অণুগল্প
সমাজৰ ব্যাধি
সঁচাকৈ দেই, সমাজৰ এইবোৰ আগশাৰীৰ সাহিত্যিক তথা নিজকেই বহুত বিজ্ঞ বুলি ভবা কিছুমান লোক কিন্তু সঁচা অৰ্থত সমাজৰ ব্যাধিহে। প্ৰায়বোৰ সভা- সমিতিত ডাইছত বহি নিজৰ বাহিৰে আনবোৰক একেবাৰে অলগৰ্দ্ধ বুলি ভাবি ভাষণ দি ৰাইজৰ পৰা বাঃবাঃ বিচাৰে । কিন্তু এনেকুৱা মুখা পিন্ধা সমাজৰ বৰলোক সকলৰ আচল চৰিত্ৰটো তেতিয়াহে ওলাই পৰে,যেতিয়া সভা ভঙ্গ হোৱাৰ পিছত পুনৰ ভাগে ভাগে আদ্দা এটা হয়।
নাপায় দেই, নকৰিব , মঞ্চত হৃদয় বিগলিত ভাষণ আৰু সভা ভঙ্গৰ অন্তত নেপথ্যত —-
জ্যোৎস্না ৰানী বেগম
পাঞ্জাবাৰী