল আদৱানী নামৰ দৃষ্টি শক্তি প্ৰতিবন্ধী এগৰাকীয়ে ভাৰতবৰ্ষত প্ৰতিবন্ধীৰ বিশেষ শিক্ষা আৰু পুনৰ সংস্থাপনৰ বাবে এটা সংস্থা প্ৰতিষ্ঠা কৰিছে। তেওঁ ব্ৰেইল পদ্ধতিৰ সমস্যা সমুহৰ আলোচনাত ইউনেস্কোত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছে।এনে বহুসংখ্যক উদাহৰণ আছে যি সকলে ব্যক্তিগত সমস্যা আওকাণ কৰি মানসিক দৃঢ়তাৰে ৰাষ্ট্ৰ উন্নয়নত নিমগ্ন হ’ব পাৰিছে। চৰকাৰে ‘১৯৯৫ চনৰ আইন ʼ অনুসৰি বিশেষভাৱে সক্ষম ব্যক্তিয়ে আন ব্যক্তিৰ সমানে সুযোগ, সুৰক্ষা, অধিকাৰ লাভ কৰিব আৰু সকলোতে অংশগ্ৰহণ কৰিব পৰা ব্যৱস্থা কৰিছে।৩% ভূমি সেই সকলৰ বাবে সংৰক্ষিত থাকিব।৮০% অধিক অক্ষমতা থকা ১৮ বছৰ উৰ্ধৰ লোকৰ বাবে ‘ইন্দিৰা গান্ধী জাতীয় অক্ষমতা পেঞ্চন আঁচনি ʼৰ ব্যৱস্থা কৰা হৈছে। ‘২০০৬ বিশেষভাৱে ৰাষ্ট্ৰীয় সক্ষম লোকৰ সুৰক্ষা নীতি ʼ অনুসৰি অক্ষমতাৰ প্ৰতিৰোধ, সুৰক্ষাৰ উপায়,অক্ষম নাৰী আৰু শিশু আদিৰ সংস্থাপন আৰু সুৰক্ষাৰ ব্যৱস্থা লোৱা হৈছে।
চৰকাৰী আঁচনি সমূহে সফলতা তেতিয়াহে লাভ কৰিব যেতিয়া সৰ্বসাধাৰণে মানসিক ভাৱে তেওঁলোকৰ সমস্যা সমূহ বুজিবলৈ চেষ্টা কৰে, তেওঁলোকৰ লগত সহযোগিতা স্থাপন কৰে, ন্যায় আৰু অধিকাৰ প্ৰদানত আগ্ৰহী হয় ।২০২৩ চনৰ ২১ ডিচেম্বৰত মুক্তি পোৱা মালয়ালম ছবি ‘নেৰুʼ ত বিশেষভাৱে সক্ষম লোকৰ ন্যায়ৰ প্ৰতি যি অধিকাৰ সাব্যস্ত কৰিলে সেয়া আদৰণীয় আৰু আমি সকলোৱে সমাজৰ আৱৰ্জনা সদৃশ অপৰাধ চক্ৰৰ বিৰুদ্ধে সজাগ হৈ যুঁজ দিবলৈ মানসিক ভাৱে প্ৰস্তুত থাকিব লাগে।ভুল সেৱা কাৰ্যই বিশেষভাৱে সক্ষম লোক সকলৰ প্ৰতি সামাজিক সমৰ্থন, সন্তুষ্টি আৰু আত্মিক হোৱাৰ আগ্ৰহত নেতিবাচক প্ৰভাৱ পেলায়। তেওঁলোকক এলাগী নকৰি প্ৰতিবন্ধকতাৰ প্ৰতি পোনপটিয়াভাবে জড়িত হৈ সেই সকল ব্যক্তিকো সুখৰ সমভাগ প্ৰদান কৰা উচিত।
