সাতভনীৰ সাংস্কৃতিক সমন্বয়য়েৰে মুখৰিত যুৱ আৱাস, পল্টনবজাৰ

সাতভনীৰ সাংস্কৃতিক সমন্বয়য়েৰে মুখৰিত যুৱ আৱাস, পল্টনবজাৰ
নেহৰু যুৱ কেন্দ্ৰৰ সীমান্ত এলেকা যুৱ আদান-প্ৰদান কাৰ্যসূচীৰ আনুষ্ঠানিক শুভাৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ যুৱক-যুৱতীৰ কৃষ্টি- সংস্কৃতিৰ সমন্বয়ৰে মুখৰিত গুৱাহাটীৰ পল্টনবজাৰত অৱস্থিত যুৱ আৱাসৰ চৌহদ। ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অনুমোদন সাপেক্ষে কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত যুৱ আৱাস, পল্টনবজাৰ গুৱাহাটীত ২১ ফেব্ৰুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সীমান্ত এলেকা যুৱ আদান-প্ৰদান কাৰ্যসূচীত উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য অৰুণাচল, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্যৰ মূঠ ২৫ গৰাকী যুৱ প্ৰতিনিধি আৰু অসমৰ বিভিন্ন জনগোষ্ঠীয় যুৱক যুৱতী মুঠ অৰ্ধ শতাধিক যুৱক যুৱতীৰ কৃষ্টি নৃত্যৰে মুখৰিত হৈ পৰে যুৱ আৱাস স্থলী। যুৱ শক্তিৰ মাজত একতা, ভাতৃত্ববোধৰ লগতে ভাষা, সাংস্কৃতিক সমন্বয়, সম্প্ৰীতিৰ আদান- প্ৰদানৰ লগতে, সমল ব্যক্তিৰ দ্বাৰা শৈক্ষিক কাৰ্য্যসূচী, যোগাভ্যাস, ক্ষেত্ৰ ভ্ৰমণ, ভাৰত জানো কুইজ আদি বিভিন্ন কাৰ্য্যসূচীৰে অনুষ্ঠিত ʼʼসীমান্ত এলেকা যুৱ আদান-প্ৰদান কাৰ্যসূচীʼʼৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত কেচিঅ কৰণ পেগুৱে। উদ্বোধনী ভাষণত অতিৰিক্ত আয়ুক্ত গৰাকীয়ে সীমান্ত এলেকাৰ যুৱ শক্তিৰ মাজত সাংস্কৃতিক সমন্বয় আৰু ভ্ৰাতৃত্ববোধৰ বাবে আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে যুৱ শক্তিৰ মাজত সাংস্কৃতিক সমন্বয় আৰু ভ্ৰাতৃত্ববোধৰ উত্তৰণ ঘটিব” বুলি মন্তব্য আগবঢ়ায়। উদ্বোধনী অনুষ্ঠানত আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ একাডেমীক ডীন ডঃ মৌচুমী বৰা, ৰাষ্ট্ৰীয় সেৱা যোজনা, উত্তৰ পূব আঞ্চলিক কাৰ্যালয়ৰ অৱসৰপ্ৰাপ্ত আঞ্চলিক সঞ্চালক জিন জিলাং আৰু কেন্দ্ৰীয় চৰকাৰৰ জৰীপ বিভাগৰ উপ সঞ্চালক সুব্ৰত মুখাৰ্জী উপস্থিত থাকি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ ৰাজ্যিক সঞ্চালক দীনবন্ধু সাহাই কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে নিমন্ত্ৰীত অতিথি সকলক আদৰণি জনায়। অৰুণাচল, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্যৰ মূঠ ২৫ গৰাকী যুৱ প্ৰতিনিধি আৰু অসমৰ বিভিন্ন জনগোষ্ঠীয় যুৱক যুৱতীৰ মাজত একতা, ভাতৃত্ববোধৰ লগতে ভাষা, সাংস্কৃতিক সমন্বয়, সম্প্ৰীতিৰ আদান- প্ৰদানৰ লগতে, সমল ব্যক্তিৰ দ্বাৰা শৈক্ষিক কাৰ্য্যসূচী, যোগাভ্যাস, ক্ষেত্ৰ ভ্ৰমণ, ভাৰত জানো কুইজ আদি বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত জানিবলৈ দিয়ে নেহেৰু যুৱ কেন্দ্ৰ কামৰূপৰ জিলা যুৱ বিষয়া চয়ণ শুক্ল বৈদ্যই লগতে শুভাৰম্ভ অনুষ্ঠানত উপস্থিত সন্মানীয় অতিথি সকলক কৃতজ্ঞতা জ্ঞাপন কৰে।