সদৌ আন্তঃ মহাবিদ্যালয় ‘মহাবীৰ লাচিত কাপ’ ফুটবল প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ কোকৰাঝাৰ ” ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ৰ” চূড়ান্ত বিজয়ী

সদৌ আন্তঃ মহাবিদ্যালয় ‘মহাবীৰ লাচিত কাপ’ ফুটবল প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণৰ কোকৰাঝাৰ ” ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ৰ” চূড়ান্ত বিজয়ী

ৰঙিলী বাৰ্ত্তাসেৱা-  দিছপুৰ মহাবিদ্যালয় আৰু ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ৰ মাজত অনুষ্ঠিত হৈছিল “মহাবীৰ লাচিত কাপ” ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেল।অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ অসম প্ৰদেশ আৰু অসম ফুটবল সন্থাৰ যৌথ উদ্যোগত সমগ্ৰ অসমত সমগ্ৰ অসমত ‘মহাবীৰ লাচিত কাপ’ (অনুৰ্ধ্ব -২০) ফুটবল প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। য’ত সমগ্ৰ অসমৰ শিক্ষানুষ্ঠান সমূহক লৈ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ প্ৰথম অৱস্থাত জিলা পৰ্যায়ত, তাৰ পাছত জ’নেল পৰ্যায়ত অনুষ্ঠিত হৈ অন্তত ৰাজ্যিক পৰ্যায়ত অনুষ্ঠিত হয়। সমগ্ৰ অসমৰ ৩৬ খন জিলাৰ ৩০১ খন শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰা এই ‘মহাবীৰ লাচিত কাপ’ ফুটবল প্ৰতিযোগিতাত অসমৰ ফুটবলৰ ইতিহাসত সৰ্ববৃহৎ ফুটবল প্ৰতিযোগিতা হিচাপে চিহ্নিত হয়। এই প্ৰতিযোগিতাৰ চুড়ান্ত খেল খন গুৱাহাটীৰ চাই খেল পথাৰত দিছপুৰ মহাবিদ্যালয় আৰু ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ৰ মুখামুখি হয়। খেল খনত ইউ এন ব্ৰহ্ম মহাবিদ্যালয়ে দিছপুৰ মহাবিদ্যালয়ক ১-০ গ’লৰ ব্যৱধানত পৰাস্ত “মহাবীৰ লাচিত কাপ” ফুটবল প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণ চুড়ান্ত বিজয়ীৰ খিতাপ দখল কৰে।