সমমৰ্মীতা, দয়া-পৰোপকাৰীৰ মাহ : ৰমজান
এম্ হাছিম আলী ,ডিব্ৰুগড়
ইছলাম ধৰ্মী লোকসকলৰ পৱিত্ৰ মাহ হৈছে ‘ৰমজান’ । ৰমজান দয়া, ক্ষমা, মুক্তি, সমমৰ্মীতা আৰু পৰোপকাৰীৰ মাহ। এই মাহৰ মৰ্যাদা আৰু গুৰুত্ব অপৰিসীম। কাৰণ এই মাহতে পৱিত্ৰ ধৰ্মগ্ৰন্থ কোৰআনকে ধৰি প্ৰায়বোৰ স্বৰ্গীয় কিতাপ অৱতীৰ্ণ হৈছে। এই মাহত এনে এটা ৰজনী ‘লাইলাতুল কদৰ’ (সৰ্বশ্ৰেষ্ঠ নিশা)আছে, যাৰ মৰ্য্যদা,উপাসনা হাজাৰ মাহতকৈ উত্তম । ইয়াৰোপৰি এই মাহত এটা স্বেচ্ছামূলক পূণ্যৰ কাম কৰিলে আন মাহতকৈ বেছি পূণ্য লাভ কৰে বুলি কোৱা হয়। অৰ্থাৎ অন্য মাহত যদি পুণ্য এটা কৰা হয় তাৰ তুলনাত ৰমজান মাহত ৭০ টাতকৈ বেছি পূণ্য লাভ কৰা যায় বুলি কোৱা হয়।
প্ৰথমতে ক’ব লাগিব যে আমি ৰমজানৰ কথা কওঁ, কিন্তু আৰবী উচ্চাৰণ অনুসৰি এই মাহক ৰমদান বা ৰামাদান বুলি কোৱা হয়।এই শব্দটো ‘ৰমজ’ ধাতুৰ মূল শব্দৰ পৰা উৎপত্তি। ইয়াৰ অৰ্থ হৈছে পুৰি ছাই হৈ যোৱা। ৰমজানৰ এমাহ ৰোজাব্ৰত পালন কৰিলে পাপ- পঙ্কিলতা জ্বলি ছাই হৈ যায়, আৰু এটি আজি জন্ম হোৱা শিশুৰ দৰে নিস্পাপ হৈ পৰে। এই সন্দৰ্ভত পৱিত্ৰ কোৰআনত স্ৰষ্টাই ঘোষণা কৰি কৈছে “তোমালোকৰ মাজৰ যিয়ে ৰমজান মাহ পালে, তেওঁ ৰোজা ৰাখক” (২:১৮৫)। আৰবীত ৰোজাক ছিয়াম বা চাওম বুলি উল্লেখ আছে।(চাওমৰ বহুবচন) শব্দ ব্যৱহাৰ কৰা হৈছে।ইয়াৰ অৰ্থ বৰ্জন কৰা। ৰোজা ফাৰ্চী শব্দ অৰ্থ দহন বা পোৰা। অৰ্থাৎ মিছা কথা কোৱা, পৰচৰ্চা কৰা,জ্বিনা কৰা, মদ খোৱা ,হাৰাম (নিষিদ্ধ) খাদ্য ভক্ষণ কৰা ইত্যাদি বৰ্জন কৰিব নোৱাৰিলে ৰোজাব্ৰত পালনৰ অৰ্থ নেথাকে। ‘ৰোজা’ শব্দটো পাৰ্চী ইয়াৰ অৰ্থ দহন বা পোৰা।একেদৰে আমিও কওঁ, মাহে ৰমজান। ইয়াত মাহে মানে মাহ। গতিকে এই লেখাত কোৰআনৰ পৰিভাষা ব্যৱহাৰ কৰাৰ পক্ষপাতী।
