মোৰ এটি অনুভৱ
সম্পৰ্কৰ সৌন্দৰ্য
নমিতা দাস
শুৱালকুছি শান্তিতোল
প্ৰতিটো সম্পৰ্কৰে এটা স্বক্ৰিয় বৈশিষ্ট আছে । সেই সম্পৰ্কতে আছে সৌন্দৰ্য । মানৱ জীৱনৰ স্থিতিৰ লগে লগে আমি সম্পৰ্কৰ মেৰ পাকত সোমাই পৰো । সেয়া হৈছে তেজৰ সম্পৰ্ক । তেজৰ সম্পৰ্ক বোৰত নাম দিয়া হৈছে বিভিন্ন নামেৰে নামাকৰণ কৰি সম্পৰ্ক বোৰ নিয়াৰিকৈ চলাই নিবলৈ হৃদয়ৰ পৰা যত্ন কৰি সম্পৰ্ক বোৰৰ সৌন্দৰ্য বৃদ্ধি কৰাত জীৱ শ্ৰেষ্ঠ মানৱ জীৱনে সদায় আগ-ভাগ লৈ আহিছ। পিতৃ-মাতৃ ,দাদা -বাইদেউ, ভাই -ভগ্নী পেহা -পেহী, খুৰা- খুৰী, বৰমা -বৰদেউতা বন্ধু -বান্ধবী ইত্যাদি ,বিভিন্ন সম্পৰ্কৰে নামাকৰণ কৰি তেওঁলোকৰ লগত জৰিত হৈ পৰে আমাৰ জীৱন ।
জীৱন যোৰা এই সম্পৰ্কই সামাজিক ভাবে ৰীতি-নীতি ৰে বান্ধি ৰাখিছে । সমাজিক ৰীতি নীতিৰ বিপৰীতে সম্পৰ্ক বজাই ৰাখিবলৈ নোৱাৰো । সাম্প্ৰতিক সময়ত সম্পৰ্ক বোৰ সৰ্বাঙ্গীণ সুন্দৰ কৰি ৰাখিবলৈ ব্যক্তিৰ মন স্বচ্ছ আৰু নিকা হোৱাটো বাঞ্ছনীয় । অগ্ৰণী দৃষ্টিভংগী, উদাৰ মনোভাৱ,প্ৰণালীবদ্ধতাৰে ব্যক্তিগৰাকী যেতিয়া প্ৰতিটো সম্পৰ্কৰ মৰ্য্যদা দিয়ে তেতিয়া ব্যক্তিগৰাকী সমাজৰ পথ প্ৰদৰ্শক হৈ পৰে। এজন বা এগৰাকী মানুহৰ জীৱন নিৰ্বাহ পদ্ধতি সম্পৰ্কৰ আওতালৈ লক্ষ্য কৰি হে সামাজিক জীৱন জাপন নিৰুপণ কৰা হয়। প্ৰতিটো সম্পৰ্কই সমাজিক বান্ধোনেৰে বন্ধা থাকে । কোনো কোনো সময়ত দূৰ্বল আৰ্থিকতাই মানসিক আৰু সামাজিক ভাবে সম্পৰ্কত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। আৰ্থিক ভাবে সৱল আৰু দূৰ্বল ব্যক্তি সকলৰ মাজত সম্পৰ্ক বজাই ৰাখিবলৈ বৈষম্যতা সৃষ্টি হোৱাৰ লগে লগে পৰিয়ালত অশান্তিৰ সৃষ্টি হয়। বিভিন্ন সম্পৰ্কৰে স্বকীয় বৈশিষ্ট আছে । জন্মৰ পিছ মূহুৰ্তৰ পৰা জীয়াই থকা লৈকে প্ৰতিটো সম্পৰ্ক ভেদে সৌন্দৰ্য বেলেগ বেলেগ ৰূপত প্ৰতিফলিত হোৱা দেখা যায়। বিভিন্ন সম্পৰ্কই হৃদয়ত সাঁচ বহুৱাই আৰু বিভিন্ন সময়ত অভিজ্ঞতাৰে পৰিপক্ক কৰি তোলে সম্পৰ্ক বোৰ চলাই নিবলৈ নিজস্বতাৰ অতি প্ৰয়োজন।
