সমাজ সংস্কাৰক গড়মূৰীয়া সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ তিথি উদ্‌যাপন

সমাজ সংস্কাৰক গড়মূৰীয়া সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ তিথি উদ্‌যাপন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ ৰজাঘৰীয়া চাৰি সত্ৰৰ অন্যতম মাজুলীৰ গড়মূৰ সত্ৰৰ চতুৰ্দশ গৰাকী সত্ৰাধিকাৰ, বিপ্লৱী ধৰ্মগুৰু, সমাজ সংস্কাৰক পীতাম্বৰ দেৱগোস্বামীৰ তিথি বৃহস্পতিবাৰে সত্ৰখনিত দিনজোৰা কাৰ্যসূচীৰে উদ্‌যাপন কৰা হয় ৷ প্ৰৱাদপুৰুষ সত্ৰাধিকাৰ গৰাকীৰ তিথিৰ কাৰ্যসূচী পুৱা উষা কীৰ্তনেৰে আৰম্ভ হয় ৷ পুৱা ৪-৩০ বজাত সত্ৰৰ যুৱ বৈষ্ণৱ সকলে সত্ৰৰ চ’ৰাত উষা কীৰ্তন আৰম্ভ কৰি গড়মূৰ তিনিআলিৰ সত্ৰৰ মূল তোৰণলৈকে পৰিবেশন কৰি পুনৰ সত্ৰৰ সত্ৰাধিকাৰ গৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত সামৰণি মাৰে ৷ তাৰ পিচতে আইসকলে নাম পৰিবেশন কৰে ৷
সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীয়ে বৈষ্ণৱৰ উপস্থিতিত পীতাম্বৰ দেৱগোস্বামীৰ প্ৰতিমূৰ্তিত পুস্পাঞ্জলি অৰ্পণ কৰে শ্ৰদ্ধাঞ্জলি জনায় ৷ তিথিৰ শ্ৰাদ্ধৰ কাম সমাপ্ত হোৱাৰ পিচত বৰঘোষা, নাম-প্ৰসংগ, প্ৰসাদ, ভোগ বিতৰণেৰে পুৱা ভাগৰ কাৰ্যসূচী সমাপ্ত হয় ৷ দিনৰ এক বজাৰ পৰা বৰনামলগোৱা জীৱন ভূঞাৰ পৰিচালনাত উঠা নাম, শিশু বৈষ্ণৱৰ গায়ন বায়ন, নটুৱা নৃত্য প্ৰদৰ্শনৰ পিচত পল্লব দত্তই ওজাপালি পৰিবেশন কৰে ৷ সন্ধ্যা প্ৰয়াত সত্ৰাধিকাৰৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন, আৰতি, ৰাতিৰ প্ৰসংগৰে দিনজোৰা তিথিৰ কাৰ্যসূচীৰ সামৰণি পৰে ৷