সাম্প্ৰতিক গুৰু- শিষ্যৰ সম্পৰ্ক কিমান মধুৰ? – সুনম বিশ্বাস

Pc PBS

সাম্প্ৰতিক গুৰু- শিষ্যৰ সম্পৰ্ক কিমান মধুৰ?

সুনম বিশ্বাস
গোৰেশ্বৰ, তামুলপুৰ

পৃথিৱীৰ আটাতকৈ পৱিত্ৰ কৰ্মই হৈছে শিক্ষাদান কৰা। অন্ধকাৰাচ্ছন্ন জীৱনত জ্ঞানৰ আলোকেৰে আলোকিত কৰাই হৈছে এগৰাকী শিক্ষকৰ দায়িত্ব। বিশ্বৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাগুৰু হৈছে মাতৃ। জন্মৰ পিছৰ পৰাই শিক্ষা আহৰণ কৰা আমাৰ কৰ্তব্য। আমি প্ৰত্যেকেই শিক্ষাৰ কঠিয়াডৰাত মাৰ আঙুলি স্পৰ্শ কৰিয়ে নামিছোঁ।সেই কাৰণে মণ্টেশ্বৰীয়ে কৈছিল— “ঘৰেই হ’ল শিশুৰ আটাইতকৈ ভাল পঢ়াশালি আৰু মাকেই হ’ল আটাইতকৈ ভাল শিক্ষয়িত্রী।” শিশুৰ জীৱনত মাকৰ ভূমিকা বৰ্ণনাৰ বাহিৰত।

মাতৃৰ পিছতেই শিষ্যৰ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আনুষ্ঠানিক শিক্ষাৰ শিক্ষাগুৰুসকল। গুৰুৰ সান্নিধ্যত ছাত্ৰৰ জীৱন ধন্য হয়। গুৰু-শিষ্যৰ সম্পর্ক একেটা মুদ্রাৰ দুখন পিঠিস্বৰূপ। এজনক এৰি আন এজনৰ অস্তিত্ব অবান্তৰ। পিতৃ-মাতৃৰ পিছতেই সন্তানক অপত্য স্নেহৰ বান্ধোনেৰে বাস্তৱ জীৱনত প্ৰয়োজনীয় সকলোবোৰ জ্ঞান দিয়ে এগৰাকী শিক্ষক বা শিক্ষয়িত্ৰীয়ে। তেওঁলোক সদায়েই পৃথিৱীৰ নি:স্বাৰ্থ সেৱাত ব্ৰতী। জগতৰ পৰা অন্ধকাৰাচ্ছন্নতা আঁতৰাই জ্ঞানৰ পোহৰেৰে আলোকিত কৰাই তেওঁলোকৰ কৰ্তব্য । শিক্ষাৰ দ্বাৰা মানুহে  জীৱন – ধাৰণৰ বাবে নৱ চিন্তাধাৰাৰে পুষ্ট পথ বিচাৰি উলিয়াই  নিজস্ব বিচাৰ – বুদ্ধি আৰু জ্ঞানৰ বলত। শিক্ষাই মানুহক পূৰ্ণতা দিয়ে আৰু সেই পূৰ্ণ পথৰ দাঁতিত কণাৰ লাখুটি স্বৰূপ হৈ থাকে আমাৰ শিক্ষাগুৰু। ১৯৬৪-৬৬ চনৰ কোঠাৰী আয়োগৰ দৃষ্টিনিভংগী অনুধাৱন কৰিলে সুন্দৰভাৱে উপলব্ধি কৰিব পাৰি বিদ্যালয়ত শিক্ষাৰ গুৰুত্বৰ কথা । এই আয়োগৰ মতে, ” The destiny of India in new being shaped in her classrooms.”

প্রাচীন কালৰ পৰাই গুৰু – শিষ্যৰ সম্পর্ক মধুৰ আছিল। একমাত্র শিক্ষকে কমাৰৰ দৰে দ্বগ্ধ জুইৰ ওচৰত বহি কঠোৰ লোহাক অক্লান্ত কষ্ট আৰু ধৈৰ্যৰে নৱ ৰূপ প্রদান কৰে, নতুন-নতুন আকাৰ – আকৃতিয়ে দেখাত শুভনীয় কৰি তোলে চিৰকালৰ বাবে । সেই অন্তৰালত তেখেতৰ কষ্টৰ উমান আমাৰ ধাৰণাতীত। আনে অবিশ্বাস কৰিলে এগৰাকী শিক্ষকে কেতিয়াও শিষ্যক দিয়া জ্ঞান-শিক্ষাক অবিশ্বাস নকৰে। যিদৰে মহাভাৰতৰ গুৰু পৰশুৰামে ভীষ্মৰ জ্ঞান-শিক্ষাৰ ওপৰত অম্বাই কৰা অপবাদক গুৰুৱে বিশ্বাস কৰা নাছিল । জ্ঞান-শক্তিৰ বহিঃপ্রকাশ দেখাবলৈ গুৰু- শিষ্যৰ মাজত যুদ্ধ হৈছিল আৰু অম্বাৰ ধাৰণাক ভুল প্ৰমাণিত কৰিছিল।

