সপোন আৰু বাস্তৱৰ দোমোজাত আকৌ এটি নতুন বছৰ
ফখৰুদ্দিন আহমেদ
পুনৰ এটি নতুন বছৰৰ আগমন ঘটিল স্বভাৱ সিদ্ধ নিয়ম মতে। উখল মাখল পৰিবেশে অদ্যপি বিৰাজ কৰি আছে চাৰিওদিশে। এইবোৰ দেখি এনে অনুভৱ হয় যেনিবা পূৰ্বে এনেদৰে নতুন বছৰ অহাই নাছিল। নহ’লেনো ২০২২ বৰ্ষৰ শেষ দিন আৰু ২০২৩ বৰ্ষৰ পহিলা দিনটোত কৌটি কৌটি টকাৰ মদ বিক্ৰী হৈছে বুলি বাতৰি কাকত আৰু চ’চিয়েল মেডিয়াত প্ৰচাৰ হ’লহেতেন নে? পিছে এনে ধৰণৰ মানসিকতাৰ দ্বাৰা দশকৰ পিছত দশক জুৰি সমাধান নোহোৱা স্বদেশ আৰু স্বজাতিৰ সমস্যাবোৰ কেতিয়াও সমাধান নহয়। বৰঞ্চ এইবোৰে যুগে যুগে স্বদেশ আৰু স্বজাতিক পিছুৱাই ৰাখিব আৰু ঐক্য, শান্তি আৰু শৃঙ্খলাত বাৰুকৈয়ে ব্যাঘাত জন্মাই থাকিব। পুৰুষানুক্ৰমে চলি অহা নতুন বছৰৰ আদৰণি জনোৱা কাৰ্যক পৰিৱৰ্তন কৰি লৈ ভোগ কৰি অহা সমস্যাবোৰ সমাধানত গুৰুত্ব আৰোপ কৰিলেহে এনে আদৰণি পৰ্ব সাৰ্থক হোৱাৰ আশা কৰিব পাৰি। এই ক্ষেত্ৰত সকলোৰে কৰণীয় বাৰুকৈয়ে প্ৰয়োজন আছে। নহ’লে সৰ্ব সাধাৰণৰ জীৱন পৰিক্ৰমাত সপোন আৰু বাস্তৱৰ ৰুঢ়তাই নেতিবাচক প্ৰভাৱ পেলোৱা কাৰ্য ধ্ৰুব সত্য হিচাপে বিবেচিত হৈ ৰ’ব। এনে নেতিবাচক প্ৰভাৱ যুগমীয়া হ’ব আৰু তাৰ ফলত উত্তৰ প্ৰজন্ম বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ’ব ।অসমত ১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা বিশেষ দুটা সঙ্গ্ৰামৰ ক্ৰম অনুসৰি উল্লেখ কৰিলে এটি হ’ব সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত হোৱা অসম আন্দোলন য’ত বিদেশী সমস্যাই আছিল প্ৰধান আৰু আনটো হৈছে আলফাৰ স্বাধীন অসমৰ বাবে সশস্ত্ৰ সঙ্গ্ৰাম। সম্প্ৰতি এই দুই সঙ্গ্ৰামৰ শেষ ৰক্ষা কি দৰে হ’ব তাৰ খাটাং ফলশ্ৰুতি সুদূৰ পৰাহত যেন হে বোধহয়। কাৰণ অসম আন্দোলনৰ প্ৰধান সমস্যা বিদেশী সমস্যাই সম্প্ৰতি অসমত চৰকাৰ গঠন কৰা ৰাজনৈতিক দল সমূহৰ ভোট বেঙ্কৰ অঙ্কলৈ পৰিৱৰ্তন হৈছে আৰু অতি সম্প্ৰতি সন্দেহযুক্ত নাগৰিক আখ্যা দি চলিত শীতৰ প্ৰকোপৰ মাজতো চৰকাৰী পক্ষৰ উদ্যোগত উচ্ছেদ কৰি চৰম ভাবে মানৱতাক উলঙ্ঘন কৰা দৃষ্টিগোচৰ হৈছে। এনেধৰণৰ কৰ্ম কাণ্ডৰ দ্বাৰা কোনো সমস্যাৰ সমাধান হোৱাৰ সলনি অভূতপূৰ্ব সমস্যাৰ সৃষ্টি হোৱাত সহায়হে কৰে। বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত যূগুত কৰা নাগৰিক পঞ্জীৰ কাম এতিয়া প্ৰধান সমস্যা হৈ পৰিছে। মূল সমস্যাৰ সমাধান সুদূৰ পৰাহত।