সমন্বয় সাহিত্য মঞ্চ,অসমৰ ২০২৪ বৰ্ষৰ বঁটা ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- সাহিত্য মঞ্চ, অসমে প্ৰত্যেক বছৰ প্ৰতিষ্ঠা দিৱস উদযাপন উপলক্ষে অসমৰ সমাজ জীৱনত লগতে সাহিত্যৰ পথাৰত বিশেষ অৱদান থকা দুজন বিশিষ্ট ব্যক্তিক দুটা বিশেষ বঁটা আগবঢ়াই আহিছে। তাৰে এটা হৈছে “সমন্বয় বঁটা” আৰু এটা হৈছে “সমন্বয় সাহিত্যৰ জীৱনজোৰা সাধনা বঁটা”। বিগত বৰ্ষত ২৪/৯/২০২৩ ত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা মঞ্চৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত দুজন বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰা হয়। অসমৰ জাতীয় জীৱনত সমন্বয়ৰ বাবে কাম কৰা জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে লগত নিজক একাকাৰ কৰি দিয়া অধ্যাপক, শংকৰী সাহিত্য সাংস্কৃতিৰ গৱেষক শ্ৰদ্ধাৰ ইছমাইল হোছেইন ডাঙৰীয়াক “সমন্বয় বঁটা -২০২৩” প্ৰদান কৰা হয়, আৰু প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ বিশিষ্ট সাহিত্যিক শ্ৰদ্ধাৰ ড° দয়ানন্দ পাঠক ডাঙৰীয়াক “সমন্বয় সাহিত্যৰ জীৱনজোৰা সাধনা বঁটা-২০২৩” প্ৰদান কৰা হয়। বিগত বছৰৰ দৰে এইবেলিও সমন্বয় সাহিত্য মঞ্চ,অসমে ১৯/৯/২০২৪ তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত মঞ্চৰ তৃতীয় প্ৰতিষ্ঠা দিৱস উদযাপনৰ দিহা কৰিছে। উক্ত অনুষ্ঠানত অসমৰ জাতীয় জীৱনত বিশেষ অৱদান থকা, দুখীয়া মানুহক অসমৰ লগতে অসমৰ বাহিৰত যিকোনো চিকিৎসালয়ত সেৱা আগবঢ়াই অহা, জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৰে বিপদৰ সময়ত থিয় দিয়া এজন ব্যক্তি শ্ৰদ্ধাৰ যুগল ভূঞা ডাঙৰীয়াক “সমন্বয় বঁটা- ২০২৪” প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। আৰু অসমীয়া সাহিত্যৰ লগতে অন্যান্য ভাষাত বিশেষ আধিপত্য থকা, আমৰাংগা বৰিহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ, চৰ চাপৰি সাহিত্য পৰিষদৰ সভাপতি শ্ৰদ্ধাৰ ড° হাফিজ আহমেদ ডাঙৰীয়াক “সমন্বয় সাহিত্যৰ জীৱনজোৰা সাধনা বঁটা-২০২৪” প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি সমন্বয় সাহিত্য মঞ্চ,অসমৰ মুখ্য সম্পাদক- ময়জ উদ্দিন আহমেদ আৰু সভাপতি ঊষামণি শইকীয়াই আমাক জানিবলৈ দিছে।