সামাজিক মাধ্যমত পত্নী এলিজাবেথক লৈ বিশেষ পোষ্ট গৌৰৱ গগৈৰ
ৰঙিলী বাৰ্ত্তাসেৱা- যোৰহাটৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবার্নৰ আইএছআইৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগক লৈ উত্তাল হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি। বিশেষকৈ বিবাহৰ ১২ বছৰ পাছতো এলিজাবেথে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰাক লৈ একাংশই প্রশ্ন উত্থাপন কৰিছে।উত্থাপিত অভিযোগৰ মাজতে সামাজিক মাধ্যমত পত্নীক উদ্দেশ্যি লিখা এটা পোষ্টত গৌৰৱ গগৈয়ে স্পষ্টভাৱে উল্লেখ কৰে যে তেওঁৰ পত্নী এলিজাবেথ বর্তমানো ব্রিটিছ পাছপ’ৰ্টৰ অধিকাৰী।গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত পত্নী এলিজাবেথলৈ লিখা পোষ্টত লিখিছে – ‘প্রিয় এলিজাবেথ, আজি মই তোমাক কৃতজ্ঞতা জনাইছোঁ। যোৱা কিছুদিনৰ পৰা তোমাৰ নাম চৌদিশে চর্চিত। আজি তোমাৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন। বিবাহৰ পাছত সকলো ছোৱালীয়েই ঘৰ-পৰিয়াল এৰি আহে। কিন্তু তুমি মাথোঁ ঘৰ-পৰিয়ালেই নহয়, মাতৃভূমিকে এৰি আহিলা। ভাৰতলৈ আহি তুমি আমাৰ ভাষা, সংস্কৃতি, পৰম্পৰাক আঁকোৱালি ল’লা। এগৰাকী অসমীয়া বোৱাৰী হিচাপে অসমলৈ আহি তুমি আমাৰ সংস্কৃতি গ্ৰহণ কৰিলা। নাম, ভাওনা, বিহু, পূজা সকলোতে তুমি ভাগ ল’লা। কর্মস্থলী দিল্লীতে থাকি আমাৰ দুই সন্তানক ডাঙৰ-দীঘল কৰিছা। তোমাৰ ব্ৰিটিছ পাছপ’ৰ্ট তোমাৰ অপৰাধ নহয়। তোমাৰ অ’চিআই কার্ডো কোনো নীতি-বহির্ভূত নহয়। নিশ্চয়কৈ প্ৰতিগৰাকী নাৰীৰ দৰেই তোমাৰ নিজৰ মা-দেউতা আৰু নিজৰ মাতৃভূমিৰ প্রতি অলপ হ’লেও টান থাকিবই। নিজৰ মা-দেউতাক লগ পাবলৈ মনত হেঁপাহ থাকিবই। তুমি ৰাজনীতিৰ পৰা বহু আঁতৰত থাকা। কিন্তু আজি ৰাজনীতিয়ে তোমাকো টানি আনিছে। তুমি আইএছআই নহয়, এগৰাকী মেধাসম্পন্ন প্রতিভাশালী নাৰী। অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ ওপৰত বিশ্বাস ৰাখা। সকলোৱে জানে প্রকৃত সত্য কি?’ এই পোষ্টৰ সৈতে গৌৰৱ গগৈয়ে পত্নী এলিজাবেথে বিহু গান গাই থকা এটা ইউটিউব ভিডিঅ’ সংলগ্ন কৰিছে। উল্লেখ্য যে লোকসভাত কংগ্ৰেছৰ উপ-দলপতি, সাংসদ গৌৰৱ গগৈৰ পাকিস্তান দূতাৱাসত বৈঠক, পত্নী এলিজাবেথৰ আইএছআইৰে সম্পৰ্কৰ অভিযোগে সমগ্র দেশতে তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছে। ৰাষ্ট্ৰীয় নিৰাপত্তাৰে জড়িত চাঞ্চল্যকৰ অভিযোগ উত্থাপনৰ পিছতে সাংসদ গৌৰৱ গগৈৰ নিজৰ স্থিতি স্পষ্ট কৰিবলৈ বিভিন্ন পক্ষই দাবী উত্থাপন কৰিছে। আনকি তেওঁৰ ভূমিকাক লৈও সচেতন মহল সৰৱ হৈ পৰিছে। ইয়াৰ মাজতে গৌৰৱ গগৈয়ে বিজেপিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিছে। সামাজিক মাধ্যমত তেওঁ লিখিছে যে বিজেপিয়ে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ চূড়ান্ত মান হানি কৰিছে। এই সন্দৰ্ভত শীঘ্ৰে আইনী ব্যৱস্থা গ্ৰহণ কৰিব।