সামাজিক ব্যাধি স্বৰূপ পৰকীয়া প্রেম আৰু ইয়াৰ প্ৰতিকাৰ
বাহাৰুল ইছলাম(শিক্ষক)
বালিজান, মৰিগাঁও
সাম্প্ৰতিক সময়ত পৰকীয়া প্রেম এটা সহজসাধ্য বিষয় হৈ পৰিছে।” A brief sexual or romantic relationship outside the marriage.” অৰ্থাৎ বিবাহ বহিৰ্ভূত এক প্ৰেম বা যৌন সম্পৰ্কই হৈছে পৰকীয়া প্ৰেম। সাধাৰণতে বিয়াৰ পিছত স্বামী অথবা স্ত্ৰীয়ে আন মহিলা বা পুৰুষৰ সৈতে কৰা প্রেমেই পৰকীয়া প্রেম। এই প্রেমত মাতাল হৈ অনেক সুখী সংসাৰ তচনচ হোৱা দেখা যায়। ক’ৰবাত যদি ন-বোৱাৰীজনী অথবা ন-দৰাজনে ইয়াৰ কবলত পৰিছে আন ক’ৰবাত দুই বা ততোধিক সন্তানৰ পিতৃ-মাতৃয়ে ইয়াৰ দ্ধাৰা প্রভাৱিত,আনকি ক’ৰবাত বুঢ়া-বুঢ়ীৰ মাজতো পৰকীয়াৰ প্রভাৱ পোৱা যায়। যিকি নহওঁক কিয়, পৰকীয়া প্রেম এটা ভয়ানক ব্যাধি কিয়নো ই ধ্বংস কৰিব পাৰে এটি সুখৰ সংসাৰ অথবা জীৱশ্ৰেষ্ঠক ঠেলি দিব পাৰে দুখৰ সাগৰত। ই কেতিয়াও গ্ৰহণযোগ্য নহয়। ড০ মেলানিয়া জয়ে তেওঁৰ ‘সম্পৰ্ক সঠিক হোৱা’ নামৰ কিতাপখনত লিখিছে যে “যিসকল লোকৰ স্বাস্থ্যৱান, পৰিপূৰ্ণ সম্পৰ্ক আছে- ৰোমাণ্টিক সঙ্গী, বন্ধুবৰ্গ, সহকৰ্মী, পৰিয়ালৰ সদস্য আদিৰ সৈতে – জীৱনৰ সকলো ক্ষেত্ৰতে অধিক ভাল হয়।” দুৰ্ভাগ্যবশতঃ, সকলো বিবাহে প্ৰেমৰ প্ৰয়োজনীয় প্ৰতিপালন প্ৰদান নকৰে। যেতিয়া এনে হয়, প্ৰেম শেষ হয়।সৃষ্টি হয় সকলোৰে বাবে এক কৰুণ পৰিস্থিতি।
বিভিন্ন কাৰণত কিম্বা বিভিন্ন পৰিৱেশত অথবা কাৰোবাৰ পৰশত পৰকীয়া সম্ভৱ হোৱা দেখা যায়,তাৰ পিছতো যেতিয়া এজন পুৰুষ প্ৰেমত পৰে, তেওঁ যথেষ্ট প্ৰশংসনীয় হ’বলৈ আৰম্ভ কৰে। গতিকে যেতিয়া এজন বিবাহিত পুৰুষে এগৰাকী মহিলাক ভাল পায়, তেওঁ তাইক প্ৰশংসা কৰা আৰম্ভ কৰাৰ সম্ভাৱনা থাকে । যদি এজন বিবাহিত পুৰুষে আন কাৰোবাৰ তুলনাত এগৰাকী মহিলাৰ সৈতে কথা পাতি ভাল পায়, তেন্তে এজন বিবাহিত পুৰুষে আন এগৰাকী মহিলাৰ প্ৰেমত পৰাৰ এটা লক্ষণ হ’ব পাৰে। নিজৰ সুন্দৰী স্ত্রী থকাৰ পিছতো সি বাৰে অইনৰ স্ত্রীৰ প্ৰতি আকৰ্ষিত হয়। সেইদৰে বিবাহিত মহিলাও আকৰ্ষিত হ’ব পাৰে কোনোবা পুৰুষৰ প্ৰতি। পুৰুষৰ দৰে মহিলাৰো এনে লক্ষণ গঢ়ি উঠে যিয়ে বাৰে বাৰে অইন পুৰুষৰ প্ৰতি অনুভৱৰ সৃষ্টি কৰে।
মানুহ জীৱশ্ৰেষ্ঠ যদিও আবেগৰ দ্ধাৰাও বহুসময়ত পৰিচালিত নোহোৱা নহয়। প্রেমে নামানে কোনো বাধা,নামানে কোনো বয়স,নামানে কোনো জাতি-ধৰ্ম। সঁচাকৈয়ে ই অন্ধ। পৰকীয়া প্ৰেম বিভিন্ন কাৰণত হ’ব পাৰে। উদাহৰণস্বৰূপে–
