সুকুমাৰ সেন স্মাৰক সোণৰ পদক লাভ কৰা ড০  নগেন শইকীয়াক ‘প্ৰহৰী’ৰ তৰফৰ পৰা সম্বৰ্দ্ধনা

সুকুমাৰ সেন স্মাৰক সোণৰ পদক লাভ কৰা ড০  নগেন শইকীয়াক ‘প্ৰহৰী’ৰ তৰফৰ পৰা সম্বৰ্দ্ধনা
এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- কলকাতাৰ কাউন্সিল অৱ এছিয়াটিক ছ’চাইটিয়ে সাহিত্য জগতলৈ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে যোৱা ৬ মে’ত বৰেণ্য সাহিত্যিক অধ্যাপক নগেন শইকীয়াক সুকুমাৰ সেন স্মাৰক সোণৰ পদক আনুষ্ঠানিকভাৱে প্ৰদান কৰে৷ এই উপলক্ষে  ডিব্ৰুগড়ৰ আগশাৰীৰ সামাজিক, শৈক্ষিক তথা সাংস্কৃতিক  স্বেচ্ছাসেৱী অনুষ্ঠান ‘প্ৰহৰী’য়ে অধ্যাপক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি , মিতভাষ ড০ নগেন শইকীয়াক নিজা বাসগৃহত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷ ‘প্ৰহৰী’ৰ সম্পাদক দীপা গোস্বামীয়ে আঁত ধৰা সম্বৰ্দ্ধনা অনুষ্ঠানটিত কলকাতাৰ এছিয়াটিক ছ’চাইটিৰ বিদ্যায়তনিক আৰু সামাজিক উল্লেখযোগ্য কামসমূহৰ এটি ধাৰণা দাঙি ধৰে বিশিষ্ট সাহিত্যিক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড০ কৰবী ডেকা হাজৰিকা৷অনুষ্ঠানত অধ্যাপক ড০ নগেন শইকীয়াক আনুষ্ঠানিকভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে বিশিষ্ট চিকিৎসক শান্তনু লহকৰ, শ্ৰীভাৰতী শৈক্ষিক প্ৰতিষ্ঠানৰ সঞ্চালক চেনিৰাম বৰা,নৰেন্দ্ৰ নাথ গোস্বামীকে ধৰি ‘প্ৰহৰী’ৰ সদস্য সকলে৷ড° চুমী ফুকনে এটি বৰগীত পৰিৱেশন কৰি আৰম্ভ কৰা সম্বৰ্দ্ধনা অনুষ্ঠানটিত ড০ শইকীয়াই বঁটা গ্ৰহণ কৰি হোৱা অনুভৱ ব্যক্ত কৰে৷ প্ৰত্যাশা নকৰাকৈ বিভিন্ন সময়ত লাভ কৰা বঁটা বা সন্মান সমূহে তেওঁৰ মনত সৃষ্টি কৰা প্ৰতিক্ৰিয়াৰ বিষয়েও সাহিত্যিকগৰাকীয়ে উল্লেখ কৰে ।অনুষ্ঠানত বৰেণ্য সাহিত্যিক গৰাকীৰ সৈতে এটি অন্তৰংগ আলাপ অনুষ্ঠান সম্পন্ন হয়৷ এই অনুষ্ঠানটি পৰিচালনা কৰে নৰেন্দ্ৰ নাথ গোস্বামীয়ে৷ অনুষ্ঠানত সাৰস্বত ন্যাস পৰিষদৰ সম্পাদক বীৰেন বৰুৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা কেন্দ্ৰৰ সহকাৰী অধ্যাপক মৃণাল কুমাৰ বৰুৱা, গীতা বৰুৱাকে ধৰি ভালে সংখ্যক ব্যক্তি উপস্থিত থাকে৷