সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৭ সংখ্যক মৃত্যু দিৱস উপলক্ষে

সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৭ সংখ্যক মৃত্যু দিৱস উপলক্ষে
২৬ মাৰ্চত আঁহতগুৰিত অসম সাহিত্য সভাৰ কেন্দ্রীয় সাহিত্য দিৱস

ৰঙিলী বাৰ্ত্তাসেৱা- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৭ সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি ‘সাহিত্য দিৱস’ অনুষ্ঠানটি অসম সাহিত্য সভাই কেন্দ্রীয়ভাৱে মৰিগাঁও জিলা সাহিত্য সভাৰ আতিথ্যত আৰু আঁহতগুৰি শতদল শাখা সাহিত্য সভাৰ সহযোগত অহা ২৬ মার্চ, বুধবাৰে দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আঁহতগুৰিৰ শ্ৰীমন্ত শঙ্কৰগুৰু কীৰ্তনঘৰ আৰু নাটঘৰত আয়োজন কৰা হৈছে বুলি অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাৰ লগতে মৰিগাঁও জিলা সাহিত্য সভাৰ সম্পাদক কুশল কুমাৰ বৰা আৰু আহঁতগুৰি শতদল শাখা সাহিত্য সভাৰ সম্পাদক ৰাজেন দাসে এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে ৷ কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা ৮-৪৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰিব মৰিগাঁও জিলা সাহিত্য সভা সভাপতি ড° হৰমোহন কলিতাই , লক্ষ্মীনাথ বেজবৰুৱাৰ প্রতিমূৰ্তিত বন্তি প্রজ্বলন কৰিব আঁহতগুৰি শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিষ্ণুৰাম ডেকাই; লক্ষ্মীনাথ বেজবৰুৱাৰ প্রতিমূৰ্তিত মাল্যার্পণ আঁহতগুৰি শতদল শাখা সাহিত্য সভাৰ সভাপতি অঞ্জলি দাস আৰু শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰিব আঁহতগুৰি শতদল শাখা সাহিত্য সভাৰ প্রতিষ্ঠাপক সভাপতি সত্যহাস দাসে ৷ পুৱা ১১ বজাৰ পৰা অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰোহিত্যত অনুষ্ঠিত হ’বলগা মুকলি সভাখনি উদ্ধোধন কৰিব অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ আদৰণি ভাষণ আগবঢ়াব অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱাই ৷ মুকলি সভাখনিত নির্দিষ্ট বক্তা , মুখ্য বক্তা, বিশেষ অতিথি আৰু বিশিষ্ট অতিথিৰূপে ক্ৰমে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অধ্যাপক ড° প্রাণজিৎ বৰা, তেজপুৰ বিশ্ব বিদ্যালয়ৰ সহযোগী অধ্যাপক ড° সুব্রত জ্যোতি নেওগ, ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা অসম চৰকাৰৰ উচ্চ শিক্ষাৰ সচিব নাৰায়ণ কোঁৱৰ, মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শর্মা আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস উপস্থিত থাকিব ৷ সন্ধিয়া উদ্‌যাপন সমিতি আৰু আঁহতগুৰি শাখা সাহিত্য সভাৰ সৌজন্যত বেজবৰুৱাৰ পৱিত্ৰ স্মৃতিত সমূহীয়া বস্তি প্রজ্বলন কৰা হ’ব ৷ উক্ত সাহিত্য দিৱসৰ সকলো কাৰ্যসূচীতে অংশগ্রহণ কৰি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিবলৈ সকলো সাহিত্যনুৰাগীলৈ অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই নিমন্ত্ৰণী শৰাই আগবঢ়াইছে৷