সমীৰ তাঁতীক অসম জাতীয় পৰিষদৰ অভিনন্দন
ৰঙিলী বাৰ্ত্তাসেৱা- সাহিত্য অকাডেমি বঁটাৰে সন্মানিত হোৱা অসমৰ বিশিষ্ঠ কবি সমীৰ তাঁতীক অভিনন্দন জনাইছে অসম জাতীয় পৰিষদে। দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক বিজ্ঞপ্তিত কয়, “সমীৰ তাঁতীৰ কবিতাই নিপীড়িত জনগণৰ কথা কয়৷ সমাজ জীৱনৰ কঠোৰ আৰু নিৰ্মম সত্যবোৰৰ মুখামুখি হোৱাৰ সাহস দিয়ে তেখেতৰ কবিতাই৷ মানুহ ভালপোৱা সমাজমুখী কবিগৰাকীলৈ সাহিত্য অকাদেমিৰ এই স্বীকৃতি অসমীয়া ভাষা-সাহিত্যৰ বাবে আলোকময় খবৰ৷ অভিনন্দন সমীৰ তাঁতী৷ অসমীয়া মানুহৰ বুকুত ঘৰ সজা আপোনাৰ কবিতা যুগমীয়া হৈ ৰওক৷ আপুনি কুশলে থাকক৷”