“জীৱ শ্ৰেষ্ঠ মানুহ ” কাৰণ আমি শক্তিশালী আৰু মগজু খুটুৱাই কথা কৱ জনো, লাগতিয়াল প্ৰতিটো বস্তু আবিস্কাৰ কৰি পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ উৰিব পাৰিছোঁ,পানীৰ তল ওপৰ ভ্ৰমি মহাআকাশ পৰ্য্যন্ত গৈ বেলেগ গ্ৰহলৈ মহাকাশ যান পঠিয়াবলৈ সক্ষম হৈছোঁ। আমি বিশ্বব্ৰহ্মাণ্ডত সৃষ্টিৰ বিষয়ে সুত্ৰ উদঘাটন কৰিছোঁ (Big Bang Theory)বুলি জনা যায়। গ্ৰহ- নক্ষত্ৰ বোৰ কেনেকৈ ধ্বংস কৰিব পৰা যায় উলিয়াব পাৰিছো (কৃষ্ণ গহ্বৰ Black Hole) আমি আমাৰ গোতেই বিশ্বব্ৰহ্মাণ্ড আমাৰ জেপত ৰাখি মাত্ৰ কেইটামান বুটাম চুই দিলেই বিশ্বৰ যিকোনো ঠাইৰ ব্যক্তিৰ লগত সংযোগ ৰাখিব পাৰো । ইমানৰ পিছতো কেতিয়াবা মনলৈ প্ৰশ্ন জাগে সচাঁ কৈ আমি জীৱ শ্ৰেষ্ঠ হয় নে ?
আমাৰ মস্তিষ্কৰ ইমান খিনি বিকাশ হোৱাৰ পিছতো সম্পৰ্ক বোৰ ঘূণে ধৰে। উচ্চ শিক্ষাৰে শিক্ষিত সন্তানেও নিজ পিতৃ-মাতৃ গৰাকীক বোজা জ্ঞান কৰি অচিনাকী ঠাইত অকলশৰে এৰি অহাকে ধৰি সন্তানৰ অত্যাচাৰৰ বলি হোৱা মাতৃ-পিতৃ ৰ বাতৰি প্ৰতিদিনেই শিৰোনামা দখল কৰা পৰিলক্ষিত হয় । বাইদেউ,ভগ্নী সম ছোৱালী ,শিক্ষাৰ্থী, লগতে মাতৃ, আইতা সম বৃদ্ধা পৰ্যন্ত ধৰ্ষণৰ বলি হৈছে । কোনোবা স্ত্ৰীয়ে আকৌ স্বামী, পুত্ৰৰ হত্যাৰ দৰে অপৰাধতো লিপ্ত হোৱা দেখা যায়। বিবাহৰ পিছত মাতৃৰ ঘৰখন ছোৱালীজনীৰ বাবে অচিনাকী হৈ পৰে । ভাতৃ – ভগ্নী,ভাই- ভাইৰ চিনাকী নোহোৱা হয় । বিভিন্ন সময়ত সম্পৰ্কৰ বান্ধোন চিৰা-চিৰ হৈ পৰা দেখা যায়। সেই বোৰ সম্পৰ্ক সমাজৰ বোজা স্বৰূপ হৈ পৰে। মানুহৰ মনো বৰ জটিল আৰু বিস্ময়কৰ কেতিয়াবা নিজৰ লাভৰ বাবে বা হিংসাৰ কাৰণে হৃদয়েৰে গঢ়া সু- সম্পৰ্ককো প্ৰয়োজন অনুযায়ী ভাগি দিব পাৰে। আকৌ কোনো কোনো সময়ত তেজৰ সম্পৰ্ক নথকাকৈও চিনাকী সম্পৰ্ক বোৰে জীৱনত বেছি ৰেখা পাত কৰে ।তেওঁলোকৰ মৰম স্নেহ আৰু সহায়ে চিৰ দিনলৈ মনত অফুৰন্ত শক্তি আৰু সাহস দিয়াৰ ওপৰিও বিশ্বাসৰ জন্ম দিয়ে।
