সদৌ গুৱাহাটী গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ মুকলি বিহু

সদৌ গুৱাহাটী গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ মুকলি বিহু

ৰঙিলী বাৰ্ত্তাসেৱা-  এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বিগত বছৰবোৰৰ দৰে এইবেলিও ৰঙালী বিহুটি দেওবাৰে মেট্ৰপলিটান হাইস্কুল প্ৰাংগনত মুকলিকৈ আয়োজন কৰা হয়। সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ আৰু বিহুৰ পতাকা উত্তোলন কৰে ক্ৰমে সদৌ গুৱাহাটী সমিতিৰ সভাপতি নুৰ ৰহমান আৰু ছয়মাইল দ্বাৰান্দা অঞ্চলৰ বিশেষ সচেতন আৰু সমাজকৰ্মী ব্যক্তি মতলিবুদ্দিন আহমেদে৷”সম্প্ৰীতি ছোৱালী বিহু হুঁচৰি দল”ৰ সুন্দৰ হুঁচৰি প্ৰদৰ্শনৰ জৰিয়তে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। শুভাৰম্ভণিৰ আগতে মুকলি বিহুটি শুভ উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি নুৰুল হকে। সুদূৰ শিৱসাগৰৰ পৰা আমন্ত্ৰণ কৰি অনা জিকিৰ-জাৰীৰ খ্যাতিসম্পন্ন শিল্পী আজিমুদ্দিন আহমেদ আৰু তেওঁৰ সংগীবৃন্দৰ দ্বাৰা বিহুতলীত প্ৰদৰ্শিত কৰা জাৰী নৃত্য, বিহুগীতৰ জনপ্ৰিয় শিল্পী কুশল কাশ্যপৰ বিহুগীত, বিহুগীতৰ উদীয়মান কিশোৰ শিল্পী ছৈফ চেলিমৰ আধুনিক আৰু বিহু সুৰীয়া গীত, ব্যতিক্ৰমী তথা শিশু শিল্পীৰে বাদ্যযন্ত্ৰৰ দ্বাৰা গঠিত জনপ্ৰিয় মিউজিকেল বেণ্ড “নাদ ব্ৰহ্ম”ৰ দ্বাৰা অনুষ্ঠান প্ৰদৰ্শন, য’ত মূল গায়িকা চিত্ৰপলৰ শ্ৰুতিমধুৰ গীত পৰিৱেশন, জনপ্ৰিয় বিহু শিল্পীৰ দ্বাৰা গঠিত “ৰূপহী অসম বিহু হুঁচৰি দল”ৰ সুন্দৰ হুঁচৰি প্ৰদৰ্শন আছিল অনুষ্ঠানটিৰ মূল আকৰ্ষণ। মুকলি বিহুত বৃহত্তৰ অঞ্চলৰ বিহুবলীয়া ৰাইজৰ লগতে ভালেমান আমন্ত্ৰিত অতিথি উপস্থিত আছিল। বৃহত্তৰ গুৱাহাটীৰ ৫২ খন বিহু সমিতিক লৈ গঠিত “বৃহত্তৰ গুৱাহাটী বিহু সন্মিলন সমন্বয় সমিতি”ৰ সাধাৰণ সম্পাদক অজয় তালুকদাৰ, উত্তৰ-পূৰ্বাঞ্চল খিলঞ্জীয়া মঞ্চৰ মুখ্য আহ্বায়ক অনুপ চেতিয়া, খিলঞ্জীয়া মঞ্চ অসমৰ সভাপতি মৃণাল হাজৰিকা, অপৰূপা মহিলা গোটৰ প্ৰতিস্থাপক ৰুণা লাইলা, গুৱাহাটীস্থিত স্বেচ্ছাসেৱী অনুষ্ঠান Raindrops initiative Assamৰ প্ৰতিস্থাপক আবিদ আজাদ, Northeast Disable Development Societyৰ সভাপতি নিৰঞ্জণ কলিতা, অসম চৰকাৰৰ গৰিয়া উন্নয়ন পৰিষদৰ অধ্যক্ষ হাফিজুল আহমেদ, কেন্দ্ৰীয় যুটীয়া সাধাৰণ সম্পাদক চহিদ আলী আহমেদ, কেন্দ্ৰীয় উপদেষ্টা ফাইজুৰ ৰহমান, সদৌ ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি নবীন জহৰিছা, সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়নৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম, শিশুৰোগ বিশেষজ্ঞ ডা০ জিন্নাত আৰা বেগম, অসমীয়া বোলছবি আৰু ধাৰাবাহিক তথা ভ্ৰাম্যমাণ জগতৰ জনপ্ৰিয় অভিনেত্ৰী কবিতা দুৱাৰ, ছয়মাইল অঞ্চলৰ বিশিষ্ট সমাজ সেৱিকা মঞ্জুলিকা বৰা, ফখৰুদ্দিন আলী আহমেদ নগৰৰ ঈদগাহ মছজিদ কমিটীৰ সম্পাদক মহম্মদ নিসাদ আহমেদকে ধৰি ভালেমান অনুষ্ঠান প্ৰতিষ্ঠানৰ নেতৃস্থানীয় ব্যক্তিসকল