আলফাৰ স্বাধীন অসম সাম্প্ৰতিক অসমত কিমান প্ৰাসঙ্গিক সেয়া বিচাৰ্যৰ বিষয় হৈ পৰিছে। কাৰণ আলফা এতিয়া দুটা ভাগত বিভক্ত। স্বাধীনতা পন্থী আৰু আলোচনা পন্থী। তেওঁলোকৰ মাজতেই নীতি আদৰ্শৰ বৈপৰীত্যই দেখা দিছে। আলফাৰ প্ৰধান সেনাধ্যক্ষ পৰেশ বৰুৱা স্বাধীন অসমৰ সপক্ষে অটল হৈ থকাৰ বিপৰীতে আলফাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে অৰবিন্দ ৰাজখোৱা আৰু অনুপ তেতিয়াই আলোচনাৰ মাজেৰেহে এই সমস্যাটি সমাধানৰ পক্ষপাতী বুলি আগ্ৰহ প্ৰকাশ কৰি আহিছে। চলিত ২০২৩ বৰ্ষৰ আৰম্ভণিতেই আলফা (স্বাধীন) আৰু অসম চৰকাৰে প্ৰদান কৰা বক্তব্য অনুসৰি দুয়োটা পক্ষই পৰস্পৰে বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰিছে। য’ত প্ৰধান অন্তৰায় হৈ পৰিছে আলফা (স্বাধীন)ৰ সাৰ্বভৌম অসমৰ বিষয়টি। অৱশ্যে দুয়ো পক্ষই নিচৰ্ত ভাৱে আলোচনাত মিলিত হ’লে নিশ্চিত ভাৱে সমাধান ওলালহেতেন। কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য কৰিলে বহু আকাংক্ষিত শান্তি আলোচনা যে অনুষ্ঠিত হ’ব সেয়া আশাতীত হৈ পৰিছে। এনে সময়ত সচেতন নাগৰিক সকলৰ দায়বদ্ধতাই ফলপ্ৰসূ সমাধান সুত্ৰ আবিষ্কাৰত বিশেষ ভাৱে উপকাৰত আহিব বুলি গভীৰ ভাবে আশা কৰিব পাৰি। । এই সময়ত সচেতন নাগৰিক সকল আৰু জাতীয়তাবাদী সঙ্গঠন সমূহ স্ব ইচ্ছাই আগবাঢ়ি আহিব লাগিব।এই দুই প্ৰধান সমস্যাৰ উপৰিও বিৰাট নিবনুৱা সমস্যা, বাকী থকা ভেঞ্চাৰ বিদ্যালয় প্ৰাদেশীকিকৰণ, টিউটৰ সকলক শিক্ষক হিচাপে উন্নীতকৰণ , নৱ প্ৰাদেশীকৃত বিদ্যালয়ৰ কাৰ্য্যালয় সহায়ক আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পদ নিয়মীয়াকৰণ , অত্যাধিক মূল্য বৃদ্ধি, চৰকাৰী খণ্ডৰ বিদ্যালয় সমূহৰ দুৰৱস্থা , চৰকাৰী কাৰ্যালয় সমূহত চলি থকা অবাধ দূৰ্নীতি , জনজীৱনৰ সকলো বিষয়কে ৰাজনীতিকৰণ কৰা, গৰাখহনীয়াৰ সমস্যা , মৃতপ্ৰায় হৈ থকা ৰাজহুৱা খণ্ডৰ উদ্দ্যোগ সমূহ ৰ উজ্বিবিতকৰণ আৰু বিভিন্ন উৎসৰ পৰা অত্যাধিক ভাবে অসম চৰকাৰে লোৱা ধাৰ আদি এশ এবুৰি সমস্যাই অসমবাসীৰ বাবে ভয়ানক হৈ পৰিবলৈ বেছি দিন হয়তো নালাগিব।প্ৰতি ৩৬৫ দিনৰ মূৰত এটি নতুন বছৰ আহে আৰু পৃথিৱী নিশেষ নোহোৱালৈকে ইয়াৰ পুনৰাবৃত্তি হৈয়েই থাকিব। নাচ গান কৰি মাতাল হৈ নতুন বছৰটিক আদৰণি জনালেই নহ’ব । পুৰণি বছৰটিৰ পৰা আহি নতুন বছৰটিত যোগ হোৱা সমস্যাবোৰৰ লগতে নতুন বছৰৰ নতুন সমস্যাবোৰ কি দৰে সমাধান কৰিব পাৰি সেই সম্পৰ্কতো জন সাধাৰণৰ পূৰ্ণ মাত্ৰাই দায়বদ্ধতা জাগ্ৰত হ’ব লাগিব। তেতিয়াহে প্ৰকৃতাৰ্থত স্বদেশ আৰু স্বজাতিৰ সপোনৰ ৰাম ৰাজ্য খনি প্ৰতিষ্ঠা হ’ব।