ৰমজানৰ ৰোজা কেনেকৈ আৰম্ভ হ’ল? আমি জানো যে ৰমজানত এমাহ ৰোজাব্ৰত পালন কৰাতো “ফৰজ” (বাধ্যতামূলক) নিয়ম। দ্বিতীয় হিজৰীৰ আৰবী শ্বাবান মাহত জাৰি কৰা হৈছিল এই ৰোজাব্ৰত। প্ৰশ্ন হয়, তাৰমানে ইয়াৰ আগতে ৰোজাৰ কোনো নিয়ম নাছিল নেকি? অৱশ্যে আছিল, কিন্তু ইয়াৰ স্বভাৱ অৰ্থাৎ সময়কাল, মাহ আৰু সংখ্যা বেলেগ বেলেগ আছিল। উদাহৰণ স্বৰূপে, প্ৰতিটো চান্দ্ৰ মাহৰ ১৩, ১৪ আৰু ১৫ তাৰিখে ৰোজা ৰখাটো ইছলাম ধৰ্মীৰ পূৰ্বপুৰুষ হজৰত আদম (আঃ)ৰ ওপৰত ফৰজ ( বাধ্যতামূলক) আছিল। নবী হজৰত আদম (আঃ)য়ে নিয়মিতভাৱে এই ৰোজা পালন কৰিছিল। তেওঁৰ বাবে ফৰজ আছিল আৰু আমাৰ বাবে ই ছুন্নত। মানৱ জাতিৰ বাবে প্ৰথমবাৰ এই ৰোজা প্ৰৱৰ্তনৰ কাৰণ হ’ল হজৰত আদম (আঃ)-এ জান্নাতত (বেহেস্ত)থকাৰ সময়ত আল্লাহৰ আজ্ঞা অমান্য কৰি নিষিদ্ধ ফল খাইছিল, আৰু লগে লগে তেওঁক বেহেস্তৰ পৰা বহিষ্কাৰ কৰা হয়। ইয়াৰ পৰা মুক্তি পাবলৈ ফেৰেস্তা (স্বৰ্গীয় দূত )সকলে কৰা অনুৰোধৰ উত্তৰত সৰ্বশক্তিমান আল্লাহ তা‘আলাই হজৰত আদম (আঃ)ৰ ওচৰলৈ ওহী(বাৰ্তা )পঠিয়াই ক’লে, ‘চান্দ্ৰ মাহৰ ১৩, ১৪ আৰু ১৫ তাৰিখে ৰোজা (উপবাস) পালন কৰক। তেতিয়াৰ পৰা পৃথিবীত উপবাস বা উপবাসৰ নিয়ম হয় বুলি ইছলামধৰ্মী লোকসকলে বিশ্বাস কৰে।পৰম্পৰাগত ধৰ্মমতেও বহুতে প্ৰতি মাহৰ উল্লিখিত তিনিদিনত ৰোজাব্ৰত পালন কৰা দেখিবলৈ পাওঁ। হজৰত নূহ (আঃ)ৰ সময়ৰ পৰা হজৰত ইব্ৰাহিম (আঃ),ডাউদ (আঃ), মুছা(আঃ) ঈছা(আঃ)আৰু শেষনবী তথা পয়গম্বৰ হজৰত মহম্মদ (ছঃ) লৈকে এই তিনিটা ৰোজা প্ৰতিমাহে পালন কৰাৰ প্ৰথা আছিল। ৰমজান মাহৰ ৰোজা মুচলমানৰ ওপৰত বাধ্যতামূলক হয় দ্বিতীয় হিজৰিৰ নৱম মাহৰ পৰা অৰ্থাৎ পয়গম্বৰ মহম্মদৰ (ছঃ ) দিনৰ পৰা । যেতিয়া মহান আল্লাহে ৰোজা বাধ্যতামূলক কৰিলে, তেতিয়া পূৰ্বৰ সেই সকলো নবীৰ দিনৰ ৰোজাৰ ‘ফৰজ’ বিলুপ্ত হয়। আজিও আছুৰাকে ধৰি এই সকলোবোৰ ৰোজা চুন্নত হিচাপে বৈধ।ৰমজান মাহত আমি কিয় ৰোজা ৰাখোঁ? এই সন্দৰ্ভত সৰ্বশক্তিমান আল্লাহে স্পষ্টকৈ কৈছে যে, তোমালোকৰ পূৰ্ব পুৰুষ সকলৰবাবে যেনেকৈ ৰোজা ফৰজ কৰা হৈছিল, ঠিক তেনেকৈ তোমালোকৰ বাবেও ৰোজাব্ৰত বাধ্যতামূলক কৰা হৈছে, যাতে তোমালোক ধাৰ্মিক হোৱা (২:১৮৩)। ৰমজানৰ ৰোজা ফৰজৰ (বাধ্যতামূলক) কাৰণ আছিল আত্মশুদ্ধি, পৰোপকাৰ, আল্লাহ ভীতি, শাৰীৰিক আৰু মানসিক বিকাশ আৰু কল্যাণৰ বাবে। পৱিত্ৰ কোৰআনত কোৱা আছে, ছাহাৰুল্লাহ অৰ্থাৎ আল্লাহৰ মাহ।‘ৰোজা কেৱল মোৰ( আল্লাহৰ) কাৰণে আৰু তাৰ প্ৰতিদান মই নিজে দিম’। ইছলাম ধৰ্মৰ প্ৰচাৰক হজৰত মহম্মদ (ছঃ)ৰ ওপৰত ৰোজাব্ৰত যেতিয়া ফৰজ হৈছিল তাৰ পৰা অৰ্থাৎ জীৱিত কালত ৯ বছৰত ৯ মাহ ৰোজা পালন কৰিব পাৰিছিল ।
