সাহিত্য সভাৰ মঞ্চত অপমানিত হ’ল লোকগীতৰ শিল্পী প্ৰণিতা বৈশ্য মেধি

সাহিত্য সভাৰ মঞ্চত অপমানিত হ’ল লোকগীতৰ শিল্পী প্ৰণিতা বৈশ্য মেধি

ৰঙিলী বাৰ্ত্তাসেৱা-  বিতৰ্কই লগ নেৰা হৈছে অসম সাহিত্য সভাক ।  বিগত কেইবাবছৰ ধৰি বিভিন্ন ক্ষেত্ৰত বিতৰ্কৰ মাজত সোমাই পৰা অসম সাহিত্য সভাৰ মৰ্যদা যেন দিনক দিনক হ্ৰাস হৈছে।পাঠশালা অধিৱেশনতো একেই ছবি প্ৰতিফলিত হৈছে । দুদিন পূৰ্বে  সাহিত্যিকৰ পাছত এইবাৰ সাহিত্য সভাক লৈ ক্ষোভ প্ৰকাশ শিল্পীৰ৷ সামাজিক মাধ্যমত ক্ষোভ প্ৰকাশ লোকগীতৰ বিশিষ্ট শিল্পী প্ৰণিতা বৈশ্য মেধিৰ।সাহিত্য সভাত গীত পৰিৱেশন কৰিবলৈ গৈ অপমানিত হোৱাৰ অভিযোগ আনিলে শিল্পীগৰাকীয়ে। সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি প্ৰণীতা বৈশ্য মেধীয়ে লিখিছে, ‘‘গীত পৰিবেশন কৰিবলৈ গৈ মঞ্চত অপমানিত হ’লো অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন (বজালী)ত। যোৱা ৩ ফেব্ৰুৱাৰি ২০২৫ চন, অনুষ্ঠানৰ আৰম্ভণিতে মোৰ প্ৰথম প্ৰগ্ৰেম আছিল। কিন্তু মঞ্চত দ্বিতীয় গীতটো গাই শেষ কৰি তৃতীয় গীত আৰম্ভ কৰোতেই সাংস্কৃতিক কৰ্মী (সোণমণি চৌধুৰী) নামৰ লোক এজনে পিছৰ ফালৰ পৰা আহি অনুষ্ঠান বন্ধ কৰিবলৈ দিয়ে। তেতিয়া মঞ্চত মই খুব দুখ পালো আৰু অপমানিত হ’লো। যিহেতু মোৰ প্ৰথম অনুষ্ঠান আছিল। অন্য শিল্পী বিলাকক যিদৰে সন্মান জনাই, কিন্তু মোৰ ক্ষেত্ৰত এখন গামোচাৰ যোগ্য নহ’লো। লোকগীতৰ শিল্পী হোৱা বাবে আমাক অপমানিত কৰিলে নেকি? যদি এনেকুৱা মানসিকতা হয় তেতিয়াহলে আমাক মাতি নি অপমানিত কৰিব নালাগিছিল। মই খুব দুখ পাইছো অন্তৰত, যদি এনেকুৱা মানসিকতা হয় আমি শিল্পীসকল কেনেদৰে জীয়াই থাকিম।’’ এই পোষ্টৰটোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছচিয়েল মিডিয়াতো বিভিন্নজনে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ বিষয়ববীয়াক সমালোচনা কৰিছে। সাহিত্য সভাৰ মঞ্চত এগৰাকী শিল্পীক এইদৰে অপমান কৰাটো অতি অশোভনীয় বুলি মন্তব্য কৰিছে বহুজনে।