সাহিত্যিক অতুলানন্দ গোস্বামীৰ মৃত্যু

 সাহিত্যিক অতুলানন্দ গোস্বামীৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট স্ৰষ্টা অতুলানন্দ গোস্বামীৰ দেহাৱসান । নামঘৰীয়া নামৰ উপন্যাসৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰা সাহিত্য অকাডেমী বঁটা প্ৰাপক সাহিত্যিক গৰাকীয়ে আজি পুৱা ৫.১৫ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।এগৰাকী বিশিষ্ট অনুবাদক হিচাবেও সমগ্ৰ দেশতে পৰিচিত গোস্বামীয়ে বাঙালী সাহিত্যৰ ভালে সংখ্যক গ্ৰন্থৰ অনুবাদক গোস্বামীয়ে ‘চেনেহ জৰীৰ গাঁঠি’ শীৰ্ষক উপন্যাসৰ বাবে ২০০৬ চনত সাহিত্য অকাডেমী সন্মান লাভ কৰিছিল ।উল্লেখ্য যে ৰাজ্যত ইতিমধ্যে এক আন্দোলনৰ ৰূপ লোৱা শংকৰদেৱৰ শিশু নিকেতন আৰু বিদ্যা নিকেতনৰ স্থাপন আৰু প্ৰসাৰৰ তেওঁ আছিল এগৰাকী অন্যতম ৰূপকাৰ । বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত ৰাজ্য জুৰি শোকৰ ছাঁ পৰিছে ।