সাংসদ পদত জয়ী হোৱাৰ পাছদিনাই মাজুলীত উপস্থিত গৌৰৱ গগৈ ; মাজুলী জেংৰাইমুখৰ পৰা আৰম্ভ বিজয় যাত্ৰা; সদনত অসম বিৰোধী আইন হ’বলৈ নিদিওঁ – গৌৰৱ গগৈঃ
বিকাশ শইকীয়া,মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ সংসদীয় নিৰ্বাচনত এইবাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে বিবেচিত যোৰহাট লোকসভা সমষ্টি । সমষ্টিটোৰ পৰা কালি ঘোষিত ফলাফল অনুসৰি বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে শেষ হাঁহি মৰাৰ পিছদিনাই আজি যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৮ নং(এছ.টি) মাজুলী বিধান সভা সমষ্টিত উপস্থিত হয়। কালি ঘোষিত লোকসভা নির্বাচনত জয়ৰ পাছত আজি পুৱাবেলা নিমাতীৰ পৰা অফলামুখ ঘাটেৰে মাজুলীত উপস্থিত হোৱা সাংসদ গৰাকীয়ে মাজুলীৰ ভূমিত ভৰি দিয়াৰ লগে লগে ৰাইজে বিপুল ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে । সাংসদ গৰাকীক নিচেই কাষতে পাই আনন্দত আত্মহাৰা হৈ নাচিবলৈ আৰম্ভ কৰে সমৰ্থক সকলে । ৰাইজৰ আনন্দৰ মাজতে সাংসদ গৌৰৱ গগৈয়েও নাচি ৰাইজৰ মাজত উৎফুল্লিত হৈ পৰে । মাজুলীৰ ভূমিত ভৰি দি ৰাইজৰ ব্যাপক সম্ভাষণ অন্তৰিকতাৰে গ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত গৌৰৱ গগৈয়ে কয় , মই যথেষ্ট কৃতজ্ঞ । মাজুলীৰ লগত মোৰ আত্মিক সম্পৰ্ক আছিল। এই নিৰ্বাচনৰ পৰা সেই সম্পৰ্ক অতি দৃঢ় হ’ল। মাজুলীৰে সৈতে মোৰ সম্পৰ্ক ঘৰুৱা হ’ল । মাজুলীবাসীৰ মৰম স্নেহ আৰু বেছিকৈ দেখা পাইছোঁ। যোৰহাটৰ ৰাইজে আগৰ পৰা জনাই আছিল মোক যোৰহাটৰ পৰা প্ৰাৰ্থীত্ব দিব লাগে । সাংসদ গৰাকীয়ে মাজুলীবাসী ৰাইজে যি মৰম সহযোগিতা আগবঢ়ালে তাৰ বাবে সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে । চৰকাৰ গঠনৰ সন্দৰ্ভত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত সাংসদ গৰাকীয়ে কয়, কালি সংবাদমেল হ’ল। আমাৰ ইণ্ডিয়া এলায়েঞ্চএ সকলো দলৰ পৰামৰ্শ লোৱাটো উচিত । সকলোৰে লগত আলোচনা কৰাটো উচিত। কিছু দিনৰ আগতে নীতিশ কুমাৰ আমাৰ লগত আছিল। সেই কাৰণে তেখতৰ লগত আমাৰ ভাল চিনাকি। ২০১৯ চনৰ নিৰ্বাচনৰ সময়ত চন্দ্ৰ বাবু নাইডু আমাৰ লগত আছিল । হঠাতে দুয়োজন এন ডি এ লগত আছে। এন ডি এৰ লগত অন্ধপ্ৰদেশৰ ৱাইচাৰ কংগ্ৰেছ আছিল। বিহাৰৰ নীতিশ কুমাৰ আমাৰ লগত আছিল। ৰাজনীতিত পৰিস্থিতি সলনি হ’ব পাৰে । সংবাদ মাধ্যমৰ আগত সাংসদ গৰাকীয়ে আৰু কয় , বিজেপিৰ অহংকাৰ আজি জনসাধাৰণে ভাঙিছে। মই জনসাধাৰণক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।