সাগৰ দেখিলোঁ – ইভা গন্ধীয়া ফুকন

সাগৰ দেখিলোঁ
 ইভা গন্ধীয়া ফুকন
ভবা নাছিলোঁ সাগৰ চাবলৈ যাম কেতিয়াবা
কিন্তু আছিল সাগৰ চোৱাৰ হেঁপাহ
সুযোগ আহে কেতিয়াবা নভবা নিচিন্তাকৈ
পূৰ্ণ কৰে অনাকাংখিত আশা
সপোন নহয় দিঠকতে দেখিলোঁ সাগৰ
সাগৰৰ পাৰত থিয় হৈ চালোঁ ইটো পাৰ
দেখিলোঁ নীল আকাশৰ লগতে হ’ল একাকাৰ
আপ্লুত মন, সাগৰৰ জোৱাৰ -ভাটাৰ খেলা
নামি চালোঁ, সাগৰৰ ঢৌ চুই চালোঁ
মুখত লৈ চালোঁ সঁচাই লুণীয়া
গৰ্জন কৰি অহা ঢৌৱে আঁকোৱালি ল’ব খোজে
আঁতৰি যোৱা ঢৌৱে
ভৰিৰ তলৰ বলুকা কাঢ়ি নিয়ে
কেশ আউল বাউল কৰি সাগৰৰ অশান্ত উৰ্মিমালা
আগষ্ট মাহৰ উৎকট গৰমতো নাই গৰমৰ উন্নেষ
পুৱাবেলা সূৰুয উঠাৰ মনোৰম দৃশ্য
দুপৰবেলা সাগৰৰ পাৰৰ মৰুভু বলুকা
ইটোৰ পাছত অহা সিটো সাগৰৰ ঢৌ
গর্জন কৰি উঠিছে নামিছে
ক’ব খুজিছে যেন মই সাগৰ
সাগৰৰ ঢৌৱে মনৰ ঢৌ খহাই
হৃদয়ৰ দুৱাৰ খুলি দিয়ে
সাগৰৰ বুকুত সৰু বৰ নাওঁ
হয়তো মাছ মৰীয়াৰ জীৱন জীৱিকাৰ খেল
পাৰত বহু মানুহ
তাৰে কোনোবাই চাগৈ মোৰ দৰে
প্ৰথম দেখিছে সাগৰ
পাৰত ভিন্ন শংখ, শামুকৰ খোলা ,
নীলা , ৰঙা হালধীয়া পাথৰ,মুকুতা মালাৰ পোহাৰ
ল’লোঁ কিনি কেইধাৰীমান মুকুতা মালা,
শংখ , শামুকৰ খোলা
ৰাখিবলৈ চীন সাগৰ দেখাৰ!!