সপোনৰ ছায়াযাত্ৰা
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
কিছু কথা হওঁক,
তোমাৰ বিষয়ে,
কিছু কথা হওঁক
মোৰ বিষয়ে।
আৰু কিছু কথা হওঁক আমাৰ বিষয়ে।
স্মৃতিৰ পাতত আঁকি থোৱা
হৃদয়ৰ গোপন অনুভূতিৰ টোপোলাখনি
এজনে আন জনৰ নামত
সপোন ৰচা আশা খিনি ।
সেই অপ্ৰকাশিত নীৰৱ
সন্ধ্যাবোৰৰ কথাখিনি।
কিছু গল্প হওক,
তোমাৰ বিষয়ে,
কিছু গল্প হওঁক মোৰ
মোৰ বিষয়ে,
আৰু কিছু গল্প হওঁক আমাৰ বিষয়ে।
মান -অভিমান, খং- মৰম
এৰা -ধৰা সম্পৰ্কৰ ধৰম।
জীৱনৰ সোঁৱৰণি ভৰা পাতত,
অমলিন সপোনৰ অক্ষৰবোৰে
লিখি ৰখা আমাৰ কথা।
মিঠা -তিতা কাহিনীৰ আধাৰত
লিখা আমাৰ দুয়োৰে প্ৰেম গাথা।
কিছু সপোন হওক,
উশাহৰ দৰে মিঠা,
কিছু হওঁক নিমৰ দৰে তিতা।
আন কিছু হওঁক
নিদ্ৰাৰ চকুত সাঁচি থোৱা
গভীৰ আকাশৰ তৰা ।
তোমাৰ মনত উলমি থাকক
এক ব্যাকুল অপেক্ষাৰ হেঁপাহ,
সূৰ্য্য উদয়ৰ ৰঙীণ কুঁহিপাতত
উজ্বলি উঠক নতুন সপোনৰ উশাহ।