লোকতন্ত্ৰ ৰক্ষা কৰিবলৈ কংগ্ৰেছ দলক ৰাইজে ভোট দিছে, আশীৰ্বাদ দিছে। এতিয়া সদনৰ ভিতৰত সংবিধান আৰু অসম বিৰোধী আইন বিজেপিয়ে আনিব বিচাৰিলেও আমাৰ হাতত সংখ্যা আছে আমি তাক বাতিল কৰিব পাৰিম । এনে এটা পৰিবেশ আমি আগতে পোৱা হ’লে কেতিয়াও কা আইন গৃহীত নহলহেঁতেন। এতিয়া আমাৰ হাতত আসন আছে। এতিয়া আমাক বিৰোধী হিচাপে আমাৰ ভূমিকা গ্ৰহণ কৰিবলৈ সুবিধা দিয়ে তেন্তে আমি অসম বিৰোধী আইন কেতিয়াও পাছ হ’বলৈ নিদিওঁ । সংবাদ মাধামৰ আগত উক্ত বক্তব্য প্ৰদানৰ পাছতেই সাংসদ গৰাকীক মাজুলী জিলা কংগ্রেছৰ লগতে তেখেতৰ শুভাকাংক্ষীসকলে উষ্ম আদৰণি জনোই । ইয়াৰ পাছত সাংসদ গৰাকীক বনগাঁও, কমলাবাৰী, গড়মূৰ আদি স্থানটো দলীয় নেতাকৰ্মী সকলে আদৰণি জনাই । কমলাবাৰী চাৰিআলি পৰা সাংসদ গৰাকী কমলাবাৰী সত্ৰলৈ গৈ সেৱা জনাই । তাৰপাছত সাংসদ গৰাকীয়ে গড়মূৰ সদৰস্হিত ৰাজীৱ ভৱনত দলীয় নেতাকৰ্মী সকলৰ সৈতে মত বিনিময় কৰি জেংৰাইমুখলৈ ৰাওনা হয়।জেংৰাইমুখত অগণন ৰাইজে সাংসদ গৰাকীক বিপুলভাৱে আদৰণি জনাই আৰু মিচিং বিহু দলেৰেআদৰি নিয়ে । জেংৰাইমুখৰ ৰাজীৱ গান্ধী ক্ৰিয়া প্ৰকল্পৰ মুকলি মঞ্চত আয়োজন কৰা এখন জনসভাত অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্য কৰি ভাষণ প্ৰদান কৰি কয় , বিজেপিয়ে কোটি কোটি টকা খৰচ কৰিও সফল নহল। আমাক সকলো স্তৰৰ লোকে ভোট দিলে । দেউৰী ,মিছিং , গোৰ্খা সকলো জাতি জনগোষ্ঠীৰ লোকে আমাক ভোট দিলে । লোকসভা নিৰ্বাচন আমাৰ বাবে চেমি ফাইনেল আছিল। বিধান সভা নিৰ্বাচন ফাইনেল হ’ব । এইদৰে জেংৰাইমুখত বিজয় উৎসৱত অংশগ্ৰহণ কৰি সাংসদ গৰাকীয়ে মাজুলীৰ কংগ্ৰেছ কৰ্মী নেতাৰে মুৰং ঘৰত দুপৰীয়া অহাৰ গ্ৰহণ কৰি আফলামুখ ঘাটেৰে মাজুলীৰ পৰা যোৰহাটলৈ ৰাওনা হয়। সাংসদ গৰাকীক এই যাত্ৰাত কালত সংগ দিয়ে বট্ৰদোৱা বিধায়িকা শিবামণি বৰা আৰু তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাই ।