সময়
সত্যজিৎ গগৈ,কলিয়াবৰ
নতুন চোলাটোৰ এবছৰীয়া জন্মদিনত
মোৰ বন্ধুমহলে আলচ কৰিছিল
এটা নতুন কামিজ চিলোৱাৰ কথা
ভিতৰৰ পৰা পৰিবাৰে শুনিছিল
দুপৰ নিশা তৰাই জোনক বাট এৰাৰ সময়ত
কথাটোৰ ফুচফুচনি মোৰো কাণত পৰিছিল
এৰা,
চোলাটোৰ যে এবছৰ হ’ল
সেই কথা মই পাহৰিয়েই পেলাইছিলোঁ
বহুবাৰ পিন্ধিছোঁ,ধুইছোঁ,শুকুৱাইছো
তথাপি মোৰ বাবে ই তৰুণ
যিমানেই পুৰণি হ’বলৈ বিছাৰে
সিমানেই ই মোৰ আপোনতকৈও আপোন হৈ গৈ থাকে
কাৰণ চোলা এটা পিন্ধাৰ যি হেঁপাহ
মইহে বুজোঁ…