1) স্বামী বা স্ত্ৰীৰ (কিছুমানৰ) পৰস্পৰে পৰস্পৰৰ প্রতি সময়ৰ লগে লগে অনীহা সৃষ্টি হোৱা।
2) শাৰীৰিক চাহিদা পূৰণ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা।
3) মানসিক হেঁচাৰ বাবে কেতিয়াবা ব্যৱহাৰ সলনি হৈ পৰস্পৰৰ প্রতি বিদ্বেষ ভাবৰ জন্ম হোৱা।
4) সময়ৰ অভাৱত স্বামীয়ে স্ত্ৰীক স্ত্ৰীয়ে স্বামীক বুজা-বুজি নকৰা।
5) সঘনাই আনৰ সৈতে সংযোগ স্থাপন কৰি চলা।
6) নতুনত্বৰ প্রতি থকা অবাধ চাহিদা।
7) পৰস্পৰৰ প্রতি মৰম,সহানুভূতি কমি গলে সেয়া পোৱাৰ বাবেও পৰকীয়াত লিপ্ত হোৱা দেখা যায়।
8) অশ্লীল ভিডিও, চিনেমা আদি বেছিকৈ উপভোগ কৰা।
9) বেছি আবেগিক হৈয়ো কিছুমানে পৰকীয়া প্ৰেমত পৰে।
10) সংসাৰত দেখা দিয়া অভাৱ আৰু সেই অভাৱৰ সুযোগ লোৱা কোনোবা পুৰুষেও কেতিয়াবা পৰকীয়া প্ৰেমত বাধ্য কৰোৱা।
11) কিছুমান মানুহৰ(পুৰুষ-মহিলা) চিন্তাধাৰাতো থাকিব পাৰে এনে কু-কৰ্ম কৰাৰ প্ৰৱণতা যাৰ বাবে পিতপিতাই বিচাৰি ফুৰে সুযোগ-সুবিধা আৰু বাৰে বাৰে এনে কু-কৰ্ম কৰে। ইত্যাদি।
সময় আৰু পৰিস্থিতিভেদে ৰং-ৰূপ সলনি হয় প্ৰেমৰ৷ কোনো এক নিৰ্দিষ্ট পৰিৱেশত প্ৰেমৰ একোটা সংজ্ঞা যথাৰ্থ যেন লাগিলেও পৃথক পৰিৱেশত হয়তো সেই একেটা সংজ্ঞাই হৈ পৰে অপ্ৰাসংগিক৷ বহুৰূপী এক অনুভৱৰে হয়তো অন্য নাম প্ৰেম৷ সংজ্ঞাতীত আৰু ব্যাখ্যাতীত এই বৰ্ণময় অনুভৱ৷ লক্ষ্মীনাথ বেজবৰুৱাৰ মতে “প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল৷” প্ৰেম যদি যৌৱনৰ জয়গান, তেনেহ’লে ই বাৰ্দ্ধক্যৰো সোণালী সংগীত৷ প্ৰেম অবিহনে জীৱন বৃথা।
প্ৰেম স্বৰ্গীয় বুলি কোৱা হয় যদিও পৰকীয়া কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে। ই বৰ্তমান নিচাদ্রব্যৰ দৰে সমাজত বৰকৈ বিয়পিব ধৰিছে। এই কু-কৰ্মই স্বামী-স্ত্রীৰ পৱিত্ৰ বন্ধনক কলংক সানিব। উদ্ভৱ হ’ব পাৰে হিংসা-বিদ্বেষ,হত্যা। স্বামী বা স্ত্ৰীয়ে পৰস্পৰ বুজা-বুজিৰ দ্ধাৰা আৰু ইজনে আনজনক কৰা মৰম,সহানুভূতিয়ে এনে অসামাজিক কাৰ্যৰ পৰা আতৰাই ৰাখিব পাৰে। সচেতন মহলে সজাগতা সৃষ্টিৰ জৰিয়তে এই ব্যাধি ৰোধ কৰিব লাগিব অন্যথা সভ্য সমাজ গঠন হ’ব নোৱাৰিব। শান্তিৰ পৰিৱৰ্তে সমাজত বিৰাজ কৰিব অশান্তিয়ে। স্বামী-স্ত্রীৰ পৱিত্ৰ বন্ধনক অসভ্য বন্ধনত পৰিৱৰ্তন কৰিব। নাথাকিব জীৱশ্ৰেষ্ঠৰ মান-সন্মান, নাথাকিব সুখৰ সংসাৰ।