সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকিৰ পিছত এতিয়া জাঙুৰ খাই উঠিছে দল সংগঠন

সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকিৰ পিছত এতিয়া জাঙুৰ খাই উঠিছে দল সংগঠন
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-   সোনাৰি সমষ্টিৰ ৰজাপুখুৰী গাঁ‌ও পঞ্চায়তৰ ভয়ংকৰ বিত্তীয় কেলেংকাৰীৰ বাতৰি যুগুত কৰাৰ বাবে হেমন্ত লাহন নামৰ এজন ব্যক্তিয়ে সামাজিক মাধ্যমত  চৰাইদেউস্হিত সাংবাদিক পৰিস্মিতা ফুকন নামৰ মহিলা গৰাকীক প্ৰাণে মৰাৰ ভাবুকি দিয়া বুলি জানিব পাৰি সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক বিতোপন দুৱৰাই  তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক অতি সোনকালে কৰায়ত্ব কৰিবলৈ দাবী জনায়। তেওঁ সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে যে সংবাদ কৰ্মী সকলক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। তেওঁলোক সমাজৰ অতন্দ্ৰ প্ৰহৰী।সাংবাদিক সকলে দূৰ্নীতি বিলাক উদঙাই দেখুৱাই দিয়াৰ বাবে এচামৰ চকুৰ কুটা দাঁতৰ হূল হৈ পৰে আৰু স্বাৰ্থত আঘাত লাগিলে সাংবাদিকক ভয়ভীতি তথা মৃত্যুৰ ভাবুকি দিবলৈও কুন্ঠাবোধ নকৰে। সেয়েহে সংবাদ মাধ্যমৰ কৰ্মীক সুৰক্ষা দিবলৈ চৰকাৰ তথা গৃহ বিভাগক দিবলৈ অনুৰোধ জনায় সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক বিতোপন দুৱৰাই।