ইছলামত সকলো কামেই নিয়তৰ (ইচ্ছা প্ৰকাশ)ওপৰত নিৰ্ভৰ কৰে। শুদ্ধ উদ্দেশ্য অবিহনে ৰোজা পালন কৰিব নোৱাৰি। অৰ্থাৎ কাম, ক্ৰোধ,লোভ, মোহ, মদ আদি এই সুদীৰ্ঘ সময়চোৱাত নিয়ত কৰি এইবোৰ পৰিত্যাগ কৰাৰ নামেই ৰোজা। ধনী দুখীয়া সকলোৰে বাবে ৰোজাব্ৰত ফৰজ (বাধ্যতামূলক)। ইয়াত ৰোজাদাৰৰ বিশ্বাস দৃঢ় হয় আৰু ধৰ্মপৰায়ণতা বৃদ্ধি পায়। ৰোজা হৈছে এনে এক ইবাদত (উপাসনা), যাৰ যোগেদি ৰোজাদাৰ সকলে ৰায়হান দুৱাৰেদি (বেহেস্তৰ এখন দুৱাৰৰ নাম) প্ৰৱেশ কৰে ,য’ত আঠখন দুৱাৰ আছে আৰু কেৱল ৰোজাদাৰ জনেহে এইখন দুৱাৰেৰে প্ৰৱেশ কৰিব পাৰে ।এই মাহক দুখীয়াৰ সহায়কৰ মাহ বুলি কোৱা হয়। জাকাত-ফিতৰা দিয়াটো বাধ্যতামূলক দান। এয়া দুখীয়াৰ বাবে প্ৰাপ্য।এই প্ৰাপ্য আদায় নকৰিলে পাপী বুলি গণ্য কৰা হয়।সমাজৰ ধনী লোকসকলে এই মাহত জাকাত, ফিতৰা আদি বাধ্যতামূলক দান কৰি দুখীয়া,বাৰী বিধবা অথবা অ-সহায় লোকক টকা পইচা, খাদ্য- বস্ত্ৰৰে সহায় কৰে l যেন দুখীয়া সকলো ৰোজা পালন কৰিব পাৰে বা আগন্তুক ঈদুল ফিতৰৰ দিনাখন ল’ৰা ছোৱালী বা পৰিয়ালৰ সৈতে এসাঁজ তৃপ্তিৰে খাব পাৰে বা এটা নতুন কাপোৰ পৰিধান কৰিব পাৰে। কিন্তু দেখা যায়,আজিকালি প্ৰায় অৰ্দ্ধশতাংশ শিক্ষিত মুছলমান ধনীলোকে জাকাত (বাধ্যতামূলক দান)ইছলামী নিয়ম মতে আদায় নিদিয়ে বা বন্টনৰ ব্যৱহাৰ নেজানে। অবিশ্বাস্যভাৱে হ’লেও সত্য যে এচাম লোকে লোকক দেখুৱাবলৈ দুই চাৰিখন শাৰী,কম্বল, বা দুই চাৰি হাজাৰ টকা দি নিজৰ দায়িত্ব সামৰে সঁচা, কিন্তু ইছলামিক বিধি মতে অৰ্থাৎ সোণ-ৰূপ গহনা, জীৱ জন্তু ইত্যাদিৰ ওপৰত জাকাত প্ৰযোজ্য।সহজ ভাষাত টকাৰ ক্ষেত্ৰত এশ টকাত মাত্ৰ আঢ়ৈ টকা হাৰত জাকাত দিয়াৰ যি নিয়ম সেয়া পালন নকৰে। ৰমজান মাহত সমাজৰ দুখীয়া লোকৰ বাবে আন এক দান ফিতৰা (পৰিশুদ্ধি দান)দিয়াটো কৰ্তব্য আৰু পৰিয়ালৰ প্ৰতিজন সদস্যৰ বাবে ১,৬৩৩ গ্ৰাম গম বা ঘেঁহুৰ সমমূল্য দিব লাগিব। অৱশ্যে ধনী মানুহৰ ক্ষেত্ৰত এই সমমূল্য প্ৰযোজ্য নহয়, তেওঁলোকে ইছলামিক পদ্ধতিৰে নিৰ্ধাৰণ কৰি দিয়া কিছমিছ, খেজুৰ আদিৰ স্থানীয় বজাৰৰ হিচাপৰ ওপৰত নিৰ্ভৰ কৰি ফিতৰা দিব লাগিব। এয়া ধনীৰ বাবে প্ৰযোজ্য- কর্তব্য। কিন্তু,জাকাতৰ ক্ষেত্ৰত হিচাপ কৰি য’ত লাখ টকা দিব লাগে, তাত হিচাপ নিকাচ নকৰাকৈ কিবা এটা সামান্য অৰ্থ দিয়েই নিজৰ দায়িত্ব পালন কৰে। সেয়া ঠিক নহয়।জাকাতৰ কথা পৱিত্ৰ কোৰআনত নামাজৰ পাছতেই প্ৰায় ৮২ বাৰ মানকৈ কোৱা আছে। সঠিক হিচাপত যদি সামৰ্থবান ধনী ব্যক্তিয়ে জাকাতৰ ধন বছৰেকত উলিয়াই দিয়ে , তেন্তে অসমত কমেও দুই হেজাৰ কোটি টকা বছৰত জাকাতৰ ধন সংগ্ৰহ হব পাৰে, আৰু সেইবোৰ সমাজৰ দুখীয়া সকলৰ মাজত যদি বণ্টন কৰা হয় তেন্তে দুখীয়াৰ সমস্যা অসমত হয়তো লাঘৱ হ’ব।ভ্ৰাতৃত্ববোধৰ মাহ ৰমজান। বিশেষকৈ এই মাহত বিভিন্ন সম্প্ৰদায়ৰ লোকে ৰমজান মাহক সম্মান জনাই ইফতাৰৰ (ৰোজা ভংগ) আয়োজন কৰি সমন্বয়ৰ বাৰ্তা দিয়ে। ইজনে সিজনৰ লগত সমভাগী এই ইফতাৰ আয়োজনত হিন্দু মুছলিম সকলোৱে অংশ গ্ৰহণ কৰি ভাতৃত্বৰ এনাজৰী ডাল আৰু অধিক টনকিয়াল কৰে। ঠিক তেনেকৈ অন্যান্য ধৰ্মৰ মানুহে ঈদৰ দিনত ইজনে সিজনক শুভেচ্ছা বিনিময় কৰে আৰু সুস্বাদু খাদ্য আপ্পায়নত অংশ গ্ৰহণ কৰি আন এক সমন্বয়ৰ বাৰ্তা দিয়ে। অৱশ্যে সাম্প্ৰতিক সময়ত এছাম ধৰ্মান্ধ লোকে এই সম্প্ৰীতিত ব্যাঘাত জন্মাব খুজিলেও সেইয়া সম্ভৱ হৈ উঠা নাই আৰু নোৱাৰে, কাৰণ ভাল মানুহ আছে বাবেই পৃথিৱীখন জীয়াই আছে, আৰু আমি সকলোৱে ভাল মানুহ থকাটো কামনা কৰোঁ। আজিও বিভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত এই সমন্বয়, মিলাপ্ৰীতি, ভাতৃত্ববোধ- পৰম্পৰা অক্ষুণ্ণ আছে আৰু ভৱিষ্যতেও থাকিব, আমি আশাবাদী।
গতিকে আহক, আমি পৱিত্ৰ ৰোজাব্ৰত পালন কৰি শাৰীৰিক, মানসিক আৰু আধ্যাত্মিকভাৱে উপকৃত হওঁ আৰু সমাজৰ দুখীয়া সকলৰ উপকাৰত ব্ৰতী হওঁ।