সমুৎকৰ্ষ মহাশিবিৰৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আহ্বান

সমুৎকৰ্ষ মহাশিবিৰৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত ছাত্ৰ ছাত্ৰীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আহ্বান

ৰঙিলী বাৰ্ত্তাসেৱা- বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ উদ্যোগত গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত দিনৰ ১১ বজাত অস্থায়ী সভাঘৰত প্ৰথম কাৰ্যসূচী “ছাত্ৰ ছাত্ৰীসকলৰ সমাজত ভৱিষ্যতৰ ভূমিকা” শীৰ্ষক বক্তৃতা অনুষ্ঠান আৰম্ভ হয়। এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে ভাগ লয় ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বশিষ্ঠ বুজৰবৰুৱা আৰু শংকৰ দাস কলিতাই। দুয়ো গৰাকী বক্তাই সমাজ গঠন আৰু ৰাষ্ট্ৰ নিৰ্মাণত ছাত্ৰ শক্তিৰ ভূমিকা আৰু শক্তিশালী সমাজ নিৰ্মাণ বাবে কিদৰে আগবাঢ়িব লাগে অতি সৰলতাৰে বলিষ্ঠ ভাবে উপস্থাপন কৰে।বিয়লি দুই বজাত বিদ্যা ভাৰতীৰ অন্তৰ্ভুক্ত আনন্দ ট্ৰাষ্ট নিকেতনৰ সোনালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাভাৰতীৰ অধিকাৰী যতীন্দ্ৰ শৰ্মা, বিদ্যা ভাৰতী অখিল ভাৰতীয় মন্ত্ৰী ব্ৰক্ষ্মাজী ৰাও, মনিপুৰ বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য, অনুপম মিশ্ৰ, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাধাৰণ সম্পাদক ড০ জগদীন্দ্ৰ ৰায়চৌধুৰী, বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ সাংগঠনিক সম্পাদক ড০ পবন তিৱাৰী, শিশু শিক্ষা সমিতি অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী, সম্পাদক জগন্নাথ ৰাজবংশী, উদ যাপন সমিতিৰ দীপাংকৰ বৰা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে আনন্দ নিকেতন ট্ৰাষ্টে বিগত বৰ্ষসমূহত কিদৰে সুচাৰুৰূপে বেদ বিদ্যালয়, গোশালা দ্বাৰা সমাজলৈ অৱদান আগবঢ়াইছে এই বিষয় সমূহৰ চিন্তণ মন্থন কৰা হয়। সন্ধিয়া ৫ বজাৰ পৰা আয়োজিত মতবিনিময় অনুষ্ঠানত লক্ষ্মীনাৰায়ণ ভাল্লা, শীৰ্ষ আৰক্ষী বিষয়া দিগন্ত বৰা, উদাযাপন সমিতিৰ সভাপতি ভাৰতীয় সেনা বাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা, ত্ৰিপুৰা বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য গংগা প্ৰসাদ প্ৰসেন, দীনদয়াল উপাধ্যায় কেন্দ্ৰ কোষাধ্যক্ষ বসন্ত পণ্ডিত, বিশিষ্ট কবি সুমিত মিশ্ৰাই ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মতবিনিময় কৰে। বক্তা সকলে ছাত্ৰ ছাত্ৰীসকলক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উদ্বুদ্ধ কৰে। লগতে ব্যৰ্থতাক হেঙাৰ হিচাপে নহয় সফলতাৰ জখলা হিচাপে ল’বলৈ আহ্বান জনায়। ইয়াৰ লগতে শিশু শিক্ষা সমিতিৰ ৱেবছাইট মুকলি কৰে এছিয়া কণিষ্ঠ চি এ নিশ্চল নাৰায়াণমে। সন্ধিয়া ৭ বজাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰ উদ্যোগত তথা পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সহযোগত আয়োজিত “পূৰ্বোত্তৰ লোক সংস্কৃতি মহোৎসৱ” উন্মোচন কৰে ত্ৰিপুৰাৰ ৰাজ্যপাল ইন্দ্ৰসেনা ৰেড্ডী নীলুৱে। ৰাজ্যপাল গৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলৰ অপূৰ্ব লোক সংস্কৃতি বিশ্ব অন্যতম চহকী সংস্কৃতি বুলি অভিহিত কৰে। অনুষ্ঠানত অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, বিদ্যা ভাৰতী অখিল ভাৰতীয় সংস্কৃতি বোধ পৰিযোজনাৰ ডুগ সিঙ ৰাজপুৰোহিত উপস্থিত থাকে।শিশু শিক্ষা সমিতি অসমৰ প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে ৩১জানুৱাৰীৰ পুৱা ১০ বজাত ৫০০০ মাতৃয়ে মাতৃভাৰতী সন্মিলন আৰু প্ৰাক্তন ছাত্ৰই ছাত্ৰ সন্মিলনত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত বক্তব্য ৰাখিব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সহ-সৰকাৰ্যবাহ ড০ কৃষ্ণ গোপাল শৰ্মাই। বিয়লি ২ বজাত ৬০০০ ছাত্ৰ ছাত্ৰীয়ে ঘোষ বাদ্য প্ৰদৰ্শন, ১০০০ ছাত্ৰ ছাত্ৰীয়ে বিহু প্ৰদৰ্শন কৰিব। সমাপন সমাৰোহত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।