সাংবাদিক অৰ্ণৱ ৰয়ৰ মৃত্যুত শোক

সাংবাদিক অৰ্ণৱ ৰয়ৰ মৃত্যুত শোক

ৰঙিলী বাৰ্ত্তাসেৱা- যুৱ সাংবাদিক অৰ্ণৱ ৰয়ৰ আজি মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবে শোক প্ৰকাশ কৰে৷ ৰাজ্যৰ এটা আগশাৰীৰ বৈদুতিন সংবাদ মাধ্যম News 18 ত কৰ্মৰত যুৱ সাংবাদিক অৰ্ণৱ ৰয়ৰ মৃত্যুত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে। আৰু শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। প্ৰতিভাৱান যুৱ সাংবাদিক গৰাকীৰ মৃত্যুত ৰাজ্যৰ সংবাদ জগততো শোকৰ ছাঁ পৰিছে। অৰ্ণৱ ৰয়ৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে গুৱাহাটী প্ৰেছ ক্লাবে৷