সময় নহয় যেন এয়া দু:সময়! – শুৱলা দাস

সময় নহয় যেন এয়া দু:সময়!

শুৱলা দাস, যোৰহাট

সময় নহয় যেন এয়া দু:সময়! কেৱল নেতিবাচক খবৰৰে সমাহাৰ।আজি কিছু দিন ধৰি অহৰহ বেয়া খবৰকেই দেখিবলৈ বা শুনিব লগীয়া হৈছে।হত্যা,লুণ্ঠন,ঠগ-প্ৰৱঞ্চনা,ধৰ্ষণ, নিচাসক্ততা,শোষণ,জালিয়াতি ,ঘৰুৱা হিংসা,পাৰিবাৰিক অশান্তি ইত্যাদি ইত্যাদি!উস ইমান বোৰ বেয়া খবৰৰ মাজত যদিও কিছু ইতি বাচক কামো হৈছে ,বেয়া খবৰবোৰে এতিয়া মন -মগজু এনেকুৱাকৈ  অধিগ্ৰহণ কৰি তুলিছে যেন আমি সেই ভাল খবৰ বোৰৰ পৰা আচ্ছাদ লবকৈও যেন ভাগৰুৱা হৈ পৰিছোঁ। কি মবাইল,কি বাতৰি কাকত,কি  দূৰদৰ্শণ সকলোতে কেৱল হাত দিলেই বেয়া খবৰ বোৰৰ অবাধ ৰাজত্ব! উস! ভগৱান ! সকলোতে কেৱল অসহিষ্ণুতা! কোনো বয়স,স্থান,জাতি,ধৰ্ম বুলি কথা নাই  ,সকলোতে   অসহিষ্ণুতাই এনেকৈ জাল বান্ধি ছানি ধৰিছে যেন মুক্ত ভাবে উশাহ লোৱাৰ অৱকাশ নাই ।দেৱী বুলি পূজা কৰা নাৰী সমাজ আজি তেনেই নিৰাপত্তা হীন ।কাকো চিনি ব নোৱাৰি।যেন গাৰ নোমেই শত্ৰু!নৰ মাংসৰ লোভত কিছুমান নৰ পিশাচে আজি কণ মানি ছোৱালী এজনী দেখিলে মৰম কৰিব নেজানে ,মাতৃতুল্য মানুহ এগৰাকীক সন্মান কৰিব নেজানে,ভণ্টি /কন্যা তুল্য জীয়ৰী এজনী দেখিলে মৰম ,সাহস দেখুওৱাৰ বিপৰীতে সুবিধা পালেই অপকৰ্মত লিপ্ত হৈ হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰে।ঠগ প্ৰবঞ্চনাৰ কথা নকলেও সকলোতে দেখি আছোঁ,সকলোকে সহজতে পোৱা ধন লাগে,ফোপালা আভিজাত্যৰ স্বাচ্ছন্দ্যৰ জীৱন লাগে ,কেনেকৈ তোক মাৰি মই খাওঁ  তাৰ অভিপ্ৰায়তে মগ্ন হৈ থাকে।হত্যাৰ কথা কবলৈ মুখৰ মাত হৰিছে। কোনে কাক হত্যা নকৰে আজি -কালি ?যি পিতৃ-মাতৃ আৰু শিক্ষা  গুৰুক ভগৱানৰ ঠাইত ৰখাৰ আমাৰ সমাজত পৰম্পৰা আছিল ,সেই ভগৱান তুল্য পিতৃ-মাতৃক নিজ সন্তানে নিৰ্যাতন দিয়ে ,হত্যা কৰে  ! নিজ শিক্ষাগুৰুক প্ৰহাৰ কৰে,হত্যা কৰে ! যাৰ চকুলৈ চাই কথা কোৱাটো,মুখে-মুখে তৰ্ক কৰাটো ,ছাঁটো গচকাটোকো নীতি বিৰোধ বুলি গণ্য কৰা হৈছিল সেই খন সমাজৰ এনে বৰ্বৰ অৱস্থা চকুৰে দেখিবলৈ পোৱাটো চৰম বিপৰ্যয়! ইয়াতকৈ বেয়া দিন কি হ’ব পাৰে কল্পনা কৰিবও নোৱাৰি দেখোন!  সেই দিনা আকৌ এঠাইত দেখিলোঁ পুত্ৰৰ আতিসহ্য সহিব নোৱাৰি  এজন বৃদ্ধ পিতৃয়েও নিজ পুত্ৰক শুই থকা অৱস্থাতে চোকা অস্ত্ৰৰে কাটি হত্যা কৰিলে।মাজে মাজে এনেকুৱা বাতৰিও ওলাই থাকে। ইয়াৰ ওপৰিও পতিয়ে পত্নীক,পত্নীয়ে পতিক,কাটি পেলাই বিভিন্ন কাহিনী সজাটো এতিয়াতো সহজ ঘটনা হৈ পৰিছেগৈ! অন্যহাতে বিদ্যালয়ত পঢ়া দিন বোৰত লগপোৱা লগৰীয়া বিলাকৰ আপোন ভাবৰ কোনো পৰিধি আগতে নাছিল।নিজৰ পৰিয়ালৰ সদস্য বিলাকতকৈও আপোন যেন লগা লগৰীয়া বন্ধু বিলাকৰ মাজত দেখা দিয়া অসহিষ্ণুতাৰ  ঘটনাই সমাজখনক একেবাৰেই আতংকিত কৰি তুলিছে।কিমান শত্ৰুতা ৰাখিলে কোনো এজন ছাত্ৰই আন এজনক হত্যা কৰিব পাৰে।এই হিংস্ৰ মনোভাব কেনেকৈ গঢ় লৈ উঠে তাক লৈ চিন্তা কৰি একো উৱাদিহ পাবলৈ নাইকিয়া হৈছে।সঁচাকৈ মানুহৰ এনে হৈছে কিয় ?কিয় মানুহ ইমান বৰ্বৰ হৈ গৈছে? তথাকথিত আধুনিক সমাজ ব্যৱস্থাই ইয়াৰ বাবে জগৰীয়া নেকি বাৰু?

