সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৬ সংখ্যক মৃত্যু বাৰ্ষিকী স্মৃতি চাৰণ সভা
ৰঙিলী বাৰ্ত্তাসেৱা- সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ৮৬ সংখ্যক মৃত্যু বাৰ্ষিকী। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চলকালয়ৰ সহযোগত লগতে গুৱাহাটী আৰ্টিষ্ট গিল্ড আৰু নবীন গোষ্ঠী , কটন বিশ্ববিদ্যালয়ৰ সহায়ত গুৱাহাটীৰ চান্দমাৰীৰ আৰ্টিষ্ট গিল্ডৰ প্ৰেক্ষাগৃহত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ ৰাজহুৱা সভাখনত সমিতিৰ স্থায়ী সভাপতি প্ৰদ্যুৎ কুমাৰ চৌধুৰীয়ে পৌৰোহিত্য কৰে৷ সভাৰ আৰম্ভণিতে বেজবৰুৱাৰ ফটোত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়৷ আৰ্টিষ্ট গিল্ডৰ সভাপতি আমিনুল হকৰ উপৰিও বিশিষ্ট কবি আনিচ উজ জামান,বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰীক উষ্ম সম্বৰ্ধনা জনোৱা হয়।সভাত কেইবাজনো বিশিষ্ট ব্যক্তি উপস্হিত থাকি বেজবৰুৱাৰ গুণানুকীৰ্তন কৰে৷