সফলতাৰে সামৰণি পৰিল এডভাণ্টেজ অসম ২.o সন্মিলন
ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে সন্ধিয়া সফলতাৰে সামৰণি পৰিল এডভাণ্টেজ অসম ২.o বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত হৈ যোৱা এডভাণ্টেজ অসম ২.o ত আদানী-আম্বানীৰ পৰা আৰম্ভ কৰি ৭৫খন দেশৰ প্ৰতিনিধি, ৬৭খন ৰাষ্ট্ৰৰ হেডছ অৱ মিছন, ৯খনকৈ সহযোগী ৰাষ্ট্ৰৰ অংশগ্রহণ আৰু দেশ-বিদেশৰ আগশাৰীৰ উদ্যোগপতিৰ উপস্থিতিত অনুষ্ঠিত এই বৃহৎ সন্মিলনত ৪,৯১,৫০০ কোটি টকাৰ অভিলেখ বিনিয়োগ ঘটে। বিনিয়োগ আৰু আন্তঃগাঁথনি শিতানত এই বৃহৎ পৰিমাণৰ বিনিয়োগ হৈছে। সামৰণী অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভাষণত কয় যে এই বিনিয়োগৰ পৰিমাণ আৰু অধিক বৃদ্ধি পাব। দুই-তিনি মাহৰ ভিতৰত এই পৰিমাণ বৃদ্ধি পাব বুলি মুখ্যমন্ত্রী ড° শৰ্মাই আশা প্রকাশ কৰে। মুখ্যমন্ত্রী ড° শর্মাই কয় যে এসময়ত অসম কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য আছিল। চৰকাৰী কৰ্মচাৰীক মাহৰ দৰমহা দিবলৈও কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল হ’বলগীয়া হৈছিল। কিন্তু আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমৰ পৰিৱেশ সলনি হৈছে। আমি বিচাৰোঁ অসম কেন্দ্ৰৰ ওপৰত নিৰ্ভৰশীল ৰাজ্য হৈ থকাৰ পৰিৱৰ্তে অসম আত্মনিৰ্ভৰশীল ৰাজ্য হওক আৰু দেশৰ প্ৰগতিত অসমে অৱদান আগবঢ়াওক। স্বাধীনতাৰ পূৰ্বে অসম দেশৰ ভিতৰতে বিকশিত ৰাজ্য আছিল। অসমতে প্রথম কয়লাখনি আৱিষ্কাৰ, তৈলক্ষেত্ৰৰ আৱিষ্কাৰ আৰু ৰিফাইনেৰী স্থাপন হৈছিল। স্বাধীনতাৰ পূৰ্বে দেশৰ ভিতৰতে অসমৰ জিডিপি সর্বাধিক আছিল। কিন্তু দেশ বিভাজন, ১৯৫০ চনৰ বৰভূঁইকঁপ আৰু বৰ অসমৰ বিভাজনে অসমক পিছুৱাই নিলে। সেই সময়ৰ চৰকাৰসমূহেও এইক্ষেত্রত অসমক কোনো সহায় নকৰিলে। ২০১৪ চনত নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত যোৱা এটা দশকত অসমৰ জিএছডিপি ১২ শতাংশলৈ বৃদ্ধি পালে। আজি অসম বিভিন্ন দিশত আগবাঢ়ি গৈছে। এই বছৰতে অসমে ছেমিকণ্ডাক্টৰ উদ্যোগৰ উৎপাদন আৰম্ভ কৰিব আৰু ৪৮ মিলিয়ন চিপছ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত যোগান ধৰিব পাৰিব। অসমৰ নুমলীগড় ৰিফাইনেৰী দেশৰ প্ৰথমটো বাঁহৰ পৰা বায়’ ইথানল প্রস্তুত কৰা ৰাজ্য হ’ব। লোকপ্রিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নতুন টার্মিনেলটো এই বছৰতে আৰম্ভ হ’ব আৰু এই বিমানবন্দৰটো দেশৰ ভিতৰতে পঞ্চমটো বৃহৎ বিমানবন্দৰ হিচাপে পৰিগণিত হ’ব। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী ব্রহ্মপুত্ৰৰ দলংখনো এই বছৰটোতে আৰম্ভ হ’ব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমৰ বিকাশৰ বাবে আগবঢ়োৱা মাৰ্গদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে প্রধানমন্ত্রী মোদীয়ে ‘ঝুমইৰ বিনন্দিনী’ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে এডভান্টেজ আছাম ২.০ৰ সন্মিলনত অংশগ্ৰহণ কৰে। এই উপলক্ষে আয়োজন কৰা প্ৰদৰ্শনীত প্রধানমন্ত্রী মোদীয়ে ৪০ মিনিট সময় উপস্থিত থকাৰ লগতে এডভান্টেজ আছাম ২.০ সন্মিলনখনৰ উদ্বোধনো কৰি টীম অসমক অনুপ্রাণিত কৰিছে। এডভান্টেজ আছাম ২.০ সফল হোৱাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি কেন্দ্ৰীয় মন্ত্রীসভাৰ সদস্যসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে আজি আমি নতুন যাত্ৰাৰ বাবে সাজু হৈছোঁ। এইবাৰৰ বিনিয়োগ সন্মিলনত হাইড্র’কার্বন, খনি আৰু সেউজ শক্তিখণ্ডৰ উপৰি কৃষি, পশুপালন, উদ্যান শস্য শিতানত যথেষ্ট বিনিয়োগ হৈছে। উদ্যোগীকৰণ অবিহনে অসমৰ যুৱক-যুৱতীসকল কেতিয়াও নিজৰ মাতৃভূমিত থাকিব নোৱাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শর্মাই কয় যে যেতিয়া বেংগালুৰু, কর্ণাটক, চেন্নাইলৈ যাওঁ, তাত দেখিবলৈ পাওঁ ৭-৮ হাজাৰ টকাৰ দৰমহাত অসমৰ যুৱক-যুৱতীয়ে কাম কৰি আছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি উদ্যোগ স্থাপন কৰিবই লাগিব। আজি আমি নতুন অসমৰ নতুন বুনিয়াদ নিৰ্মাণ কৰিছোঁ। আশা কৰিছোঁ অসমৰ যুৱপ্ৰজন্মই অসমক আগুৱাই লৈ যাব। অসমৰ যুৱক-যুৱতী অভিযন্তা হৈ আমেৰিকা-জাপানলৈ যাওক। আমি তেনেকুৱা এখন অসম বিচাৰোঁ। ৰাজনীতিলৈ অহাৰ সময়ত আমি যিখন অসম নিৰ্মাণৰ কল্পনা কৰিছিলোঁ সেই দিনটোত আজি আমি থিয় হৈছোঁ। ইয়াৰ পৰা আমি ভৱিষ্যতৰ অসম চাব পাৰোঁ। আন্দোলন, হত্যা, তেজৰ ফাকু খেলা অসমৰ পৰিৱৰ্তে উজ্জ্বল অসম এখন থিয় কৰাব পাৰিছোঁ। ১৯৪৭ৰ আগত অসম যেনেদৰে সম্পদপূর্ণ, সমৃদ্ধিশালী আছিল, আজি আমি তালৈ লৈ যাব পাৰিছোঁ। ভাষণ প্রসংগত মুখ্যমন্ত্রী ড° শর্মাই কয় যে ২০১৮ চনতো অসমে তেনে এক প্রচেষ্টা লৈছিল। কিন্তু তাৰ পাছতে আৰম্ভ হোৱা ‘কা’ আন্দোলনে ৰাজ্যখনক পিছুৱাই নিলে। ভাষণ প্রসংগত মুখ্যমন্ত্রী ড° শর্মাই এইবাৰৰ বিনিয়োগ সন্মিলনত ৬-৭ লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰস্তাৱ আহিছিল। কিন্তু অসম চৰকাৰে বাস্তৱসন্মত প্ৰস্তাৱসমূহৰ ওপৰত বুজাবুজিৰ চুক্তি কৰিছে।