সম্পৰ্ক বোৰ সৰ্বাঙ্গীণ সুন্দৰ কৰিবলৈ আপুনি যেনে ধৰণৰ চিন্তা কৰিব ঠিক তেনেকুৱা ফল লাভ কৰে । সেয়ে যেতিয়া কাৰোবাক অভিশাপ দিয়া হয় তেতিয়া বুমেৰাং হৈ নিজৰ ফালেই ঘুৰি আহে ,আৰু কাৰোবাক আশীৰ্বাদ দিলে তেতিয়া আপোনা-আপোনি সেই আশীৰ্বাদ নিজৰ ফালেই বৰ্ষিত হ’ব । সেয়ে “থমাছ হাৰ্ডিয়ে কোৱাৰ দৰে নেতিবাচক আবেগ বোৰক নিয়ন্ত্ৰণ নকৰিলে সেইবোৰে বিপথে পৰিচালিত কৰাৰ সম্ভৱনা থাকে” । সেয়ে গঠন মূলক চিন্তাৰে আত্মোপলব্দি কৰি সম্পৰ্ক বোৰ চিৰ সেউজ কৰি ৰাখিবলৈ যত্ন কৰিব লাগে। কাৰণ মনৰ নিভৃত কোনৰ পৰা উৎপত্তি হোৱা কিছুমান সম্পৰ্কই ইতিহাস ৰচনা কৰা দেখা যায় । শ্ৰীকৃষ্ণ আৰু অৰ্জুন যি সম্পৰ্ক ,গান্ধাৰীয়ে স্বামীৰ লগত কটোৱা সম্পৰ্কৰ ওপৰিও জয়মতী – গদাপানি ,দুৰ্য্যোধণ আৰু কৰ্ণৰ মাজৰ সম্পৰ্ক ,এইদৰে নানা সম্পৰ্কই ইতিহাস ৰচনা কৰিছে এইবোৰৰ ওপৰিও ৰামায়ণৰ কৈকেয়ী আৰু মন্থৰাৰ সম্পৰ্ক , ৰাম লক্ষণৰ সম্পৰ্ক ইত্যাদি নানা সম্পৰ্কৰ সৌন্দৰ্য্য পৃথিৱীৰ ইতিহাসত বিৰল।
বৰ্তমান সময়ত সম্পৰ্ক বোৰ বৰ ঠুনুকা যেন অনুভৱ হয় বিভিন্ন কাৰণত যেন সম্পৰ্কৰ এনাজৰী দাল আধাতে চিঙি থাকে ।মোৱাইলৰ লগত হে বেছি সম্পৰ্ক গঢ়ি উঠা দেখিবলৈ পাওঁ তেনে ক্ষেত্ৰত আমি অভিভাৱক সকলে নতুন প্ৰজন্মক সম্পৰ্কৰে গঢ়া হৃদয়ৰ মাদকতা অনুভৱ কৰোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। প্ৰত্যেক জন ব্যক্তিয়ে বিভিন্ন কাৰণত ব্যক্তি কেন্দ্ৰিক হৈ পৰাত যৌথ পৰিয়ালৰ অভাবেও সম্পৰ্কৰ এনাজৰী ডালেক শিঠিল কৰা দেখা যায়।
শেষত জীৱ শ্ৰেষ্ঠ মানৱ হিচাপে আমি আমাৰ প্ৰতিটো সম্পৰ্কৰে মৰ্য্যদা অক্ষুন্ন ৰাখি নিয়াৰিকৈ চলাই নিব পৰাটো আমাৰ জীৱন নিৰ্বাহৰ দক্ষতাৰ পৰিচয় দাঙি ধৰে।এক কথাত কবলৈ গলে যেনেকৈ ডাকৰ বচন “বিশ্বাসে মিলয় হৰি ” ঠিক তেনেদৰে আমাৰ সম্পৰ্ক বোৰত বিশ্বাসে আদি মূল ।