সমস্যা – মতিউৰ ৰহমান

PC - adobe stock

অণুগল্প

সমস্যা

মতিউৰ ৰহমান

যিমানেই আঁতৰিবলৈ চেষ্টা কৰা  সিমানেই আৱৰি ধৰিব। কল্পনা কৰিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হোৱাত মন-মগজু বিকাৰগ্ৰস্ত হৈ পৰিব। চৌদিশে অন্ধকাৰ দেখা পোৱাত মানসিক যন্ত্রণাই চেপি ধৰিব। এনে সময়ত নিৰাশ নহ’বা, ভাগৰি নপৰিবা। কিয়নো যি হয় সেয়া ভালৰ বাবেই হয়। সাহস ৰাখিবা,এয়া তোমাৰ বাবে এক সুযোগ। নিজকে আৱিষ্কাৰ কৰা,স্বনিৰ্ভৰশীল হোৱা আৰু সময়ৰ সৎ ব্যৱহাৰ কৰা। মনত ৰাখিবা,সমস্যা তোমাৰ সমাধান তুমিয়ে কৰিব লাগিব।