বর্তমানৰ পৰিপ্রেক্ষিত শিক্ষকৰ প্রতি থকা শিষ্যৰ শ্ৰদ্ধা-ভক্তিৰ অভাৱ দেখা যায়। আগৰ যি ‘চেকনিৰ আগত বিদ্যা’ৰ ধাৰণা লোপ পোৱাৰ লগে লগ সমাজখন সমাজ হৈ থকা নাই, বিদ্যালয়ৰ পৰিৱেশো আগৰ দৰে নাই । বৰ্তমান বিদ্যালয়ত উপযুক্ত অনুশাসনৰ অভাৱ। শিক্ষকৰ দুহাত যেন বন্ধা আছে। ছাত্ৰ- ছাত্ৰ-ছাত্ৰীক এষাৰ জোৰেৰে ধমকি দিলেও অভিভাৱক মিটিঙৰ বহি যায়। এক বিশৃংখল পৰিস্থিতিৰ কবলত আমি  স্বস্তিৰে উশাহ ল’ব পৰা নাই। সময় পৰিৱতৰ্নশীল ইয়াৰ লগত খোজ মিলাই পৃথিৱীৰ প্রতিটো বস্তুতেই পৰিৱর্তনৰ বা বলিছে। শিক্ষা ক্ষেত্রও তাৰ ঊর্ধ্বত নহয় । বিশেষকৈ প্ৰগতি , পৰিৱৰ্ধন আৰু গতিশীল অগ্ৰগতিত লাভ কৰা মানৱ জীৱনৰ অসীম জ্ঞানেই কঢ়িয়াই আনিছে অদ্ভূত পৰিৱৰ্তন আৰু সেইবোৰে উদ্ভাৱনশীল হৈ উঠিছে। ইয়াতেই যেন সৃষ্টি হৈছে নৱপ্রজন্মৰ সংঘাত । গুৰৱে শিষ্যৰ লগত এক মনস্তাত্বিক সম্পর্ক গঠন কৰিব নোৱাৰিলে তেওঁলোকক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰিব নোৱাৰে । তাকে কৰিবলৈ গৈ কিন্তু বর্তমান অত্যাধিক বন্ধুসূলভ সম্পর্কই গুৰু- শিষ্যৰ মাজত যেন ভাবুকি আহিছে। গুৰুৰ প্রতি শিষ্যৰ শ্ৰদ্ধা লোপ পোৱাৰ উপক্ৰম হৈছে। আগতে আমাৰ দিনত ৰাস্তাত গুৰুক দেখিলেই চাইকেলৰ পৰা নামি দিয়া , ছাতি লৈ গৈ থাকিলে বৰষুণ দিলেও ছাতি জপাই দিয়া দিনবোৰ আজি নাই । তাকে দেখি শিক্ষকে আমাক মৰমৰ চলেৰে গালিও পাৰিছিল। কিন্তু বর্তমান ৰাস্তাৰে শিক্ষক গ’লে নেদেখাৰ ভাও জুৰি শিষ্য ওলাই যায় আৰু কেতিয়াবা সমনীয়াৰ দৰে আচৰণ কৰে । বিদ্যালয়তো কথা – নমনা , অনৈতিক কাজবোৰৰ ফলত তেওঁলোকৰ মূল্যবোধৰ শিক্ষা সাৰশূণ্য হ’বলৈ ধৰিছে। এনেকৈয়ে সমাজত এক অশৈক্ষিক পৰিৱেশৰ সৃষ্টি হৈছে।

গতিকে আমি ক’ব পাৰো যে যিখন সমাজত শিক্ষকৰ অনাদাৰ হয়, শ্ৰদ্ধা- ভক্তি লোপ পাই সেইখন সমাজ অধঃপতনৰ গৰাহত ডুব যোৱাটো ধ্ৰুৱসত্য। কেৱল এটা বিশিষ্ট দিনত শিক্ষকৰ প্ৰতি দেখুওৱা তথাকথিত সন্মান, শ্ৰদ্ধা- ভক্তিয়ে শিক্ষক সমাজ কেতিয়াও সন্তুষ্ট নহয়। ইয়াৰ বিপৰীতে প্ৰত্যেকটো দিনেই সাধাৰণভাৱে সন্মানৰ দৃষ্টিত ৰাখিলেই সন্তোষ লাভ কৰে। তেওঁলোকে গুৰু দ্ৰোণাচাৰ্যই একালব্যৰ পৰা লোৱা  গুৰুদক্ষিণা নিবিচাৰে । কেৱল শিষ্যৰ সফল প্ৰাপ্তিৰ আশাৰেই ৰৈ থাকে আজীৱন। গুৰু দক্ষিণা নামত এষাৰ শ্ৰদ্ধা- ভক্তিৰ মাতেই তেওঁলোকৰ বাবে যথেষ্ট।