এটা সময় আছিল, মানুহে মানুহৰ ছাঁটো গছকিবলৈও সমিহ কৰিছিল।কাৰোবাৰ গাত ভৰিখন লাগিলেও সেৱা কৰিছিল ইজনে সিজনক।ঠাই বিশেষে  এতিয়াও আছে। সমাজত নীতি নিয়মবোৰে মানুহক মাৰ্জিত কৰি ৰাখিছিলে।কথা-বতৰা, আচাৰ-ব্যৱহাৰ,ক্ৰিয়া-কালাপ,কৃষি-কৰ্ম,ঘৰুৱা কৰ্ম,নীতি -নিয়ম এই সকলো খিনিয়ে জীৱণ- যাপন প্ৰক্ৰিয়াটো এনেকৈ নিয়ন্ত্ৰণ কৰি আছিল যে গোটেই সমাজ ব্যৱস্থাটোৱেই সন্তুলিত অৱস্থাত আছিল।মানুহৰ প্ৰয়োজনবোৰ কম আছিল,সময়ো আছিল।মন বোৰ সৰল আছিল।পোৱা খিনিতে সন্তোষ আছিল।অযথা দৌৰাদৌৰি সিমান নাছিল।এতিয়া জীৱনত বহুত উন্নত আহিলা,প্ৰযুক্তি ,আহিল।প্ৰয়োজনৰো সীামা নুহোৱা হ’ল।সময় ইমানেই  কম হ’ল যে নিজৰ আপোন মানুহৰো খবৰ লবলৈ আহৰি আৰু ইচ্ছা নোহোৱা হ’ল।ঘৰবোৰ ডাঙৰ হ’ল ,মন বোৰ সৰু হ’ল।ব্যৱহাৰ্য বস্তু ধেৰ হ’ল কিন্তু মানুহৰ মাজত সমন্ধ কমি আহিল।কাপোৰ বোৰ ধুনীয়া আৰু  অত্যাধুনিক হ’ল কিন্তু কাপোৰৰ তলত থকা চৰিত্ৰবোৰ অতি দুৰ্বোধ্য হ’ল। সকলোতে কেৱল আত্মকেন্দ্ৰীক,অন্ধ স্বাৰ্থপৰতা ।কোনেও কাকো নেমানে।সকলোতে অসহিষ্ণুতা।এনে পৰিস্থিতিত  কিবা এটা  সৃজনী মূলক কাম কৰাৰ মানসিকতা হ্ৰাস পায়।গভীৰ আশংকাবোধে মনটো ভাৰক্ৰান্ত কৰি তুলে।

এই আশংকা দুৰ কৰিবলৈও হ’লে সমাজত এক সংস্কাৰ  গঢ় দিব লাগিব।পুৰণি মূল্যবোধৰ গভীৰ চৰ্চাৰ প্ৰয়োজন। আমি বয়সস্থ সকলে নিজৰ ঘৰ খনত,চুবুৰীটোত,বিদ্যালয় খনত,আমাৰ নামঘৰ,মছজিদ বা উপসনা গৃহবোৰত ,আমাৰ গোট বোৰত বা অন্য সৰু-সুৰা অনুষ্ঠানবোৰতো পূৰ্বৰ মূল্যবোধ,পৰম্পৰা,ঐতিহ্যৰ,চৰ্চা কৰিব লাগিব।নিজৰ সন্তান বোৰক   ভাল মানৱীয় গুণ যেনে মৰম,দয়া,ক্ষমা,ধৰ্য,সহ্য,অহিংসা আদি গুণ বোৰৰ বিকাশৰ বাবে জ্ঞান দিব লাগিব।তাৰ আগতে আমাৰ নিজৰো বেয়া গুণ বোৰৰ অভ্যাস পৰিহাৰ কৰি নিজৰো গুণ বিলাকৰ বিকাশ কৰি আদৰ্শ দেখুওৱাব নোৱাৰিলে  আমি পুণৰ এখন শান্তিপূৰ্ণ সমাজ আশা কৰিব নোৱাৰিম।