সমগ্ৰ শিক্ষা, ডিব্ৰুগড়ৰ উদ্যোগত, বিজ্ঞান আৰু গণিত বিষয়ৰ সমল ব্যক্তিসকলৰ দুদিনীয়া জিলাভিত্তিক কৰ্মশালা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰে পৰা ডিব্ৰুগড় চৰকাৰী বহুমূখী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান আৰু গণিত বিষয়ৰ সমল ব্যক্তিসকলৰ দুদিনীয়া জিলাভিত্তিক এক কৰ্মশালা অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাৰ আটাইকেইটা শিক্ষাখণ্ডৰ সমল ব্যক্তিসকল উপস্থিত থকা এই কৰ্মশালাখন উদ্বোধন কৰে ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া তথা জিলা মিছন সমন্বয়ক ড°সমীৰণ বৰাই। তেওঁ সমল ব্যক্তিসকলক প্ৰশিক্ষণ আৰু কৰ্মশালাত লাভ কৰা জ্ঞানৰ উপৰিও সৃজনীমূলক কৰ্মৰাজিৰে আগন্তুক খণ্ড পৰ্যায়ৰ প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়। উদ্বোধনী অনুষ্ঠানটোৰ আঁত ধৰে সমগ্ৰ শিক্ষা ডিব্ৰুগড় জিলাৰ জিলা আঁচনি বিষয়া (শিক্ষক প্ৰশিক্ষণ) মণিমা ভট্টাচার্যই। কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰশিক্ষণ প্ৰদান কৰে ডিব্ৰুগড় ডায়েটৰ প্ৰবক্তা মনোজ কুমাৰ চৌহান আৰু দীপা মণি ফুকনে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ জিলা পৰামৰ্শদাতা অচ্যুত কুমাৰ গগৈ আৰু ডিব্ৰুগড় চৰকাৰী বহুমূখী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হৃদয় ৰঞ্জন চৌধুৰী। কৰ্মশালাৰ ভাৰপ্ৰাপ্ত ব্যক্তি ৰূপে সৌভিক বৰদলৈয়ে দায়িত্ব পালন কৰে।