সাহসৰ আন এক নাম পৰিচয় – সংযুক্তা দত্ত

সাহসৰ আন এক নাম পৰিচয়

সংযুক্তা দত্ত

সাহসৰ আন এটা নাম -পৰিচয়। সাহসৰ দ্বাৰাহে মানুহে পৰিচয় লাভ কৰে । এজন সাহসী মানুহৰ সান্নিধ্যত আন দহজন সাহসী মানুহে স্থিতি লাভ কৰে । যিকোনো এটা কাম কৰিবলৈ প্ৰথমে আমাক সাহস লাগিব সাহস থাকিলেহে আমি যিকোনো কাম সহজে কৰিব পাৰোঁ। সাহস মানে হ’ল – এক সংগ্ৰাম । যি সংগ্ৰাম সদায় নিজৰ লগত সাহসেৰে কৰা হয়। সাহস ক’ৰ পৰা আহে ? কেনেকৈ আহে? কেতিয়া আহে ? সেয়া কোনেও নাজানে । মাত্ৰ নিজৰ ওপৰত থকা বিশ্বাসেই মানুহৰ সাহস হৈ পৰে । মানুহক সাহস লাগে – কথা পাতিবলৈ, কাম কৰিবলৈ , কথা ক’বলৈ , ধৈৰ্য ধৰিবলৈ, আৰু সৎ পথত থাকিবলৈ। সৎ আৰু সাহসী ব্যক্তি জনে যেনেদৰে কথা ক’বলৈ ভয় নকৰে । ঠিক তেনেদৰে কাম কৰিবলৈও ভয় নকৰে । গতিকে তেওঁ সাহসেই তেওঁ পৰিচয় ।