সাংসদ গৌৰৱ গগৈয়ে উপস্থিত মাজুলীৰ আউনীআটী সত্ৰত

সাংসদ গৌৰৱ গগৈয়ে উপস্থিত মাজুলীৰ আউনীআটী সত্ৰত

ৰঙিলী বাৰ্ত্তাসেৱা- সাংসদ গৌৰৱ গগৈয়ে মাজুলীৰ আউনীআটী সত্ৰত উপস্থিত হৈ শ্ৰদ্ধাৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীৰ আশীৰ্বাদ লয়। বছৰৰ অন্তিম দিনটোত তেওঁৰ কাষত উপস্থিত হৈ বিগত দিনবোৰত দি অহা দিহা-পৰামৰ্শ, সহায় আৰু মৰমৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে আৰু অনাগত দিনবোৰতো ৰাইজৰ সেৱা কৰি যাবলৈ তেওঁৰ আশীৰ্বাদ আৰু গঠনমূলক দিহা-পৰামৰ্শ কামনা কৰে। লগতে সাংসদ গগৈয়ে অসমৰ জনগণৰ প্ৰতি তেওঁৰ দায়বদ্ধতা আৰু পিতৃ-মাতৃৰ পৰা পোৱা মূল্যবোধ আৰু সততাৰে ৰাইজৰ সেৱা কৰাৰ ক্ষেত্ৰত তেওঁৰ দৃঢ় সংকল্পৰ কথা পুনৰ দোহাৰে।