ইপিনে, সামৰণী অনুষ্ঠানত ভাৰত চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীযূষ গোৱেলে ভাৰতৰ ৰপ্তানি লজিষ্টিক আৰু বাণিজ্য খণ্ডৰ মূল অংশীদাৰ হিচাপে অসমৰ স্থিতি সুদৃঢ় কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ বুলি চিহ্নিত কৰে। প্ৰযুক্তি খণ্ডত অসমৰ ক্রমবর্ধমান ভূমিকাক স্বীকৃতি প্রদান কৰি তেওঁ কয় যে টাটাৰ অৰ্ধপৰিবাহী উদ্যোগ আৰু ৰিলায়েঞ্চ ইণ্ডাস্ট্রিজৰ এ আই উদ্যোগৰ দৰে উল্লেখযোগ্য উন্নয়নে অঞ্চলটোৰ অর্থনীতিত যথেষ্ট প্রত্যক্ষ প্রভাৱ পেলাব। অসমৰ ভৱিষ্যৎ উন্নয়নক ঊর্ধ্বগামী কৰাত তিনিটা টি যেনে- ট্রেড, টেকন’লজী, টুৰিজিম আৰু তিনিটা আই যেনে-ইণ্ডাষ্ট্ৰী, ইনফ্রাষ্ট্ৰাকচাৰ, ইনভেষ্টমেণ্টৰ ভূমিকা গুৰুত্বপূৰ্ণ হ’ব। ৰাজ্যখনৰ শিক্ষাখণ্ড সন্দৰ্ভত তেওঁ কয় যে ১৮খন নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন আৰু বিশ্ববিদ্যালয়সমূহত বিদেশী ভাষাৰ কাৰ্যসূচী প্ৰৱৰ্তনৰ জৰিয়তে স্থানীয় ছাত্র-ছাত্রীসকলক বিশ্বব্যাপী সুযোগৰ বাবে সাজু কৰি তুলিব পৰা যাব। উদ্ভাৱন আৰু গৱেষণা তথা উন্নয়নৰ পোষকতাৰে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপক প্রশংসা কৰি তেওঁ কয় যে এনে পদক্ষেপসমূহে প্রধানমন্ত্রী মোদীৰ বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ অংশ হিচাপে অসমক উপকৃত কৰিব। চহকী সম্পদ, শক্তিশালী নেতৃত্ব, উন্নয়নৰ প্রতি দায়বদ্ধতাৰে অসম এখন নিৰ্ভৰযোগ্য আৰু প্ৰগতিশীল ৰাজ্য হৈ উঠিব। এডভান্টেজ আছাম ২.০ সন্মিলনক সফল কৰি তোলাৰ বাবে অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, আয়োজক আৰু সকলো অংশীদাৰক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অসমৰ অবিৰত বৃদ্ধি আৰু সমৃদ্ধিৰ প্ৰতি ভাৰত চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰে। ভাষণত তেওঁ অসমৰ মুখ্যমন্ত্ৰীক উত্তৰ-পূবৰ শান্তি-প্ৰগতিৰ ধ্বজাবাহক বুলি অভিহিত কৰি মুখ্যমন্ত্রী ড° শর্মাক ‘সোণৰ হৃদয়ৰ মানুহ’ বুলি উল্লেখ কৰি কয় যে ড° শৰ্মাই অসমৰ কল্যাণৰ বাবে নিষ্ঠা আৰু অদম্য প্রচেষ্টা চলাই আহিছে। যিটো দেশৰ প্ৰধানমন্ত্ৰী মোদীৰ দেশৰ প্ৰগতিৰ দৃষ্টিভংগীৰ সৈতে নিখুঁতভাৱে ৰজিতা খাই আহিছে।