আজিৰ সময়ত মানুহে সৎ হোৱাতকৈ ধনী হোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া দেখা যায়। কেৱল ধন-সম্পত্তিয়েই মানুহক সুখী কৰিব পৰা হ’লে আমেৰিকাৰ দৰে ধনী দেশসমূহে সুখী দেশৰ তালিকাত প্ৰথম পাঁচ টা স্থান অধিকাৰ কৰিলে হেঁতেন। বৈজ্ঞানিক পদ্ধতিৰে চলোৱা সমীক্ষা মতে ইউৰোপ- আমেৰিকাৰ কেইবাখনো উন্নত শিল্প-প্ৰধান দেশত মানুহৰ হতাশা আৰু বিষণ্ণতা প্ৰতি দহবছৰৰ মূৰে মূৰে দুগুণে বৃদ্ধি পাইছে। বাইবেলত কৈছে – ‘মানুহে কেৱল ৰুটি খাই জীয়াই থাকিব নোৱাৰে। ইয়াৰ অৰ্থ এইটোৱেই যে মানুহৰ সকলো শাৰীৰিক আৰু বৈষয়িক প্ৰয়োজন পূৰণ হোৱাৰ পিছতো এনে কিছুমান প্ৰয়োজন ৰৈ যায় – যিবোৰ পূৰণ নহ’লে মানুহে প্ৰকৃত শান্তি পাব নোৱাৰে; অথচ যিবোৰ প্ৰয়োজন ধন-ঐশ্বৰ্যই পূৰণ কৰিব নোৱাৰে।’
যেতিয়ালৈকে এখন দেশৰ জনগণ সুখী নহয় তেতিয়ালৈকে দেশে সফলতা লাভ কৰিব নোৱাৰে। সেয়ে চৰকাৰে জনসাধাৰণৰ প্ৰতি কিছুমান কৌশল আগবঢ়াইছে। সেইসমূহ হৈছে কৃতজ্ঞ হোৱা, পৰিস্কাৰ-পৰিছন্নতা, সৰু সৰু জয়বোৰ উদযাপন কৰা,ব্যায়াম কৰা, পৰ্যাপ্ত নিদ্ৰা, মনোযোগেৰে খাদ্য গ্ৰহণ, দীঘল কৈ উশাহ-নিশাহ লোৱা, বন্ধুত্ব স্থাপন কৰা,ক্ষমা কৰা আদি। এই কাৰ্য সমূহে আমাক সৎ,সংযমী আৰু শিষ্টাচাৰী হিচাপে গঢ়ি তুলিব আৰু তাৰ বাবে একমাত্ৰ নিজৰ সংকল্পৰ বাহিৰে আন একোৰে প্ৰয়োজন নাই।
আমি অসুখী হোৱাৰ প্ৰধান কাৰণ টো হৈছে প্ৰতিযোগিতামূলক মনোভাৱ।আমি সৰু ডাঙৰ সকলো কথাতে আনৰ লগত তুলনা কৰোঁ আৰু প্ৰতিযোগিতাত নামি পৰোঁ।যিটো বিশ্বৰ সকলোতকৈ সুখী দেশ ফিনলেণ্ড বাসীৰ মাজত নাই তেওঁলোকে কেৱল সহযোগিতা হে বিচাৰে। উদাহৰণস্বৰূপে এজন চিনাকী মানুহ দেখা পালে সৰুৱেই হওঁক বা ডাঙৰেই হওঁক প্ৰথমে নিজে মাত এষাৰ দিলে আমাৰ একো হানি নহয় বৰঞ্চ মানুহজনে মাত নিদিলে বুলি অসন্তোষ কৰিবলৈ নাথাকে। এইখিনিতে এটা কথা ক’ব খোজোঁ আমি কেতিয়াও সুখী হোৱাৰ অভিনয় কৰিব নালাগে।টোপ টোপ পানী পৰি বিশাল সাগৰ হোৱাৰ দৰে সৰু সৰু সুখ বুটলি বিলাই নিজৰ লগতে আনকো সুখী কৰিবলৈ আজিয়েই সংকল্পবদ্ধ হও আহক।